--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া এটা পৰিসংখ্যাত প্ৰকাশ পাইছে যে ইন্টাৰনেট ব্যৱহাৰ কৰা দেশৰ ভিতৰত আয়াৰলেণ্ড দ্বিতীয় শীৰ্ষ স্থানত আছে। দেশখনৰ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ এটা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। এই পৰিসংখ্যা ইউৰোপীয় ইউনিয়নৰ ২৭ খন ৰাষ্ট্ৰৰ ভিতৰত কৰা হৈছে। বৰ্তমান সময়ত মানুহৰ দৈনন্দিন জীৱনত ইন্টাৰনেটৰ ব্যৱহাৰ অপৰিহাৰ্ষৰ দৰে হৈ পৰিছে। সকলোৱে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে ইন্টাৰনেটক বাদ দি যেন পৃথিৱীখন বিকল। কিন্তু এতিয়াও এনে কিছু ঠাই আছে য’ত ইন্টাৰনেটৰ ব্যৱহাৰ অত্যন্ত সীমিত। তেনে সময়তে আয়াৰলেণ্ডৰ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যই দেশখনৰ ইন্টাৰনেটৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয়তা প্ৰকাশ কৰিছে। ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ তুলনাত আয়াৰলেণ্ডত দ্বিতীয় সৰ্বাধিক ইন্টাৰনেট ব্যৱহাৰ কৰা হয়। অই ২৭ খন দেশৰ ভিতৰত আছে, অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰোৱেছিয়া, চাইপ্ৰাছ গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেডাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভাকিয়া, স্লোভেনিয়া, স্পেইন আৰু চুইডেন। ২০২১ চনত আয়াৰলেণ্ডৰ ৯৭ শতাংশ পৰিয়ালে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল আৰু ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশত ফিনলেণ্ডৰ সৈতে এইটো দ্বিতীয় সৰ্বাধিক হাৰ আছিল। কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ‘আয়াৰলেণ্ডৰ প্ৰগতি মাপক, ২০২০’ শীৰ্ষক এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে। ইউৰোপীয় ইউনিয়নৰ পৰিসংখ্যা কাৰ্যালয় ইউৰোষ্টেটৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে লাক্সেমবাৰ্গ আৰু নেডাৰলেণ্ডৰ ইউৰোপীয় ইউনিয়ন-২৭ত সৰ্বাধিক হাৰ আছিল আৰু দুয়োখন দেশত ঘৰুৱা ইণ্টাৰনেট প্ৰৱেশৰ হাৰ ৯৯ শতাংশত উপনীত হৈছিল। বুলগেৰিয়াৰ ইউৰোপীয় ইউনিয়ন-২৭ত সৰ্বনিম্ন হাৰ আছিল, দেশৰ মাত্ৰ ৮৪ শতাংশ পৰিয়ালে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল। ইণ্টাৰনেটৰ প্ৰৱেশাধিকাৰ থকা আয়াৰলেণ্ডৰ পৰিয়ালৰ শতাংশ ২০১৭ চনত ৮৮ শতাংশৰ পৰা ২০২১ চনত ৯৭ শতাংশলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ২০২১ চনত ইউৰোপীয় ইউনিয়ন-২৭ত ঘৰুৱা ইণ্টাৰনেট প্ৰৱেশাধিকাৰৰ গড় হাৰ আছিল ৯২ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে