--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজিকালি অদ্ভূত অদ্ভূত ফেশ্বনৰ প্ৰতি যুৱচামৰ একাংশ বৰকৈ আকৰ্ষিত হোৱা দেখা যায়। জাৰ্মানীৰ এজনে যুৱকে ফেশ্বনৰ নামত যি কৰিলে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। নিজকে যুৱতীৰ দৰে সজাবলৈ যুৱকজনে কৰিলে প্লাষ্টিক ছাৰ্জাৰী। তাৰ বাবে তেওঁ খৰচ কৰিলে ৫৮ লাখ টকা। যুৱকজনৰ নাম পেট্ৰিক মাষ্ট। ২৭ বছৰীয়া পেট্ৰিক বাস কৰে জাৰ্মানীৰ ফ্ৰেংকফুর্টত। পেট্ৰিকৰ নতুন ৰূপ দেখি সকলো লোক আচৰিত হৈ পৰিছে।

তেওঁ নিজে নক'লে কোনেও গমেই নাপায় যে পেট্ৰিক প্ৰকৃততে এজন ল'ৰাহে। পেট্ৰিকে লিংগ পৰিৱৰ্তন কৰা নাই আৰু তেওঁ কেতিয়াও লিংগ পৰিৱৰ্তন কৰিব নিবিচাৰে। মাত্ৰ তেওঁ দেখাতহে যুৱতীৰ দৰে হ'ব বিচাৰিছিল। নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ পেট্ৰিকে বোটক্স, ফিলাৰ্চ আৰু প্লাষ্টিক ছাৰ্জাৰী কৰাইছিল। চেহেৰা সলনি কৰিবলৈ তেওঁ এটা কঠিন প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হৈছিল। পেট্ৰিকৰ ব্লিচ কৰা সোণালী চুলি, দীঘল চকুৰ পতা আৰু ওঁঠ দেখি কাৰো জনাৰ সাধ্য নাই যে তেওঁ এজন যুৱক হে যুৱতী নহয়।

আৰু পঢ়কঃ অভিযন্তাৰ চাকৰি এৰি কৃষক হ’ল দুই যুৱক! বছৰি উপাৰ্জন ২ কোটিতকৈও অধিক

১৮ বছৰ বয়সতে তেওঁৰ মনত যুৱতীৰ দৰে জীৱন যাপন কৰা সপোনে পোখা মেলিছিল। পেট্ৰিকে এই সন্দৰ্ভত কয় যে, ''মই যুৱতী আৰু পুতলাৰ চেহেৰাটো ভাল পাওঁ। সেয়েহে ময়ো তেনেকুৱা হোৱাৰ কথা ভাবিলোঁ। মই মোৰ চেহেৰাটো সলাবৰ বাবে বহু টকা খৰচ কৰি প্লাষ্টিক ছাৰ্জাৰী কৰিছোঁ । মানুহে মোৰ কথা কি ভাবে বা কি কয় সেয়া মোৰ দৰকাৰ নাই। মোৰ মনে য'ত সুখ বিচাৰি পায় মই সেয়াই কৰিম।'' উল্লেখ্য যে পেট্ৰিকৰ এবাৰ বিবাহ বিচ্ছেদ ঘটিছে। এতিয়া তেওঁ এনে এজন জীৱনসংগীৰ সন্ধানত আছে যাৰ পেট্ৰিকৰ প্লাষ্টিকৰ চেহেৰাক লৈ কোনো সমস্যা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু