--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ ফুট দৈৰ্ঘ্য, প্ৰায় ২২ ফুট উচ্চতা, ১৯ ফুট প্ৰস্থ। প্ৰতিটো চকাৰ বাবে পৃথক ইঞ্জিন। গাড়ীখনৰ নাম ‘হামাৰ’। ডুবাইৰ ৰাজপথত এই ‘হামাৰ’ দেখি মানুহৰ চকু কঁপালত উঠাৰ অৱস্থা হয়। আনকি গাড়ীখন দেখি ট্ৰেফিক বিষয়াসকলো স্তম্ভিত হৈ পৰে। বহুতে মৰমেৰে ইয়াক ‘হামজিলা’ বুলি কয়।

জানিব পৰা মতে গাড়ীখনৰ মালিকৰ নাম শ্বেখ হামাদ বিল হামদান আল নাহিয়ান। তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ শাসকীয় ৰাজপৰিয়ালৰ সদস্য।

সাধাৰণতে 'হামাৰ’ ব্ৰেণ্ডৰ গাড়ীৰ দৈৰ্ঘ্য ১৫.৩৭ ফুট, উচ্চতা ৬.৪২ ফুট আৰু প্ৰস্থ ৭.২ ফুট। গাড়ী নিৰ্মাতা কোম্পানীটো কেৱল ‘স্প’ৰ্টছ ইউটিলিটি ভেহিকেল’ (এছ ইউ ভি) উৎপাদনৰ বাবে পৰিচিত।

অৱশ্যে ডুবাইৰ যিখন গাড়ীৰ কথা কোৱা হৈছে, গাড়ী নকৈ তাক ‘দানৱ’ বুলি কোৱাটো শুদ্ধ। গাড়ীখনৰ ডিজাইন নাম ‘হামাৰ এইচ ৱান এক্স থ্ৰী’।

গাড়ীখনৰ দীঘল ৪৬ ফুট, উচ্চতা ২১.৬ ফুট আৰু বহল ১৯ ফুট। গাড়ীখনৰ চাৰিটা চকাৰ প্ৰতিটো চকাৰ বাবে পৃথক পৃথক ইঞ্জিন আছে। অৰ্থাৎ বাস্তৱ অৰ্থত ‘ফোৰ হুইলাৰ’।

ডাবল ডেকাৰ গাড়ীখনত ডিজেল ব্যৱহাৰ হয়। অৱশ্যে মাইলেজৰ বিষয়ে জানিব পৰা হোৱা নাই। ২ হাজাৰ বিলিয়ন ডলাৰৰ সম্পত্তিৰ স্বত্বাধিকাৰী শ্বেখ হামাদে এই গাড়ীখন বিশেষ উল্লেখেৰে নিৰ্মাণ কৰা বুলি জনা যায়।

‘চাউথ চাইনা মৰ্নিং পোষ্ট’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই গাড়ীখনৰ ভিতৰত ডাবল ডেকাৰ চিষ্টেম আছে। শোৱা কোঠা, শৌচাগাৰ, ষ্টিয়াৰিং কেবিন — মুঠতে ঘৰ নে গাড়ী, বুজিবলৈ কঠিন।

ডুবাইৰ শ্বেখ হামাদৰ গাড়ীৰ চখ আছে। তেওঁৰ নিজৰ সংগ্ৰহত ৩০০০ গাড়ী আছে। ধনী মহলত শ্বেখ হামাদক ‘ৰামধনু শ্বেখ’ বুলি জনা যায়। কাৰণ, ১৯৯০ চনত তেওঁ জাৰ্মান 'মাৰ্চিডিজ’ কোম্পানীক ৰামধেনুৰ সাতটা ৰঙৰ সৈতে মিলাই সাতখন মাৰ্চিডিজ এছ ক্লাছৰ গাড়ী নিৰ্মাণ কৰিবলৈ অৰ্ডাৰ কৰিছিল। গাড়ীকেইখন তেওঁ বিয়াৰ উপহাৰ হিচাপে দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস