--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ কোচবিহাৰত অৱস্থিত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ইহলীলা সম্বৰণ। বৈষ্ণৱ সমাজৰ মহাতীর্থ ভূমি তথা শংকৰ-মাধৱ দুয়োজনা গুৰুৰ মহাপ্রয়াণস্থলী মধুপুৰ সত্ৰত এতিয়া বিৰাজমান শোকৰ ছাঁ। দীর্ঘদিনৰ পৰা জটিল ৰোগত ভুগি থকা সত্ৰখনৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই ৭৫ বছৰ বয়সত বৈকুণ্ঠগামী হয়। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি বিগত দুমাহৰ পৰা চিকিৎসাধীন হৈ আছিল লক্ষ্মীকান্ত মহন্ত৷ সত্ৰাধিকাৰ মহন্তৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে অসমৰ লগতে পশ্চিমবংগৰ ভকত বৈষ্ণৱ সমাজক।

লক্ষ্মীকান্ত মহন্তৰ জন্ম হৈছিল নগাঁও জিলাৰ ননো পাৰি গাঁৱত। কর্মসূত্রে তেওঁ আছিল নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী। তেওঁ পূৰ্বৰে পৰা নিজৰ চাকৰিত কৈ বৈষ্ণৱ ধৰ্মৰ প্ৰতি বেছি আকৃষ্ট আছিল। ২০০১ চনত তেওঁ মধুপুৰ সত্ৰত নিৰ্মালি গ্ৰহণ কৰি ডেকা সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰিছিল। কেইবছৰমান পিছত তেওঁ স্ব ইচ্ছাই নিজ চাকৰিৰ পৰা অব্যাহতি লয়।

উল্লেখ্য যে লক্ষ্মীকান্ত মহন্তই ২০০১ চনৰ পৰা ২০১২ চনলৈ ১১ বছৰ ডেকা সত্ৰাধিকাৰ আৰু ২০১২ চনৰ পৰা ২০২১ চনলৈ তেওঁ বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰে।

চৰম সমস্যাৰ সন্মুখীন হৈয়ো সত্ৰখন সুচাৰুৰূপে চলাবলৈ মৃত্যুৰ পূৰ্বলৈ লক্ষ্মীকান্ত মহন্তই অহোপুৰুষাৰ্থ চেষ্টা চলাই গৈছিল। 

২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ বৃক্কৰ ৰোগ আৰু মধুমেহ ৰোগত আক্রান্ত হয়। চৰকাৰী ভাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হয়।

পিছত নিয়মীয়াভাবে কোচবিহাৰৰ ডাঃ পি. কে. সাহা হাস্পাতালত বৃক্কৰ চিকিৎসা তথা ডায়েলাইছিছ কৰি আছিল। অৱশেষত সত্ৰাধিকাৰগৰাকীয়ে ইহলীলা সম্বৰণ কৰে।

তেওঁৰ মৃত্যু সত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি বুলি গণ্য কৰা হৈছে। সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য মধুপুৰ সত্ৰৰ তুৰ্ষা নৈৰ পাৰত কৰা হ'ব বুলি সদৰী কৰিছে মধুপুৰ সত্ৰৰ ডেকা আতৈ মাধৱদেৱ মহন্তই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ