--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শুকুৰবাৰে প্ৰায় ডেৰ ঘণ্টাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। ইয়াৰদ্বাৰা কমলা হেৰিছ কিছু সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা আমেৰিকাৰ প্ৰথমগৰাকী মহিলাৰূপে পৰিগনিত হয়। কমলা হেৰিছক ৮৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতি পদৰ অধিকাৰ দিয়া হয় বুলি হোৱাইট হাউচে জনায়।

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে এক বিশেষ স্বাস্থ্য পৰীক্ষাৰ বাবে ৱাল্টাৰ ৰীড নেশ্যনেল মিলিটেৰী মেডিকেল চেণ্টাৰত ভৰ্তি হয়। শুকুৰবাৰে বাইডেনক কলন'স্কপিৰ বাবে এনাস্থেচিয়া দিয়া হয় আৰু সেই সময়খিনিৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতিৰ ক্ষমতা অৰ্পন কৰা হয়। বাইডেনে স্থানীয় সময় অনুসৰি পুৱা ১০:১০ বজাত সংসদৰ নেতাসকলক ক্ষমতা হস্তান্তৰৰ কথা জনায় আৰু পুনৰ ১১:৩৫ বজাত ক্ষমতা ওভতাই লয়।

উল্লেখ্য যে, ২০১৯ চনৰ ডিচেম্বৰ মাহত জ' বাইডেনে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল। চিকিৎসকে বাইডেনক সুস্থ আৰু 'ৰাষ্ট্ৰপতিৰ কৰ্তব্য সফলতাৰে পালন কৰিব পৰাকৈ উপযুক্ত' বুলি জনাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু