--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ পাছত তিক্ত সমালোচনাৰ সন্মুখীন হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। বাইডেনৰ দূৰদৰ্শী চিন্তাৰ অভাৱৰ বাবেই আফগানভূমিত অস্বাভাৱিক পৰিস্থিতিৰ উদয় হোৱা বুলিও মতপোষণ কৰিছে বিশেষজ্ঞ মহলে। শেহতীয়াকৈ পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে ৰাষ্ট্ৰপতি বাইডেনৰ নাম। তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে ন ন অভিযোগ। বাইডেনৰ মৈ-মতালিয়ে তালিবানক অধিক প্ৰভাৱান্বিত কৰা বুলিও দাবী আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বল্টনৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাইডেনৰ সিদ্ধান্তই মৌলবাদী সংগঠনটোক পাৰমাণৱিক অস্ত্ৰ লাভৰ পথ প্ৰশস্ত কৰা বুলি জন বল্টনে সদৰী কৰিছে।

তেওঁ কয়, ‘তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লৈছে। ভৱিষ্যতে পাকিস্তানো নিজৰ দখললৈ নিব পাৰে তালিবানে। পাকিস্তান যদি তালিবানৰ হাতলৈ যায় তেতিয়া পাৰমাণৱিক অস্ত্ৰৰে ধনী হৈ পৰিব তালিবান।’ পাকিস্তানৰ ওপৰত চীনৰ যথেষ্ট প্ৰভাৱ আছে। শেহতীয়াকৈ চীনৰ দপদপনিয়ে ভাৰতকো শংকিত কৰি নোতোলা নহয়! চীনে আনকি ভাৰতৰ ওপৰত অধিক চাপহে সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত জন বল্টনৰ শেহতীয়া মন্তব্যই গুৰুত্ব বহন কৰা দেখা গৈছে। উল্লেখ্য যে, জন বল্টনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনত ২০১৮ৰ এপ্ৰিলৰ পৰা ২০১৯ৰ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জো বাইডেনে শাসমভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্ব দৰবাৰত বিব্ৰত কৰি ৰাখিছে। বাইডেনৰ তেওঁৰ প্ৰশাসনৰ বৈদেশিক নীতিৰ ওপৰত নিয়ন্ত্ৰণ আছে নে নাই তাকে লৈও এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰশক্তিৰ মাজতো নান প্ৰশ্নৰ উদয় হৈছে। পৰৱৰ্তী সময়ত বাইডেনে কেনে পন্থা হাতত লয় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু