--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় বিপদ কেতিয়া কাৰবাবে অপেক্ষা কৰি থাকে সেয়া কোনেও নাজানে। এজন যুৱকৰ বাবে ৰাস্তাত ৰৈ আছিল ভয়ংকৰ বিপদ। কিন্তু যুৱকজনৰ হয়তো ভাগ্যদশা ভাল আছিল যাৰ বাবে তেওঁ মৃত্যুমুখৰ পৰা উভতি আহিল। ঘটনাটো হাৰিয়ানাৰ ৰোহটকৰ। ৰোহটকৰ এটা চিকিৎসকৰ দলে ৫ ঘণ্টা ধৰি চলোৱা এক সফল অস্ত্ৰোপচাৰৰ অন্তত এজন যুৱকৰ বুকুৰ পৰা দুডাল দীঘল লোহাৰ ৰড উলিয়াবলৈ সক্ষম হয়। কৰণ নামৰ ১৮ বছৰীয়া যুৱকজনে ঘৰৰ পৰা বাইকখন লৈ ওলাই গৈছিল । সন্ধিয়া সময়ত বাইক চলাই যুৱকজন গৈছিল তেল আনিবলৈ।

বাটতে কৰণে এখন লোহাৰ ৰড ভৰ্তি বাহনত খুন্দা মাৰে আৰু অতি ভয়ংকৰভাবে দুডালকৈ ৪০ ফুট দীঘল ৰড তেওঁৰ বুকুৰে সোমাই যায়। গাঁওবাসীয়ে অতি বুদ্ধিমত্তাৰে কৰণৰ বুকু ভেদি সোমাই যোৱা দীঘল ৰড দুডাল কাটি চুটি কৰে আৰু তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়। ৰড দুডালৰ আধাখিনি তেতিয়াও কৰণৰ বুকুৰ ভিতৰত সোমাই আছিল। হাস্পতালত কাৰ্ডিঅ' অস্ত্ৰোপচাৰ আৰু এনাস্থেচিয়া বিভাগৰ চিকিৎসকসকলে অতি ক্ষীপ্ৰতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি কৰণৰ বুকুৰ পৰা ৰড দুডাল বাহিৰ উলিয়ায়। ৰড দুডালে যুৱকজনৰ হাওঁফাওঁ একেবাৰে নষ্ট কৰি পেলাইছে।

আৰু পঢ়কঃ বৃদ্ধি পাইছে পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ! এই কেইটা লক্ষণক নকৰিব উপেক্ষা

কৰণ কেইদিনমান চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব। বৰ্তমান তেওঁ সংকটমুক্ত বুলি ঘোষণা কৰিছে চিকিৎসকে। অস্ত্ৰোপচাৰ সফল হোৱাৰ পিছত পৰিয়ালৰ লোকৰ লগতে চিকিৎসকৰ দলটোৱে স্বস্তিৰ নিশ্বাস পেলাইছে। মানুহৰ শৰীৰত সোমাই যোৱা লোহা বা অন্যান্য চোকা বস্তু উলিয়াই আনিবলৈ মানুহে নিজে চেষ্টা নকৰি পোনপটীয়াকৈ চিকিৎসকৰ ওচৰলৈ নিবলৈ চিকিৎসকে পৰামৰ্শ দিছে। এনে কৰিলে ৰোগীৰ জীয়াই থকাৰ অধিক সম্ভাৱনা থাকে। ৰোহটকৰ চিকিৎসকৰ দলটোৱে কয় যে এইটো দ্বিতীয়টো ভয়ংকৰ ঘটনা। ২০১১ চনতো ৰোহটকত কাম কৰা এজন শ্ৰমিকৰ শৰীৰৰ মাজেৰে এডাল লোহাৰ ৰড পাৰ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা