--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজিকালি অদ্ভূত অদ্ভূত ফেশ্বনৰ প্ৰতি যুৱচামৰ একাংশ বৰকৈ আকৰ্ষিত হোৱা দেখা যায়। জাৰ্মানীৰ এজনে যুৱকে ফেশ্বনৰ নামত যি কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। নিজকে যুৱতীৰ দৰে সজাবলৈ যুৱকজনে কৰিলে প্লাষ্টিক ছাৰ্জাৰী তাৰ বাবে তেওঁ খৰচ কৰিলে ৫৮ লাখ টকা। যুৱকজনৰ নাম পেট্ৰিক মাষ্ট। ২৭ বছৰীয়া পেট্ৰিক বাস কৰে জাৰ্মানীৰ ফ্ৰেংকফুর্টত। পেট্ৰিকৰ নতুন ৰূপ দেখি সকলো লোক আচৰিত হৈ পৰিছে।

তেওঁ নিজে নক'লে কোনেও গমেই নাপায় যে পেট্ৰিক প্ৰকৃততে এজন ল'ৰাহে। পেট্ৰিকে লিংগ পৰিৱৰ্তন কৰা নাই আৰু তেওঁ কেতিয়াও লিংগ পৰিৱৰ্তন কৰিব নিবিচাৰে। মাত্ৰ তেওঁ দেখাতহে যুৱতীৰ দৰে হ'ব বিচাৰিছিল। নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পেট্ৰিকে বোটক্স, ফিলাৰ্চ আৰু প্লাষ্টিক ছাৰ্জাৰী কৰাইছিল। চেহেৰা সলনি কৰিবলৈ তেওঁ এটা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হৈছিল। পেট্ৰিকৰ ব্লিচ কৰা সোণালী চুলি, দীঘল চকুৰ পতা আৰু ওঁঠ দেখি কাৰো জনাৰ সাধ্য নাই যে তেওঁ এজন যুৱক হে যুৱতী নহয়।

আৰু পঢ়কঃ অভিযন্তাৰ চাকৰি এৰি কৃষক হ’ল দুই যুৱক! বছৰি উপাৰ্জন ২ কোটিতকৈও অধিক

১৮ বছৰ বয়সতে তেওঁৰ মনত যুৱতীৰ দৰে জীৱন যাপন কৰা সপোনে পোখা মেলিছিল। পেট্ৰিকে এই সন্দৰ্ভত কয় যে, ''মই যুৱতী আৰু পুতলাৰ চেহেৰাটো ভাল পাওঁ। সেয়েহে ময়ো তেনেকুৱা হোৱাৰ কথা ভাবিলোঁ। মই মোৰ চেহেৰাটো সলাবৰ বাবে বহু টকা খৰচ কৰি প্লাষ্টিক ছাৰ্জাৰী কৰিছোঁ । মানুহে মোৰ কথা কি ভাবে বা কি কয় সেয়া মোৰ দৰকাৰ নাই। মোৰ মনে য'ত সুখ বিচাৰি পায় মই সেয়াই কৰিম।'' উল্লেখ্য যে পেট্ৰিকৰ এবাৰ বিবাহ বিচ্ছেদ ঘটিছে। এতিয়া তেওঁ এনে এজন জীৱনসংগীৰ সন্ধানত আছে যাৰ পেট্ৰিকৰ প্লাষ্টিকৰ চেহেৰাক লৈ কোনো সমস্যা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ