--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই। বৃহস্পতিবাৰে পুৱতি নিশা সতীশ কৌশিকে আকস্মিক মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ। ১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দৰগড়ত জন্মগ্ৰহণ কৰিছিল সতীশ কৌশিকে। দিল্লীৰ কিৰোৰী মল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত সতীশ কৌশিকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত নামভৰ্তি কৰে। 

১৯৮৩ চনত ‘জানে ভি দো য়াৰো’ ছবিৰ পৰাই তেওঁৰ অভিনয় জীৱন আৰম্ভ হৈছিল। সতীশ কৌশিকে ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ১৯৯৩ চনত তেওঁ ‘ৰূপ কি ৰাণী, চোৰ কা ৰাজা’ ছবিৰে পৰিচালক হিচাপে ইনিংছ আৰম্ভ কৰে আৰু তাৰপাছত ডজনৰো অধিক ছবি পৰিচালনা কৰে।

মিষ্টাৰ ইণ্ডিয়া ছবিৰ পৰা অভিনয়ত জগতত জিলিকি উঠিছিল সতীশ কৌশিক। সতীশ কৌশিকে অনিল কাপুৰৰ প্ৰায়বোৰ ছবিতে অভিনয় কৰিছিল। তেওঁ কমিকৰ লগতে গুৰুত্বপূৰ্ণ চৰিত্ৰততো অভিনয় কৰিছিল। সতীশ কৌশিকক ১৯৯০ চনত ‘ৰাম লখান’ ছবিৰ বাবে আৰু ১৯৯৭ চনত ‘সাজন চালে সসুৰাল’ ছবিৰ বাবে শ্ৰেষ্ঠ কমেডিয়ানৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হৈছিল।

সতীশ কৌশিকে সদায় হাঁহি থাকি ভাল পাইছিল। তেওঁ কোনো কাৰণত কেতিয়াও হতাশ হোৱা নাছিল। সকলোৰে লগত হাঁহি হাঁহি তেওঁ শেহতীয়াকৈ হৈ যোৱা হোলীৰ আনন্দতো ভাগ লৈছিল আৰু ফটোও শ্বেয়াৰ কৰিছিল। কিন্তু হঠাৎ কাল নিয়তিয়ে তেওঁক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল। হাৰ্ট এটেক হৈয়ে সতীশ কৌশিকে মৃত্যুক সাবটি লোৱা বুলি ধাৰণা কৰা হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ