--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত দুয়োৰে সাক্ষাত্‍। দেওবাৰে পুৱা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে আলিয়া ভাটে। ইমান দিনৰ কামৰ মানসিক চাপৰ পিছত বিনিদ্ৰ, ক্লান্ত শৰীৰ। আনহাতে, স্বামী ৰণবীৰ কাপুৰৰ দুচকুত নাই টোপনি! নিজ পত্নীক এৰি টোপনি আহে কেনেকৈ। নোকোৱাকৈয়ে পত্নীক বিমানবন্দৰৰ পৰা নিবলৈ আহিছিল ৰণবীৰে। গাড়ীত থকা স্বামীক দেখি আপ্লুত হৈ পৰা আলিয়াই জপিয়াই পৰে ৰণবীৰৰ কোলাত! দুয়ো যেন এটা কথাৰেই দিছে ইংগিত- এতিয়া আৰু কাম নহয়, কেৱল জিৰণি আৰু নতুন অতিথিৰ প্ৰতীক্ষা।

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই মুহূৰ্তত আলিয়াই আৰু কোনো ছবিত চুক্তি স্বাক্ষৰ কৰা নাই। অৱশ্যে, আলিয়াৰ মাতৃ হোৱাৰ বিষয়টোৰ লগতে তেওঁৰ সপোনবোৰ চুৰমাৰ হৈ নপৰাটোৱে মনে-প্ৰাণে আশা কৰে ৰণবীৰে। ভাৰসাম্য ৰক্ষা কৰি জীৱনটো চলাই নিব পাৰি বুলি একপ্ৰকাৰ নিশ্চিত ৰণবীৰ।

ঋষি কাপুৰৰ একমাত্ৰ পুত্ৰৰ কণ্ঠত আত্মবিশ্বাসৰ আভাস পোৱা গৈছে। কয়, ‘আগৰ প্ৰজন্মৰ শিশুৰ সকলৰ দায়িক ত্ব মাতৃৰ ওপৰতে আছিল। পিতৃসকল আছিল কৰ্মত ব্যস্ত। পিছে , এতিয়া সময় সলনি হৈছে। মই এজন ভাল পিতৃ হ’ব বিচাৰো। সন্তানৰ কাষত থাকি মই মোৰ সন্তানক সংগ দিব খোজো। অভিভাৱক হিচাপে আমি দায়িত্ব ভাগ কৰিবলৈ সাজু।’ ইয়াৰ জৰিয়তে আলিয়াইয়ো সামান্য সকাহ পাব বুলি ৰণবীৰৰ বিশ্বাস।

উল্লেখ্য যে, বিগত এপ্ৰিল মাহত ‘ৰণলিয়া’ বিবাহ পাশত আৱদ্ধ হৈছিল।  অতি কম সময়ৰ ভিতৰতে ধুমুহাৰ গতিৰে নতুন জীৱন আগবাঢ়িছে দুয়োৰে। বিবাহৰ পিছত দুখন চহৰত তিনিমাহ একেলগে সময় অতিবাহিত কৰিছে। শেহতীয়াকৈ দুয়োৰে পৰিয়াললৈ নতুন সদস্যৰ আগমনৰ বাতৰি শ্বেয়াৰ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ