--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ‘কমলা হেৰিছে যদি পাৰে, ছোনিয়া গান্ধীয়ে কি নোৱাৰিব? তেৱোঁ ভাৰতীয় নাগৰিক। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী তথা সংসদৰ সদস্য। ২০০৪ চনত ইউপিএ শাসনলৈ অহাৰ সময়ত ছোনিয়া গান্ধীয়েই প্ৰধানমন্ত্ৰী হোৱা উচিত আছিল।’ কথাখিনি গান্ধী পৰিয়ালৰ অনুৰক্ত কোনো কংগ্ৰেছ নেতাৰ ভাষ্য যেন লাগিলেও এই কথাখিনি কৈছে পিছে বিজেপিৰ সহযোগী দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীয়েহে।

ছোনিয়া গান্ধীক ভাৰতীয় মূলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা-হেৰিছেৰে তুলনা কৰি একপ্ৰকাৰ চমকেই দিছে এইগৰাকী নেতাই। এই নেতাগৰাকী হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে। সাধাৰণতে বিজেপিয়ে বিভিন্ন সময়ত ইটালীয়ানৰ টেগ লগাই সমালোচনা তথা কটু বাক্য শুনাই আহিছে ছোনিয়া গান্ধীক। ৰাহুল-প্ৰিয়ংকাও সাৰি যোৱা নাই এনে মন্তব্যৰ পৰা। পিছে পৰম্পৰা ভাঙি বিজেপিৰ সহযোগী দল আৰপিআইৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ আঠাৱালেই কৰিছে এনে তাৎপৰ্যপূৰ্ণ মন্তব্য। তেওঁৰ যুক্তি স্পষ্ট। কমলা হেৰিছ ভাৰতীয় মূলৰ হৈ যদি মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ আসনত বহিব পাৰে ছোনিয়া ভাৰতীয় নাগৰিক হৈ কিয় নোৱাৰিব? সংবাদ প্ৰতিষ্ঠান এএনআইত তেওঁৰ উদ্ধৃতিৰে এইকথা প্ৰকাশ পাইছে। ছোনিয়া গান্ধীৰ বিদেশিনী বুলি থকা টেগকো তেওঁ অর্থহীন আখ্যা দিয়ে।

‘যেতিয়া ২০০৪ চনত ইউপিএ শাসনলৈ আহিছিল তেতিয়া মই প্ৰস্তাৱ দিছিলোঁ যে, ছোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হোৱা উচিত। তেওঁৰ বিদেশী মূলৰ হোৱাক লৈ চলা বিতৰ্কও অৰ্থহীন বুলি মই ভাবোঁ।’ ইন্দোৰত সাংবাদিকৰ আগত তেওঁ এই মন্তব্য কৰে। নিজৰ অশোধিত মন্তব্যৰ বাবে সততে চৰ্চাত থকা আঠাৱালেই লগতে কয় যে, ছোনিয়া নহ’লেও ডঃ মনমোহন সিঙৰ সলনি এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰকহে প্ৰধানমন্ত্ৰী পতাটো প্ৰয়োজন আছিল। কিন্তু ছোনিয়া গান্ধীয়ে সেয়া নকৰিলে বুলি তেওঁ মন্তব্য কৰে। পাৱাৰ প্ৰধানমন্ত্ৰী হ’লে কংগ্ৰেছ অধিক শক্তিশালী স্থিতিত থাকিলহেঁতেন আৰু এতিয়া দলটোৱে সন্মুখীন হোৱা বিশৃংখল পৰিস্থিতিৰ সন্মুখীন হ’ব নালাগিলহেঁতেন বুলিও তেওঁ মত প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু