--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া এটা পৰিসংখ্যাত প্ৰকাশ পাইছে যে ইন্টাৰনেট ব্যৱহাৰ কৰা দেশৰ ভিতৰত আয়াৰলেণ্ড দ্বিতীয় শীৰ্ষ স্থানত আছে। দেশখনৰ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। এই পৰিসংখ্যা ইউৰোপীয় ইউনিয়নৰ ২৭ খন ৰাষ্ট্ৰৰ ভিতৰত কৰা হৈছে। বৰ্তমান সময়ত মানুহৰ দৈনন্দিন জীৱনত ইন্টাৰনেটৰ ব্যৱহাৰ অপৰিহাৰ্ষৰ দৰে হৈ পৰিছে। সকলোৱে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে ইন্টাৰনেটক বাদ দি যেন পৃথিৱীখন বিকল। কিন্তু এতিয়াও এনে কিছু ঠাই আছে য’ত ইন্টাৰনেটৰ ব্যৱহাৰ অত্যন্ত সীমিত। তেনে সময়তে আয়াৰলেণ্ডৰ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যই দেশখনৰ ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয়তা প্ৰকাশ কৰিছে। ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ তুলনাত আয়াৰলেণ্ডত দ্বিতীয় সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰ কৰা হয়। অই ২৭ খন দেশৰ ভিতৰত আছে, অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰোৱেছিয়া, চাইপ্ৰাছ গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেডাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভাকিয়া, স্লোভেনিয়া, স্পেইন আৰু চুইডেন। ২০২১ চনত আয়াৰলেণ্ডৰ ৯৭ শতাংশ পৰিয়ালে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল আৰু ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশত ফিনলেণ্ডৰ সৈতে এইটো দ্বিতীয় সৰ্বাধিক হাৰ আছিল। কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ‘আয়াৰলেণ্ডৰ প্ৰগতি মাপক, ২০২০’ শীৰ্ষক এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। ইউৰোপীয় ইউনিয়নৰ পৰিসংখ্যা কাৰ্যালয় ইউৰোষ্টেটৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ডৰ ইউৰোপীয় ইউনিয়ন-২৭ত সৰ্বাধিক হাৰ আছিল আৰু দুয়োখন দেশত ঘৰুৱা ইণ্টাৰনেট প্ৰৱেশৰ হাৰ ৯৯ শতাংশত উপনীত হৈছিল। বুলগেৰিয়াৰ ইউৰোপীয় ইউনিয়ন-২৭ত সৰ্বনিম্ন হাৰ আছিল, দেশৰ মাত্ৰ ৮৪ শতাংশ পৰিয়ালে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল। ইণ্টাৰনেটৰ প্ৰৱেশাধিকাৰ থকা আয়াৰলেণ্ডৰ পৰিয়ালৰ শতাংশ ২০১৭ চনত ৮৮ শতাংশৰ পৰা ২০২১ চনত ৯৭ শতাংশলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ২০২১ চনত ইউৰোপীয় ইউনিয়ন-২৭ত ঘৰুৱা ইণ্টাৰনেট প্ৰৱেশাধিকাৰৰ গড় হাৰ আছিল ৯২ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক