--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৭ বছৰীয়া কেৰিয়াৰত এদিনো ছুটী লোৱা নাছিল তেওঁ! এনে নিদৰ্শন দাঙি ধৰিছে বাৰ্গাৰ কিঙৰ এজন কৰ্মচাৰী কেভিন ফৰ্ডে। আনকি লোৱা নাছিল সাপ্তাহিক ছুটীও! কেভিনৰ কোম্পানীয়ে অৱশ্যে এনে এজন বিৰল আৰু নিষ্ঠাবান শ্ৰমিকক চিনি পোৱা নাছিল প্ৰথমতে। চিনেমাৰ টিকট, ষ্টাৰবাকছ চাইপাৰ আৰু কেইটামান চকলেট সহ গুডী বেগ লাভ কৰিছিল তেওঁ। কিন্তু কেভিনৰ কন্যা ছেৰেনাই পিতৃক দিলে চমক,  যি কথা পিতৃয়ে সপোনতো কল্পনা কৰিব পৰা নাছিল।

এতিয়া প্ৰশ্ন হৈছে ছেৰেনাই কি কৰিলে? পিতৃৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি স্বৰূপে তেওঁ ছ’চিয়েল মিডিয়াক বাচি লৈছিল। ক্ৰাউড ফাণ্ডিং ৱেবছাইট ‘গো ফাউণ্ড মি’লৈ গৈ পিতৃৰ যুঁজৰ কাহিনী ক’বলৈ গৈ ছেৰেনাই কয় যে, কেভিনে তেওঁলোকক ডাঙৰ-দীঘল কৰিবলৈ এই অসম্ভৱ কামটো কৰিছিল। ছেৰেনাৰ পিতৃৰ সংগ্ৰামৰ কাহিনী এতিয়া অনুপ্ৰেৰণা হিচাপে লৈছে নেটি‌জেনে। কেৱল কেভিনক সমৰ্থন কৰাই নহয়। জানিব পৰা মতে, কেভিনে প্ৰায় ১ কোটি ১৭ লাখ টকাৰ অনুদান সংগ্ৰহ কৰিছে। সপোন সপোন লগা কথাবোৰ  ছেৰেনাই কল্পনাই কৰিব পৰা নাছিল। জানিব পৰা মতে কমেডিয়ান তথা অভিনেতা ডেভিদ স্পেডে প্ৰথমে ৫ হাজাৰ ডলাৰ দান কৰিছিল। ভাৰতীয় মুদ্ৰাত প্ৰায় ৩.৯ লাখ টকা। বহুতে লগতে কয় যে, তেওঁৰ কোম্পানীয়ে এইদৰে নিষ্টাৰে কাম কৰা কৰ্মচাৰী কেভিনক বহু আগতেই স্বীকৃতি দিয়াৰ প্ৰয়োজন আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ