--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপ আজিকালি অতি সাধাৰণ হৈ পৰিছে। এই সমস্যা বাঢ়ি অহাৰ লগে লগে হৃদযন্ত্ৰত গভীৰ প্ৰভাৱ পৰাৰ বাবে হাৰ্ট এটেকৰ আশংকা থাকে। ইয়াৰ লগতে ডায়েবেটিছ আৰু কিডনীৰ লগত জড়িত সমস্যাও দ্ৰুতগতিত বৃদ্ধি পায়। কৰ্মচাপ, বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস উচ্চ ৰক্তচাপৰ আঁৰৰ কাৰণ হ’ব পাৰে। এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ দৈনন্দিন কাম-কাজত কিছু পৰিৱৰ্তন কৰি সতেজ ফলৰ ৰস খাব পাৰে। ব্ৰেকফাষ্টৰ লগত ইয়াৰ যিকোনো এটা সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হ’ব।

উচ্চ ৰক্তচাপৰ পৰা হাত সাৰিবলৈ ৰস

১/ নাৰিকল পানী- নানা গুণেৰে সমৃদ্ধ নাৰিকল পানী সেৱন কৰিলে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বহুগুণে কম হয়। ৰক্তচাপ ৰোগীৰ বাবে ই অতি উপকাৰী। নাৰিকল পানীত থকা পটাছিয়ামৰ অধিক পৰিমাণে শৰীৰত ছডিয়ামৰ প্ৰভাৱ কমোৱাত সহায় কৰে।

২/ বীটৰ ৰসঃ বীটত ভিটামিন, কেলচিয়াম, আইৰণ, এণ্টি-অক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়েল, এণ্টি-ভাইৰেল গুণ থাকে। ইয়াৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩/ ডালিমৰ ৰসঃ ভিটামিন, আইৰণ, ফ’লেট, এণ্টি-অক্সিডেণ্ট, এণ্টি-বেক্টেৰিয়েল গুণ ডালিমত পোৱা যায়। ইয়াৰ ৰস সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে।
 
৪/ বিলাহীৰ ৰসঃ বিলাহীত ভিটামিন, কেলচিয়াম, আইৰণ, এন্টি অক্সিডেন্ট, এন্টি বেক্টেৰিয়েল গুণ থাকে। ইয়াক কেঁচাকৈ খালে বা দৈনিক ১ গিলাচ ৰস খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।
 
৫/ জবা ফুলৰ ৰসঃ এক গৱেষণাৰ মতে জবা ফুলৰ ৰস সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াত থকা এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-বেক্টেৰিয়েল গুণে উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে আৰু লগতে শৰীৰক অন্য ৰোগৰ চিকাৰৰ পৰাও ৰক্ষা কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক