--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰত-চীনৰ সীমা বিবাদে সামান্য সু্স্থিৰতা অৰ্জনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে পুনৰ তীব্ৰ প্ৰৰোচনামূলক কাৰ্য আৰম্ভ কৰিছে পিপলছ লিবাৰেচন আৰ্মী চমুকৈ পিএলএ-ই। এইবাৰ ভাৰতৰ ভূমিত অশ্বাৰোহী চীনা সৈন্যই চলাইছে তাণ্ডৱ। পিএলএৰ ১০০ সৈন্যই উত্তৰাখণ্ডৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰি এখন দলঙৰ ক্ষতিসাধন কৰা বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত। বাৰাহোটী এলেকাত থকা এখন দলঙৰ ক্ষতিসাধন কৰি এইদল অশ্বাৰোহী চীনা সৈন্যই চীনলৈ উভতি যায়।

ইকনমিক টাইমছ কাকতত এই উদ্বেগজনত বাতৰি প্ৰকাশ পাইছে। কাকতখনত প্ৰৱেশ কৰা মতে ভাৰতৰ ভূমিৰ কমেও পাঁচ কিলোমিটাৰলৈ প্ৰৱেশ কৰিছিল চীনৰ সৈন্যৰ দলটোৱে। তুনজুন-লা পাছেৰে প্ৰৱেশ কৰিছিল শতাধিক চীনা সৈন্য। ৫৫টা ঘোঁৰাত উঠি এইসকল সৈন্যই ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল আৰু ভাৰতৰ সম্পত্তিৰ ক্ষতিসাধন কৰি ভাৰতীয় সৈন্যৰ মুখামুখি হোৱাৰ পূৰ্বেই নিজ ভূখণ্ডলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

ভাৰতৰ নিৰাপত্তা বাহিনীৰ এক সূত্ৰৰ আঁত ধৰি বাতৰিটোত কোৱা হৈছে যে, বাৰাহোটী এলেকাত চীনৰ সৈন্যদলে প্ৰায় তিনিঘণ্টা ঘূৰা-ফিৰা কৰিছিল। স্থানীয় লোকে প্ৰথমে চীনৰ পিএলএ-ৰ এনে অবাঞ্চিত গতিবিধিৰ বিষয়ে প্ৰকাশ কৰে আৰু তাৰ পাছতে ভাৰতীয় সেনা আৰু আইটিবিপিৰ জোৱানে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ