--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপ আজিকালি অতি সাধাৰণ হৈ পৰিছে। এই সমস্যা বাঢ়ি অহাৰ লগে লগে হৃদযন্ত্ৰত গভীৰ প্ৰভাৱ পৰাৰ বাবে হাৰ্ট এটেকৰ আশংকা থাকে। ইয়াৰ লগতে ডায়েবেটিছ আৰু কিডনীৰ লগত জড়িত সমস্যাও দ্ৰুতগতিত বৃদ্ধি পায়। কৰ্মচাপ, বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস উচ্চ ৰক্তচাপৰ আঁৰৰ কাৰণ হ’ব পাৰে। এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজত কিছু পৰিৱৰ্তন কৰি সতেজ ফলৰ ৰস খাব পাৰে। ব্ৰেকফাষ্টৰ লগত ইয়াৰ যিকোনো এটা সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ ৰস

১/ নাৰিকল পানী- নানা গুণেৰে সমৃদ্ধ নাৰিকল পানী সেৱন কৰিলে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহুগুণে কম হয়। ৰক্তচাপ ৰোগীৰ বাবে ই অতি উপকাৰী। নাৰিকল পানীত থকা পটাছিয়ামৰ অধিক পৰিমাণে শৰীৰত ছডিয়ামৰ প্ৰভাৱ কমোৱাত সহায় কৰে।

২/ বীটৰ ৰসঃ বীটত ভিটামিন, কেলচিয়াম, আইৰণ, এণ্টি-অক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়েল, এণ্টি-ভাইৰেল গুণ থাকে। ইয়াৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩/ ডালিমৰ ৰসঃ ভিটামিন, আইৰণ, ফ’লেট, এণ্টি-অক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়েল গুণ ডালিমত পোৱা যায়। ইয়াৰ ৰস সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।
 
৪/ বিলাহীৰ ৰসঃ বিলাহীত ভিটামিন, কেলচিয়াম, আইৰণ, এন্টি অক্সিডেন্ট, এন্টি বেক্টেৰিয়েল গুণ থাকে। ইয়াক কেঁচাকৈ খালে বা দৈনিক ১ গিলাচ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
 
৫/ জবা ফুলৰ ৰসঃ এক গৱেষণাৰ মতে জবা ফুলৰ ৰস সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াত থকা এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-বেক্টেৰিয়েল গুণে উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে আৰু লগতে শৰীৰক অন্য ৰোগৰ চিকাৰৰ পৰাও ৰক্ষা কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ