--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহিলাসকলৰ মাজত স্তন কেন্সাৰ বা ব্ৰেষ্ট কেন্সাৰৰ ব্যাপকতা অধিক। কিন্তু উদ্বেগজনক কথাটো হ'ল বৰ্তমান সময়ৰ জীৱন শৈলীৰ বাবে পুৰুষসকলৰ মাজতো বৃদ্ধি পাইছে ব্ৰেষ্ট কেন্সাৰৰ প্ৰাৰ্দুভাৱ। মেদবহুলতা, অত্যাধিক সুৰা পান আৰু ধূমপানৰ দৰে অভ্যাসবোৰ মানৱ জীৱনশৈলীৰ এক বেয়া অংশ। এই অভ্যাসবোৰে যুৱচামৰ মাজত ব্ৰেষ্ট কেন্সাৰৰ আশংকা বৃদ্ধি কৰিছে। পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে। যদি এইবোৰ সময়মতে সমাধান কৰা নহয়, পুৰুষ ব্ৰেষ্ট কেন্সাৰ ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হ'ব। ভাৰতত প্ৰতি বছৰে দুই-তিনিটাকৈ এনেকুৱা ঘটনা ঘটি আছে।

পুৰুষ ব্ৰেষ্ট কেন্সাৰত তেতিয়া আক্ৰান্ত হয় যেতিয়া 'Male Breast Tissue' কেন্সাৰ কোষলৈ পৰিৱৰ্তিত হয়। প্ৰায় ১০ বছৰ আগতে ব্ৰেষ্ট কেন্সাৰ ৰোগৰ সমস্যা কেৱল ৫০-৭০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত দেখা গৈছিল, কিন্তু এতিয়া ৪০-৫০ বছৰ বয়সতো পুৰুষসকল এই ৰোগৰ চিকাৰ হৈ আহিছে। মাংগালুৰুৰ কেএমচি চিকিৎসালয়ৰ ডাঃ হৰিশৰ মতে, যোৱা বছৰ পোহৰলৈ অহা ১৪০ টা কেন্সাৰ ৰোগৰ ভিতৰত দুটা আছিল পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ ৰোগ। ডাঃ হৰিশে লগতে কয় যে ব্ৰেষ্ট কেন্সাৰ ৰোগৰ ১০০ টাৰ ঘটনাৰ ভিতৰত এটা ঘটনা পুৰুষৰ সৈতে সম্পৰ্কিত। পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ ৰোগৰ ৬০-৭০ শতাংশ তৃতীয় বা শেষত ধৰা পৰে।পুৰুষৰ কৰ্কট কোষবোৰ মহিলাতকৈ অধিক আক্ৰমণাত্মকভাৱে বিয়পে। 

এই লক্ষণবোৰ উপেক্ষা নকৰিব

পুৰুষে প্ৰায়ে আলচাৰৰ দৰে লক্ষণবোৰ উপেক্ষা কৰে। এনে উপেক্ষা কেতিয়াও কৰিব নালাগে। এই লক্ষণবোৰৰ ফলত পিঠিৰ বিষ, জণ্ডিচ আৰু উশাহ চুটি চুটি হয় আৰু বৰ কষ্টৰে উশাহ ল'বলগীয়া হয়। এই লক্ষণবোৰ ব্ৰেষ্ট কেন্সাৰৰ লক্ষণো হব পাৰে বুলি ডাঃ হৰিশে সদৰী কৰিছে। গতিকে কোনো পুৰুষৰ দেহত এই লক্ষণসমূহে দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিবলৈ তেওঁ পৰামৰ্শ দিছে। পুৰুষৰ ব্ৰেষ্ট কেন্সাৰ আনুবংশিক কাৰণত হ'ব পাৰে। ইয়াৰ উপৰিও, গাইনেকোমাষ্টিয়াত ভুগি থকা লোকসকলৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অধিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?