--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। সোমবাৰে এক বিস্ফোৰক মন্তব্য কৰি অমৰিন্দৰ সিঙে পঞ্জাবত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বাবে গান্ধী নেতৃত্বকে জগৰীয়া কৰে। তেওঁ লগতে দাবী কৰে যে, তেওঁ মুখ্যমন্ত্ৰীৰ আসনত থকালৈকে ৰাজ্যখনত কংগ্ৰেছ দলৰ স্থিতি আছিল অনুকূল। পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ গৰাহত পৰা কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকৰ এদিনৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অমৰিন্দৰ সিঙে। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰি সিদ্ধুৱে নৱজ্যোৎ সিং সিদ্ধুক মতগৰ্বী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীক দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়ে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱাৰ পাছত অমৰিন্দৰ সিঙে কংগ্ৰেছৰ সদস্যপদো ত্যাগ কৰিছিল আৰু পঞ্জাব লোক কংগ্ৰেছ গঠন কৰিছিল। অমৰিন্দৰ সিঙে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে পঞ্জাবত কংগ্ৰেছৰ পৰাজয়ৰ বাবে তেওঁক জগৰীয়া কৰা কাৰ্যক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিজৰ ভুল মানি লোৱাৰ সলনি তেওঁকহে ওলোটাই জগৰীয়া কৰা বুলি তেওঁ অভিযোগ কৰে। উল্লেখ্য যে, পঞ্জাবত শাসনৰ গাদীৰ পৰা অপসাৰিত হোৱাৰ লগতে কংগ্ৰেছে উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো বিপৰ্যয়ৰ সন্মুখীন হৈছিল। আৰু এই বিপৰ্যয়ৰ বাবে গান্ধী পৰিয়ালেই জগৰীয়া বুলি তেওঁ মন্তব্য কৰে। তেওঁ মন্তব্য কৰে যে, সমগ্ৰ দেশৰ জনগণে গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী তথা ৰাহুল আৰু প্ৰিয়ংকাক উদ্দেশ্য কৰিও তেওঁ তীব্ৰ আক্ৰমণ কৰে। উল্লেখ্য যে, সোমবাৰে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰে বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে চৰণজিৎ সিং চন্নীক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। মন কৰিবলগীয়া যে, একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰি থকা ৰাজ্যখনত কংগ্ৰেছক আসনৰ সংখ্যা এইবাৰ ১৮লৈ নামি আহিছে আৰু তাৰ বিপৰীতে চমকপ্ৰদ উত্থানৰ জৰিয়তে আম আদমী পাৰ্টীয়ে ১১৭খন আসনৰ ভিতৰত ৯২খনত জয়ী হ’বলৈ সক্ষম হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য