--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত দুয়োৰে সাক্ষাত্‍। দেওবাৰে পুৱা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে আলিয়া ভাটে। ইমান দিনৰ কামৰ মানসিক চাপৰ পিছত বিনিদ্ৰ, ক্লান্ত শৰীৰ। আনহাতে, স্বামী ৰণবীৰ কাপুৰৰ দুচকুত নাই টোপনি! নিজ পত্নীক এৰি টোপনি আহে কেনেকৈ। নোকোৱাকৈয়ে পত্নীক বিমানবন্দৰৰ পৰা নিবলৈ আহিছিল ৰণবীৰে। গাড়ীত থকা স্বামীক দেখি আপ্লুত হৈ পৰা আলিয়াই জপিয়াই পৰে ৰণবীৰৰ কোলাত! দুয়ো যেন এটা কথাৰেই দিছে ইংগিত- এতিয়া আৰু কাম নহয়, কেৱল জিৰণি আৰু নতুন অতিথিৰ প্ৰতীক্ষা।

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই মুহূৰ্তত আলিয়াই আৰু কোনো ছবিত চুক্তি স্বাক্ষৰ কৰা নাই। অৱশ্যে, আলিয়াৰ মাতৃ হোৱাৰ বিষয়টোৰ লগতে তেওঁৰ সপোনবোৰ চুৰমাৰ হৈ নপৰাটোৱে মনে-প্ৰাণে আশা কৰে ৰণবীৰে। ভাৰসাম্য ৰক্ষা কৰি জীৱনটো চলাই নিব পাৰি বুলি একপ্ৰকাৰ নিশ্চিত ৰণবীৰ।

ঋষি কাপুৰৰ একমাত্ৰ পুত্ৰৰ কণ্ঠত আত্মবিশ্বাসৰ আভাস পোৱা গৈছে। কয়, ‘আগৰ প্ৰজন্মৰ শিশুৰ সকলৰ দায়িক ত্ব মাতৃৰ ওপৰতে আছিল। পিতৃসকল আছিল কৰ্মত ব্যস্ত। পিছে , এতিয়া সময় সলনি হৈছে। মই এজন ভাল পিতৃ হ’ব বিচাৰো। সন্তানৰ কাষত থাকি মই মোৰ সন্তানক সংগ দিব খোজো। অভিভাৱক হিচাপে আমি দায়িত্ব ভাগ কৰিবলৈ সাজু।’ ইয়াৰ জৰিয়তে আলিয়াইয়ো সামান্য সকাহ পাব বুলি ৰণবীৰৰ বিশ্বাস।

উল্লেখ্য যে, বিগত এপ্ৰিল মাহত ‘ৰণলিয়া’ বিবাহ পাশত আৱদ্ধ হৈছিল।  অতি কম সময়ৰ ভিতৰতে ধুমুহাৰ গতিৰে নতুন জীৱন আগবাঢ়িছে দুয়োৰে। বিবাহৰ পিছত দুখন চহৰত তিনিমাহ একেলগে সময় অতিবাহিত কৰিছে। শেহতীয়াকৈ দুয়োৰে পৰিয়াললৈ নতুন সদস্যৰ আগমনৰ বাতৰি শ্বেয়াৰ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু