--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ এগৰাকী কৰ্মচাৰীয়ে পিন্ধি থকা চোলাৰ ভিতৰত ডেৰ কিলোগ্ৰাম সোণ লুকুৱাই আনি অৱশেষত ধৰা পৰিছে৷ কৰ্মচাৰীজনে সম্পূৰ্ণ দীঘল হাতৰ পিন্ধিছিল আৰু হাতৰ অংশতেই সেই সোণ খিনি লুকুৱাই আনিছিল৷ কৰ্মচাৰী জনে দুয়োখন হাতত প্লাষ্টিকত মেৰিয়াই থোৱা সোণৰ পতি পিন্ধি আহিছিল ।

এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীজনে এনেদৰে প্ৰায় ১.৫ কিলোগ্ৰাম সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ  পৰিকল্পনা কৰিছিল। কিন্তু বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে শুল্ক বিভাগে লোক জনক  গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে৷জানিব পৰা মতে অভিযুক্ত কৰ্মচাৰীৰ নাম শফি। তেওঁ বুধবাৰে বাহৰেইনৰ পৰা কোচিলৈ যোৱা বিমানত কৰ্তব্যৰত আছিল। কেৰালা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত শফিয়ে বাকী যাত্ৰীসকলৰ দৰে  বিমানৰ পৰা ওলাই যাবলৈ চেষ্টা কৰিছিল।

 কিন্তু শুল্ক বিষয়াসকলৰ ওচৰত  তথ্য আছিল যে বাহৰেইনৰ পৰা চোৰাংকৈ সোণ অনা হ'ব পাৰে। অনুসন্ধান কৰি থকাৰ সময়তে  শফি ধৰা পৰে। তেওঁ প্ৰায় ১.৫ কিলোগ্ৰাম  ভাৰতলৈ কঢ়িয়াই আনিছিল৷ সকলোৰে চকুত ধুলি দিবলৈ সোণৰ  পতিবোৰ প্লাষ্টিকত মেৰিয়াই হাতত বান্ধি লোৱা হৈছিল। শুল্ক বিভাগে ইতিমধ্যে শফিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। 

কিন্তু প্ৰশ্ন উত্থাপিত হয়, তেওঁ কেনেকৈ এই বৃহৎ পৰিমাণৰ সোণৰ সৈতে বিমানখনত উঠিবলৈ সক্ষম হৈছিল? অৱশ্যে, এয়াৰ ইণ্ডিয়াই ঘটনাটোক তীব্ৰ গৰিহণা দিছে। কোম্পানীটোৱে  কৈছে যে অভিযুক্ত শফিক চাকৰিৰ পৰা  নিলম্বিত কৰা হৈছে। তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদনৰ আধাৰত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ