--°C
Loading...
Listen to Article
2 min read
80%

 ২৪ বছৰে সভাপতি ছোনিয়া, একে সময়তে বিজেপিয়ে সলালে ৯জন সভাপতি

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীৰ নাম শেহতীয়াকৈ পুনৰ ব্যাপক চৰ্চালৈ আহিছে। অৱশ্যে কোনো বৃহৎ সাফল্যৰ বাবে নহয় বৰং তেওঁৰ নাম চৰ্চালৈ আহিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বাবেহে। বিগত কেইবামাহো ধৰি দেশৰ ৰাজনীতিত পাঁচ ৰাজ্যৰ নিৰ্বাচনক লৈ ব্যাপক চৰ্চা চলি আছিল। ১০ মাৰ্চত নিৰ্বাচনী ফলাফল ঘোষণা হ’ল আৰু অৱধাৰিতভাৱে বিজেপিয়ে চাৰিখন ৰাজ্যত একাধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ল। আনকেইখন ৰাজ্য বাদেই কংগ্ৰেছ দলে তেওঁলোক শাসনৰ গাদীত থকা পঞ্জাবতো নিজৰ স্থিতি বজাই ৰাখিব নোৱাৰিলে। নিৰ্বাচনত ৫৯খনকৈ আসন হেৰুৱাই কংগ্ৰেছ শাসনৰ গাদীৰ পৰা উফৰি পৰিল আৰু তাত ভগৱন্ত মানৰ নেতৃত্বত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হ’ল। নতুন চৰকাৰ গঠনৰ আনুষ্ঠানিকতা বাকী আছে যদিও পঞ্জাব কংগ্ৰেছমুক্ত হোৱাটোৱে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক বাৰুকৈয়ে বিমোৰত পেলোৱাটো স্পষ্ট হৈ পৰিছে। এই বিপৰ্যয়ৰ পাছতে কংগ্ৰেছৰ ভিতৰে-বাহিৰে নেতৃত্বৰ অদক্ষতাৰ কথা চৰ্চা হৈছে।দলৰ একাংশ জ্যেষ্ঠ নেতাই দলটোৰ নেতৃত্বৰ পৰিৱৰ্তন পোনপটীয়াকৈ বিচাৰিছে আৰু ব্যাপক সাংগঠনিক সংস্কাৰ সাধন কৰাৰ দাবী উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব মানেনো কোন? শীৰ্ষ নেতৃত্ব বুলিলে তিনিটা নামেই চৰ্চালৈ আহে ছোনিয়া গান্ধী, ৰাহুল আৰু প্ৰিয়ংকা। ছোনিয়া গান্ধীয়ে দলৰ সভাপতিৰ আসনত থকাৰ লগতে প্ৰিয়ংকা হৈছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। সভাপতি পদ ত্যাগ কৰাৰ পাছত ৰাহুল এতিয়া কোনো আনুষ্ঠানিক দায়িত্বত নাই। কিন্তু তাৰ পাছতো দলটোত ৰাহুল গান্ধী যে অঘোষিত নেতা হৈ আছে সেয়া স্পষ্ট। দলৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় গান্ধীৰ বাসগৃহত। ৰাহুল গান্ধীয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত গ্ৰহণ কৰে। একো একোখন ৰাজ্যৰ দল-চৰকাৰৰ নেতৃত্ব দি থকা জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা একোজনে  কোনো সিদ্ধান্ত গ্ৰহণৰ বাবে ৰাহুল গান্ধীৰ অনুমোদনলৈ বাট চাই থাকিব লাগে। দলৰ কোনো পদবীত নথকাৰ পাছতো ৰাহুল গান্ধীৰ এই প্ৰভাৱৰ বিপৰীতে সভাপতি ছোনিয়া গান্ধীৰ উপস্থিতিৰ উমান পাবলৈকে টান। পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজত কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীয়ে ক’তো সভা-সমিতি কৰাটো বাদেই শক্তিশালী প্ৰেছ বাৰ্তা এটাও প্ৰেৰণ কৰা দেখা নগ’ল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ সক্ৰিয় হৈ থকা নাই বুলি প্ৰকাশ কৰি অহা হৈছে যদিও তেওঁৰ স্থানত সক্ৰিয় আৰু কৰ্মঠ নেতা এগৰাকীক দলৰ নেতৃত্বৰ ভাৰ কিয় দিয়া হোৱা নাই সেয়া এক উত্তৰবিহীন প্ৰশ্ন। তেওঁৰ সকলো দায়িত্ব বহন কৰি আহিছে তেওঁৰ দুই পুত্ৰ-কন্যা ৰাহুল-প্ৰিয়ংকাই। কিন্তু দুয়োৰে দক্ষতা আৰু যোগ্যতাও বাৰম্বাৰ শূন্য বুলি প্ৰতিপন্ন হৈছে। কিন্তু তেওঁলোকৰ কোনো বিকল্প নাই বুলিও গান্ধী পৰিয়ালৰ অনুগত একাংশই প্ৰতিপন্ন কৰিব বিচাৰি আছে। দেওবাৰে অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত অংশ লোৱা নেতাসকলে তৃণমূল পৰ্যায়ৰ সত্যক ঢাকি ৰাখি এইবুলি প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিলে যে, কংগ্ৰেছ দলৰ সকলো নেতা-কৰ্মীয়ে ছোনিয়া বা ৰাহুলকে নেতা হিচাপে বিচাৰে। যিটো সম্পূৰ্ণ মিছা কথা। দলৰ তৃণমূল পৰ্যায়ৰ পৰা শীৰ্ষ মহললৈ এতিয়া নেতৃত্ব সলনিৰ প্ৰসংগ উচ্চাৰিত হৈছে। সদা সক্ৰিয় আৰু প্ৰভাৱশালী তথা উৎসৰ্গিত নেতাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হৈছে। পূৰ্বেও একাধিক নিৰ্বাচনত হোৱা পৰাজয়ৰ পাছত গান্ধী পৰিয়ালে নেতৃত্ব ত্যাগ কৰিব বুলি আৱেগিক ঘোষণা কৰিছিল। এইবাৰো কৰিছে। কিন্তু বাস্তৱত নেতৃত্ব পৰিৱৰ্তনৰ সম্ভাৱনা ক্ষীণ বুলি স্পষ্ট হৈ পৰিছে। ছোনিয়াৰ হাতৰ পৰা ক্ষমতা হস্তান্তৰ হ’লে সেয়া ৰাহুল বা প্ৰিয়ংকাৰ হাততে যে অৰ্পন কৰা হ’ব সেয়া কৌশলপূ্ৰ্ণভাৱে নিশ্চিত কৰিছে ৰণদ্বীপ সিং সূৰ্যেৱালাৰ দৰে দলৰ একাংশ নেতাই। মন কৰিবলগীয়া কথা যে, ৰাজীৱ গান্ধী হত্যাৰ সাত বছৰৰ পাছত অৰ্থাৎ ১৯৯৮ চনত তেওঁক কংগ্ৰেছৰ মুৰব্বী নিৰ্বাচন কৰা হৈছিল। এই পদত ২২বছৰ বাহাল থকাৰ পাছত তেওঁৰ হাতৰ পৰা পুত্ৰ ৰাহুললৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হয়। কিন্তু ২০১৯চনত ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছত পুনৰ তেৱেঁই সভাপতিৰ দায়িত্বত ন্যস্ত হয়। এতিয়া কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে লোৱা সিদ্ধান্ত অনুসৰি পৰৱৰ্তী সভাপতি নিৰ্বাচন নোহোৱা পৰ্যন্ত এই পদত তেৱেই বাহাল থাকিব। কংগ্ৰেছ দলটোৰ ভিতৰচ’ৰাৰ স্থিতাৱস্থা বা স্থবিৰতাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ কি লাগে। মন কৰিবলগীয়া যে, কংগ্ৰেছৰ একছত্ৰী সাম্ৰাজ্যক ওফৰাই এতিয়া জয়জয় ময়ময় ৰূপ লোৱা বিজেপিয়ে এই সময়ছোৱাত কেইবাগৰাকীও সভাপতি সলনি কৰিছে। ১৯৯৮চনত বিজেপিৰ সভাপতি আছিল কুশাভাও থাকৰে। তাৰ দুবছৰ পাছত বাংগাৰু লক্ষ্মণ দলটোৰ সভাপতি হয়। তাৰ পাছত জানা কৃষ্ণমূৰ্তি, ভেংকায়া নায়ডু, লালকৃষ্ণ আদৱানি, ৰাজনাথ সিং, নীতিন গাডকাৰী, অমিত শ্বাহ আৰু এতিয়া জে পি নাড্ডা দলটোৰ সভাপতি হৈছে। বিজেপিয়ে নিৰ্বাচনত সাফল্য লাভ কৰাৰ পাছতো তেওঁলোকৰ নেতা সলনি কৰিছে। কিন্তু ইটোৰ পাচত সিটো ব্যৰ্থতাৰ পাছতো কংগ্ৰেছত অব্যাহত আছে স্থিতাৱস্থা। ছোনিয়া গান্ধীৰ কাৰ্যকালত কংগ্ৰেছেও জয় জয়-ময়ময় সময় পাৰ কৰিছে। দেশৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকৰ চৰকাৰ আছিল। কিন্তু পৰিৱৰ্তিত ৰাজনীতিক স্বীকাৰ কৰি কংগ্ৰেছ তথা গান্ধী পৰিয়ালৰ মুৰব্বী ছোনিয়াই পৰিৱৰ্তনৰ আহ্বানক স্বীকাৰ নকৰিলে দলটো ক্ৰমাৎ ইতিহাস হোৱাৰ দিশে অগ্ৰসৰ হোৱাটো প্ৰায় নিশ্চিত। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক