--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় বিপদ কেতিয়া কাৰবাবে অপেক্ষা কৰি থাকে সেয়া কোনেও নাজানে। এজন যুৱকৰ বাবে ৰাস্তাত ৰৈ আছিল ভয়ংকৰ বিপদ। কিন্তু যুৱকজনৰ হয়তো ভাগ্যদশা ভাল আছিল যাৰ বাবে তেওঁ মৃত্যুমুখৰ পৰা উভতি আহিল। ঘটনাটো হাৰিয়ানাৰ ৰোহটকৰ। ৰোহটকৰ এটা চিকিৎসকৰ দলে ৫ ঘণ্টা ধৰি চলোৱা এক সফল অস্ত্ৰোপচাৰৰ অন্তত এজন যুৱকৰ বুকুৰ পৰা দুডাল দীঘল লোহাৰ ৰড উলিয়াবলৈ সক্ষম হয়। কৰণ নামৰ ১৮ বছৰীয়া যুৱকজনে ঘৰৰ পৰা বাইকখন লৈ ওলাই গৈছিল । সন্ধিয়া সময়ত বাইক চলাই যুৱকজন গৈছিল তেল আনিবলৈ।

বাটতে কৰণে এখন লোহাৰ ৰড ভৰ্তি বাহনত খুন্দা মাৰে আৰু অতি ভয়ংকৰভাবে দুডালকৈ ৪০ ফুট দীঘল ৰড তেওঁৰ বুকুৰে সোমাই যায়। গাঁওবাসীয়ে অতি বুদ্ধিমত্তাৰে কৰণৰ বুকু ভেদি সোমাই যোৱা দীঘল ৰড দুডাল কাটি চুটি কৰে আৰু তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়। ৰড দুডালৰ আধাখিনি তেতিয়াও কৰণৰ বুকুৰ ভিতৰত সোমাই আছিল। হাস্পতালত কাৰ্ডিঅ' অস্ত্ৰোপচাৰ আৰু এনাস্থেচিয়া বিভাগৰ চিকিৎসকসকলে অতি ক্ষীপ্ৰতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি কৰণৰ বুকুৰ পৰা ৰড দুডাল বাহিৰ উলিয়ায়। ৰড দুডালে যুৱকজনৰ হাওঁফাওঁ একেবাৰে নষ্ট কৰি পেলাইছে।

আৰু পঢ়কঃ বৃদ্ধি পাইছে পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ! এই কেইটা লক্ষণক নকৰিব উপেক্ষা

কৰণ কেইদিনমান চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব। বৰ্তমান তেওঁ সংকটমুক্ত বুলি ঘোষণা কৰিছে চিকিৎসকে। অস্ত্ৰোপচাৰ সফল হোৱাৰ পিছত পৰিয়ালৰ লোকৰ লগতে চিকিৎসকৰ দলটোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। মানুহৰ শৰীৰত সোমাই যোৱা লোহা বা অন্যান্য চোকা বস্তু উলিয়াই আনিবলৈ মানুহে নিজে চেষ্টা নকৰি পোনপটীয়াকৈ চিকিৎসকৰ ওচৰলৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছে। এনে কৰিলে ৰোগীৰ জীয়াই থকাৰ অধিক সম্ভাৱনা থাকে। ৰোহটকৰ চিকিৎসকৰ দলটোৱে কয় যে এইটো দ্বিতীয়টো ভয়ংকৰ ঘটনা। ২০১১ চনতো ৰোহটকত কাম কৰা এজন শ্ৰমিকৰ শৰীৰৰ মাজেৰে এডাল লোহাৰ ৰড পাৰ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?