--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘কমলা হেৰিছে যদি পাৰে, ছোনিয়া গান্ধীয়ে কি নোৱাৰিব? তেৱোঁ ভাৰতীয় নাগৰিক। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী তথা সংসদৰ সদস্য। ২০০৪ চনত ইউপিএ শাসনলৈ অহাৰ সময়ত ছোনিয়া গান্ধীয়েই প্ৰধানমন্ত্ৰী হোৱা উচিত আছিল।’ কথাখিনি গান্ধী পৰিয়ালৰ অনুৰক্ত কোনো কংগ্ৰেছ নেতাৰ ভাষ্য যেন লাগিলেও এই কথাখিনি কৈছে পিছে বিজেপিৰ সহযোগী দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীয়েহে।

ছোনিয়া গান্ধীক ভাৰতীয় মূলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা-হেৰিছেৰে তুলনা কৰি একপ্ৰকাৰ চমকেই দিছে এইগৰাকী নেতাই। এই নেতাগৰাকী হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে। সাধাৰণতে বিজেপিয়ে বিভিন্ন সময়ত ইটালীয়ানৰ টেগ লগাই সমালোচনা তথা কটু বাক্য শুনাই আহিছে ছোনিয়া গান্ধীক। ৰাহুল-প্ৰিয়ংকাও সাৰি যোৱা নাই এনে মন্তব্যৰ পৰা। পিছে পৰম্পৰা ভাঙি বিজেপিৰ সহযোগী দল আৰপিআইৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ আঠাৱালেই কৰিছে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য। তেওঁৰ যুক্তি স্পষ্ট। কমলা হেৰিছ ভাৰতীয় মূলৰ হৈ যদি মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ আসনত বহিব পাৰে ছোনিয়া ভাৰতীয় নাগৰিক হৈ কিয় নোৱাৰিব? সংবাদ প্ৰতিষ্ঠান এএনআইত তেওঁৰ উদ্ধৃতিৰে এইকথা প্ৰকাশ পাইছে। ছোনিয়া গান্ধীৰ বিদেশিনী বুলি থকা টেগকো তেওঁ অর্থহীন আখ্যা দিয়ে।

‘যেতিয়া ২০০৪ চনত ইউপিএ শাসনলৈ আহিছিল তেতিয়া মই প্ৰস্তাৱ দিছিলোঁ যে, ছোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হোৱা উচিত। তেওঁৰ বিদেশী মূলৰ হোৱাক লৈ চলা বিতৰ্কও অৰ্থহীন বুলি মই ভাবোঁ।’ ইন্দোৰত সাংবাদিকৰ আগত তেওঁ এই মন্তব্য কৰে। নিজৰ অশোধিত মন্তব্যৰ বাবে সততে চৰ্চাত থকা আঠাৱালেই লগতে কয় যে, ছোনিয়া নহ’লেও ডঃ মনমোহন সিঙৰ সলনি এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰকহে প্ৰধানমন্ত্ৰী পতাটো প্ৰয়োজন আছিল। কিন্তু ছোনিয়া গান্ধীয়ে সেয়া নকৰিলে বুলি তেওঁ মন্তব্য কৰে। পাৱাৰ প্ৰধানমন্ত্ৰী হ’লে কংগ্ৰেছ অধিক শক্তিশালী স্থিতিত থাকিলহেঁতেন আৰু এতিয়া দলটোৱে সন্মুখীন হোৱা বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগিলহেঁতেন বুলিও তেওঁ মত প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ