--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ পাছত তিক্ত সমালোচনাৰ সন্মুখীন হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। বাইডেনৰ দূৰদৰ্শী চিন্তাৰ অভাৱৰ বাবেই আফগানভূমিত অস্বাভাৱিক পৰিস্থিতিৰ উদয় হোৱা বুলিও মতপোষণ কৰিছে বিশেষজ্ঞ মহলে। শেহতীয়াকৈ পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে ৰাষ্ট্ৰপতি বাইডেনৰ নাম। তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে ন ন অভিযোগ। বাইডেনৰ মৈ-মতালিয়ে তালিবানক অধিক প্ৰভাৱান্বিত কৰা বুলিও দাবী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বল্টনৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাইডেনৰ সিদ্ধান্তই মৌলবাদী সংগঠনটোক পাৰমাণৱিক অস্ত্ৰ লাভৰ পথ প্ৰশস্ত কৰা বুলি জন বল্টনে সদৰী কৰিছে।

তেওঁ কয়, ‘তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লৈছে। ভৱিষ্যতে পাকিস্তানো নিজৰ দখললৈ নিব পাৰে তালিবানে। পাকিস্তান যদি তালিবানৰ হাতলৈ যায় তেতিয়া পাৰমাণৱিক অস্ত্ৰৰে ধনী হৈ পৰিব তালিবান।’ পাকিস্তানৰ ওপৰত চীনৰ যথেষ্ট প্ৰভাৱ আছে। শেহতীয়াকৈ চীনৰ দপদপনিয়ে ভাৰতকো শংকিত কৰি নোতোলা নহয়! চীনে আনকি ভাৰতৰ ওপৰত অধিক চাপহে সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত জন বল্টনৰ শেহতীয়া মন্তব্যই গুৰুত্ব বহন কৰা দেখা গৈছে। উল্লেখ্য যে, জন বল্টনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনত ২০১৮ৰ এপ্ৰিলৰ পৰা ২০১৯ৰ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জো বাইডেনে শাসমভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্ব দৰবাৰত বিব্ৰত কৰি ৰাখিছে। বাইডেনৰ তেওঁৰ প্ৰশাসনৰ বৈদেশিক নীতিৰ ওপৰত নিয়ন্ত্ৰণ আছে নে নাই তাকে লৈও এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰশক্তিৰ মাজতো নান প্ৰশ্নৰ উদয় হৈছে। পৰৱৰ্তী সময়ত বাইডেনে কেনে পন্থা হাতত লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ