--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত বহু প্ৰেম কাহিনী গঢ় লৈ উঠে। কিছুমান প্ৰেম কাহিনী সকলোৰে মাজত চৰ্চিত হয়।তাৰে কিছুমান প্ৰেমে বিবাহৰ ৰূপ লয় আৰু কিছুমানে নলয়। কিছুমান প্ৰেম কাহিনী গোপনে থাকে। গোপনে সেই প্ৰেম মৰহিও যায়, যি কোনেও গম নাপায়। তেনে এক প্ৰেম কাহিনী হ’ল অভিনেতা সঞ্জীৱ কুমাৰ আৰু অভিনেত্ৰী শ্বাবানা আজমীৰ প্ৰেম কাহিনী। সঞ্জীৱ-শ্বাবানাৰ প্ৰেম কাহিনী কেতিয়াও ৰাজহুৱা হোৱা নাছিল। সঞ্জীৱ-শ্বাবানাৰ প্ৰেম কিয় ভাঙি গ'ল জানেনে? 



বলীউডত সঘনাই প্ৰেম গঢ় লৈও উঠে আৰু সঘনাই ভংগও হয়। কিছুমান সম্পৰ্কৰ খবৰ সংবাদ মাধ্যমৰ শিৰোনাম হয় আৰু কিছুমান খবৰ কোনেও গমকে নাপায়। তেনে এক বাস্তৱ অসমাপ্ত প্ৰেম কাহিনীৰ নায়ক-নায়িকা আছিল সঞ্জীৱ কুমাৰ আৰু শ্বাবানা আজমী। শেহতীয়াকৈ অভিনেতা সঞ্জীৱ কুমাৰৰ বায়’গ্ৰাফীত শ্বাবানা আজমীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে বহু অজ্ঞাত তথ্য প্ৰকাশ পাইছে। শ্বাবানা আজমী আৰু সঞ্জীৱ কুমাৰে ইজনে সিজনক বহুদিনৰ পৰা চিনি পাইছিল। ১৯৬৯ চনত অভিনেত্ৰীগৰাকীৰ মাতৃৰ সৈতে প্ৰথম কাম কৰিছিল সঞ্জীৱ কুমাৰে। সঞ্জীৱ কুমাৰ আৰু শ্বাবানাৰ মাজত প্ৰথমে বন্ধুত্ব গঢ়ি উঠে আৰু সেই বন্ধুত্বই পাছলৈ প্ৰেমৰ ৰূপ লয়।



সঞ্জীৱ কুমাৰ আছিল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান। সঞ্জীৱ কুমাৰে এই প্ৰেমৰ কথা মাতৃৰ আগত খুলি কয়। মাতৃয়ে এই সম্পৰ্কক মানি নলওঁ বুলি কয়। মুছলমান ছোৱালীক বিয়া পাতিলে সঞ্জীৱ কুমাৰক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ কথা কয় মাতৃয়ে। এই কথা শুনি সঞ্জীৱ কুমাৰৰ মন ভাগি পৰে। মাকৰ মনত দুখ দিব নিবিচাৰি সঞ্জীৱ কুমাৰে সেই সম্পৰ্ক সিমানতে শেষ কৰাৰ সিদ্ধান্ত লয়। পিছত শ্বাবানাই বলীউডৰ প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জাভেদ আখতাৰ বিবাহিত আছিল। জাভেদ আখতাৰে ফাৰহান আৰু জোয়া আখতাৰৰ মাতৃ হনি ইৰাণীক বিবাহ বিচ্ছেদ দি শ্বাবানাৰ লগত সংসাৰ আৰম্ভ কৰে। জাভেদ আখতাৰ আৰু শ্বাবানাৰ কোনো সন্তান নাই। 



এক সাক্ষাৎকাৰত শ্বাবানাই কয় যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ মাতৃ হ’ব নোৱাৰিলে। এই কথাই তেওঁৰ হৃদয় ভাঙি পেলাইছিল। অৱশ্যে জাভেদ আখতাৰ আৰু শ্বাবানাৰ বৈবাহিক জীৱন সুখৰ। জাভেদ আখতাৰে কয় যে তেওঁলোকৰ মাজত প্ৰেম আছে, কিন্তু তেওঁলোকৰ বন্ধুত্ব প্ৰেমতকৈও শক্তিশালী। শ্বাবানা ইমানেই ভাল বন্ধু যে বিবাহে তেওঁলোকৰ বন্ধুত্বত প্ৰভাৱ পেলাব পৰা নাছিল। আনহাতে সঞ্জীৱ কুমাৰ সমগ্ৰ জীৱন অবিবাহিত হৈ থাকিল। শ্বাবানাৰ সৈতে তেওঁৰ প্ৰেমৰ কথা কোনেও গম পোৱা নাছিল কিন্তু হেমা মালিনী, নূতনৰ সৈতে থকা তেওঁৰ প্ৰেম ৰাজহুৱা হৈছিল। কাৰ বাবে তেওঁ বিয়া নকৰোৱাকৈ ৰৈ গ’ল সেই কথা গম পোৱা নাযায়। ৪৭ বছৰ বয়সত অকাল মৃত্যুক সাৱটি লয় সঞ্জীৱ কুমাৰে।


 
উল্লেখ্য যে ৯ জুলাইত সঞ্জীৱ কুমাৰৰ জন্ম জয়ন্তীত তেওঁৰ বায়’গ্ৰাফী ‘সঞ্জীৱ কুমাৰ: দ্য এক্টৰ উই অল লাভড’ উন্মোচন কৰা হয়। অনিল কাপুৰে উন্মোচন কৰে এই গ্ৰন্থখন। এই গ্ৰন্থখন সঞ্জীৱ কুমাৰৰ ভতিজা উদয় জাৰিৱালাই লেখিকা ৰীতা ৰামমূৰ্তি গুপ্তাৰ সৈতে মিলি লিখি উলিয়াইছে। এই দুজনৰ সৈতে অনিল কাপুৰে মুকলি কৰে প্ৰয়াত অভিনেতাগৰাকীৰ জীৱনী গ্ৰন্থ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ