--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰীয়ে পিন্ধি থকা চোলাৰ ভিতৰত ডেৰ কিলোগ্ৰাম সোণ লুকুৱাই আনি অৱশেষত ধৰা পৰিছে৷ কৰ্মচাৰীজনে সম্পূৰ্ণ দীঘল হাতৰ পিন্ধিছিল আৰু হাতৰ অংশতেই সেই সোণ খিনি লুকুৱাই আনিছিল৷ কৰ্মচাৰী জনে দুয়োখন হাতত প্লাষ্টিকত মেৰিয়াই থোৱা সোণৰ পতি পিন্ধি আহিছিল ।

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীজনে এনেদৰে প্ৰায় ১.৫ কিলোগ্ৰাম সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ  পৰিকল্পনা কৰিছিল। কিন্তু বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে শুল্ক বিভাগে লোক জনক  গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে৷জানিব পৰা মতে অভিযুক্ত কৰ্মচাৰীৰ নাম শফি। তেওঁ বুধবাৰে বাহৰেইনৰ পৰা কোচিলৈ যোৱা বিমানত কৰ্তব্যৰত আছিল। কেৰালা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত শফিয়ে বাকী যাত্ৰীসকলৰ দৰে  বিমানৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিছিল।

 কিন্তু শুল্ক বিষয়াসকলৰ ওচৰত  তথ্য আছিল যে বাহৰেইনৰ পৰা চোৰাংকৈ সোণ অনা হ'ব পাৰে। অনুসন্ধান কৰি থকাৰ সময়তে  শফি ধৰা পৰে। তেওঁ প্ৰায় ১.৫ কিলোগ্ৰাম  ভাৰতলৈ কঢ়িয়াই আনিছিল৷ সকলোৰে চকুত ধুলি দিবলৈ সোণৰ  পতিবোৰ প্লাষ্টিকত মেৰিয়াই হাতত বান্ধি লোৱা হৈছিল। শুল্ক বিভাগে ইতিমধ্যে শফিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। 

কিন্তু প্ৰশ্ন উত্থাপিত হয়, তেওঁ কেনেকৈ এই বৃহৎ পৰিমাণৰ সোণৰ সৈতে বিমানখনত উঠিবলৈ সক্ষম হৈছিল? অৱশ্যে, এয়াৰ ইণ্ডিয়াই ঘটনাটোক তীব্ৰ গৰিহণা দিছে। কোম্পানীটোৱে  কৈছে যে অভিযুক্ত শফিক চাকৰিৰ পৰা  নিলম্বিত কৰা হৈছে। তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদনৰ আধাৰত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব পাৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত