--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ ফুট দৈৰ্ঘ্য, প্ৰায় ২২ ফুট উচ্চতা, ১৯ ফুট প্ৰস্থ। প্ৰতিটো চকাৰ বাবে পৃথক ইঞ্জিন। গাড়ীখনৰ নাম ‘হামাৰ’। ডুবাইৰ ৰাজপথত এই ‘হামাৰ’ দেখি মানুহৰ চকু কঁপালত উঠাৰ অৱস্থা হয়। আনকি গাড়ীখন দেখি ট্ৰেফিক বিষয়াসকলো স্তম্ভিত হৈ পৰে। বহুতে মৰমেৰে ইয়াক ‘হামজিলা’ বুলি কয়।

জানিব পৰা মতে গাড়ীখনৰ মালিকৰ নাম শ্বেখ হামাদ বিল হামদান আল নাহিয়ান। তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ শাসকীয় ৰাজপৰিয়ালৰ সদস্য।

সাধাৰণতে 'হামাৰ’ ব্ৰেণ্ডৰ গাড়ীৰ দৈৰ্ঘ্য ১৫.৩৭ ফুট, উচ্চতা ৬.৪২ ফুট আৰু প্ৰস্থ ৭.২ ফুট। গাড়ী নিৰ্মাতা কোম্পানীটো কেৱল ‘স্প’ৰ্টছ ইউটিলিটি ভেহিকেল’ (এছ ইউ ভি) উৎপাদনৰ বাবে পৰিচিত।

অৱশ্যে ডুবাইৰ যিখন গাড়ীৰ কথা কোৱা হৈছে, গাড়ী নকৈ তাক ‘দানৱ’ বুলি কোৱাটো শুদ্ধ। গাড়ীখনৰ ডিজাইন নাম ‘হামাৰ এইচ ৱান এক্স থ্ৰী’।

গাড়ীখনৰ দীঘল ৪৬ ফুট, উচ্চতা ২১.৬ ফুট আৰু বহল ১৯ ফুট। গাড়ীখনৰ চাৰিটা চকাৰ প্ৰতিটো চকাৰ বাবে পৃথক পৃথক ইঞ্জিন আছে। অৰ্থাৎ বাস্তৱ অৰ্থত ‘ফোৰ হুইলাৰ’।

ডাবল ডেকাৰ গাড়ীখনত ডিজেল ব্যৱহাৰ হয়। অৱশ্যে মাইলেজৰ বিষয়ে জানিব পৰা হোৱা নাই। ২ হাজাৰ বিলিয়ন ডলাৰৰ সম্পত্তিৰ স্বত্বাধিকাৰী শ্বেখ হামাদে এই গাড়ীখন বিশেষ উল্লেখেৰে নিৰ্মাণ কৰা বুলি জনা যায়।

‘চাউথ চাইনা মৰ্নিং পোষ্ট’ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি এই গাড়ীখনৰ ভিতৰত ডাবল ডেকাৰ চিষ্টেম আছে। শোৱা কোঠা, শৌচাগাৰ, ষ্টিয়াৰিং কেবিন — মুঠতে ঘৰ নে গাড়ী, বুজিবলৈ কঠিন।

ডুবাইৰ শ্বেখ হামাদৰ গাড়ীৰ চখ আছে। তেওঁৰ নিজৰ সংগ্ৰহত ৩০০০ গাড়ী আছে। ধনী মহলত শ্বেখ হামাদক ‘ৰামধনু শ্বেখ’ বুলি জনা যায়। কাৰণ, ১৯৯০ চনত তেওঁ জাৰ্মান 'মাৰ্চিডিজ’ কোম্পানীক ৰামধেনুৰ সাতটা ৰঙৰ সৈতে মিলাই সাতখন মাৰ্চিডিজ এছ ক্লাছৰ গাড়ী নিৰ্মাণ কৰিবলৈ অৰ্ডাৰ কৰিছিল। গাড়ীকেইখন তেওঁ বিয়াৰ উপহাৰ হিচাপে দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে