--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পঞ্জাবত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে। সোমবাৰে এক বিস্ফোৰক মন্তব্য কৰি অমৰিন্দৰ সিঙে পঞ্জাবত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বাবে গান্ধী নেতৃত্বকে জগৰীয়া কৰে। তেওঁ লগতে দাবী কৰে যে, তেওঁ মুখ্যমন্ত্ৰীৰ আসনত থকালৈকে ৰাজ্যখনত কংগ্ৰেছ দলৰ স্থিতি আছিল অনুকূল। পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ গৰাহত পৰা কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকৰ এদিনৰ পাছতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অমৰিন্দৰ সিঙে। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰি সিদ্ধুৱে নৱজ্যোৎ সিং সিদ্ধুক মতগৰ্বী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীক দুৰ্নীতিগ্ৰস্ত আখ্যা দিয়ে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হোৱাৰ পাছত অমৰিন্দৰ সিঙে কংগ্ৰেছৰ সদস্যপদো ত্যাগ কৰিছিল আৰু পঞ্জাব লোক কংগ্ৰেছ গঠন কৰিছিল। অমৰিন্দৰ সিঙে কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে পঞ্জাবত কংগ্ৰেছৰ পৰাজয়ৰ বাবে তেওঁক জগৰীয়া কৰা কাৰ্যক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। নিজৰ ভুল মানি লোৱাৰ সলনি তেওঁকহে ওলোটাই জগৰীয়া কৰা বুলি তেওঁ অভিযোগ কৰে। উল্লেখ্য যে, পঞ্জাবত শাসনৰ গাদীৰ পৰা অপসাৰিত হোৱাৰ লগতে কংগ্ৰেছে উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো বিপৰ্যয়ৰ সন্মুখীন হৈছিল। আৰু এই বিপৰ্যয়ৰ বাবে গান্ধী পৰিয়ালেই জগৰীয়া বুলি তেওঁ মন্তব্য কৰে। তেওঁ মন্তব্য কৰে যে, সমগ্ৰ দেশৰ জনগণে গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী তথা ৰাহুল আৰু প্ৰিয়ংকাক উদ্দেশ্য কৰিও তেওঁ তীব্ৰ আক্ৰমণ কৰে। উল্লেখ্য যে, সোমবাৰে পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰে বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে চৰণজিৎ সিং চন্নীক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। মন কৰিবলগীয়া যে, একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰি থকা ৰাজ্যখনত কংগ্ৰেছক আসনৰ সংখ্যা এইবাৰ ১৮লৈ নামি আহিছে আৰু তাৰ বিপৰীতে চমকপ্ৰদ উত্থানৰ জৰিয়তে আম আদমী পাৰ্টীয়ে ১১৭খন আসনৰ ভিতৰত ৯২খনত জয়ী হ’বলৈ সক্ষম হৈছে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক