--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ আকাশ ঢাকি উৰিছে ৰাছিয়াৰ যুদ্ধবিমান। ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি বহু গুৰুত্বপূ্ৰ্ণ স্থানত এতিয়া ৰুছ সৈন্যৰ টিঘিল-ঘিলনি। ইউক্ৰেইনৰ সামৰিক ঘাটীবোৰকে ধৰি বিভিন্ন অসামৰিক স্থানতো আক্ৰমণ চলিছে ৰুছ সৈন্যৰ। আবাসিক অট্টালিকাতো আঘাত হানিছে ৰুছ মিছাইলে। ৰুছ-ইউক্ৰেইনৰ এই প্ৰাণান্তক যুদ্ধৰ সময়ত বিশ্বৰ বিভিন্ন শক্তিধৰ দেশৰ ভূমিকাক লৈ চলিছে সৰৱ চৰ্চা। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে ইউক্ৰেইনক যুদ্ধক্ষেত্ৰত অকলশৰীয়া কৰি তোলা বুলি খোদ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে অভিযোগ কৰিছে। এনেবোৰ ঘটনাপ্ৰবাহৰ মাজতে মুখ খুলিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাছিয়াই নাটোৰ দৰে মহাশক্তি তথা আমেৰিকাৰ দৰে দেশক একপ্ৰকাৰ নস্যাৎ কৰি নিজৰ আগ্ৰাসন অব্যাহত ৰখা বিষয়টোক সহজভাৱে ল’ব পৰা নাই ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ইয়াৰ বাবে আমেৰিকাকে ধৰি নাটোৰ অংশীদাৰ দেশবোৰৰ নেতাসকলৰ দুৰ্বলতাকে দায়ী কৰিছে। ইউক্ৰেইনৰ নাটোত চামিল হোৱাৰ কুচকাৱাজক প্ৰতিহত কৰাৰ বাবেই ৰাছিয়াই চুবুৰীয়া দেশখনত এই সামৰিক অভিযান চলোৱা বুলি অভিযোগ উঠিছে। এই অভিযানৰ বাবে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন যিমান নিন্দিত হৈছে, সিমানেই নিন্দিত হৈছে নাটোৰ অংশীদাৰ দেশসমূহো। আমেৰিকাৰ দৰে দেশে ইউক্ৰেইনৰ নাগৰিকক দেশখনৰ পৰা আঁতৰাই নিয়াত সহায় কৰিবলৈ দিয়া প্ৰস্তাৱ সবলভাৱে প্ৰত্যাখ্যান কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰি জেলেনস্কিয়ে কৰিছে তাৎপৰ্যুপূৰ্ণ মন্তব্য। তেওঁ কৈছে যে, ইউক্ৰেইনে সমৰক্ষেত্ৰতহে সহযোগিতা বিচাৰিছে পলোৱাৰ বাবে সহায়ৰ প্ৰয়োজন নাই। স্বদেশৰ প্ৰতি আন্তৰিকতা আৰু স্বাভিমানৰ নিদৰ্শন দাঙি ধৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সমৰক্ষেত্ৰত তেওঁলোক দৃঢ় হৈ ৰোৱাৰ কথা ঘোষণা কৰিছে। এইবোৰৰ মাজতে ট্ৰাম্পৰ মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ট্ৰাম্পে কয় যে, বাইডেনৰ দুৰ্বলতাৰ বাবেই ৰাছিয়াই এই সামৰিক আগ্ৰাসন চলাবলৈ সুবিধা পাইছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ পৰাজয়ক জালিয়াতি আখ্যা দিয়া ট্ৰাম্পে সেই অভিযোগ উত্থাপন কৰি কয় যে, ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত জালিয়াতি নকৰা হ’লে অৰ্থাৎ তেওঁ শাসনৰ পৰা উফৰি নপৰা হ’লে এনে সংকটৰ সৃষ্টি নহ’লহেঁতেন বুলিও তেওঁ অভিযোগ কৰে। তেওঁ কয় যে, সমস্যাটো এয়া নহয় যে, পুটিন এজন স্মাৰ্ট নেতা। সমস্যা হৈছে যে, বাকী নেতাসকল অতি অবোধ। তেওঁ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে বাইডেনক ঢোলৰ দৰে বজোৱা বুলিও কটাক্ষ কৰে। বাইডেনৰ বিৰুদ্ধে ট্ৰাম্পৰ এই অভিযোগে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। বাইডেন ট্ৰাম্পৰ সংঘাত বিশ্বৰ বাবে নতুন কথা নহয় যদিও শেহতীয়া পৰিস্থিতিত বাইডেনৰ ভূমিকা প্ৰশ্নৰ ঊৰ্ধ্বত নিশ্চয় নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে