--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে সামৰণি পৰিল বাৰ্মিংহামত অনুষ্ঠিত ২২ সংখ্যক কমনৱেলথ গেমছ ক্ৰীড়া সমাৰোহৰ। যোৱা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতে প্ৰত্যাশিত সাফল্য লাভ কৰে বুলিব পাৰি। সমগ্ৰ ক্ৰীড়া সমাৰোহখনত ভাৰতে ২২ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি পদক তালিকাৰ চতুৰ্থ স্থানত থাকে। উল্লেখ্য যে এইবাৰ কমনৱেলথলৈ ভাৰতে প্ৰেৰণ কৰিছিল ১০৬ গৰাকী পুৰুষ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈৰে গঠিত এটা বৃহৎ দল। 

অৱশ্যে ২০১৮ ৰ গ’ল্ড ক'ষ্ট কমনৱেলথ গেমছতকৈ ভাৰতে এইবাৰ তিনিটা পদক কমকৈ লাভ কৰে যদিও তুলনামূলকভাৱে ভাৰতৰ প্ৰদৰ্শন উন্নত হয়। কিয়নো গ’ল্ড ক'ষ্ট কমনৱেলথত ভাৰতে লাভ কৰা ৬৬ টা পদকৰ ভিতৰত ১৬ টা পদক লাভ কৰিছিল শ্বুটিঙত। কিন্তু এইবাৰ কমনৱেলথত শ্বুটিং ইভেণ্ট বাদ পৰাৰ বাবে স্বাভাৱিকতেই ভাৰতৰ অধিক পদক লাভৰ সম্ভাৱনা হ্ৰাস পায়।

উল্লেখ্য যে ভাৰতে বাৰ্মিংহামত মুঠ ১৬ টা ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আনহাতে  ৩×৩ বাস্কেটবল, বীচ ভলীবল, নেটবল আৰু ৰাগবী ছেভেনত অংশ লোৱা নাছিল ভাৰতে। ভাৰতীয় পেৰা-এথলীটসকলেও এথলেটিকছ, পেৰা পাৱাৰলিফটিং, সাঁতোৰ আৰু টেবুল টেনিছত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। 

ভাৰতৰ হৈ বাৰ্মিংহামত পদকৰ যাত্ৰা মুকলি কৰিছিল সংকেত চাৰ্গাৰে। চাৰ্গাৰে ভাৰোত্তোলনৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয়েৰে আৰম্ভ কৰিছিল ভাৰতৰ কমনৱেলথ অভিযান। আনহাতে ভাৰোত্তোলনৰ জৰিয়তেই দেশলৈ আহিছিল ২২ সংখ্যক কমনৱেলথৰ প্ৰথমটো স্বৰ্ণ। ৪৯ কিলোগ্ৰাম শাখাত মীৰাবাঈ চানুৱে দেশক উপহাৰ দিছিল প্ৰথমটো স্বৰ্ণ।

উল্লেখ্য যে ভাৰতৰ এইবাৰ মল্লযুঁজ ইভেণ্টত সৰ্বাধিক সফল হিচাপে বিবেচিত হয়। ৬ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ সৈতে মুঠ ১২ টা পদক লাভ কৰি মল্লযুঁজত আধিপত্য বিস্তাৰ কৰে ভাৰতীয় দলে। আনহাতে ইয়াৰ পিছতে ৩ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ সৈতে মুঠ ১০ টা পদকেৰে দ্বিতীয় সৰ্বাধিক সফলতা লাভ কৰে ভাৰোত্তোলনত।

চাওঁ আহক বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ সম্পূৰ্ণ পদক বিজয়ী খেলুৱৈসকলৰ তালিকা:

ক) স্বৰ্ণ:
১) মীৰাবাঈ চানু: ভাৰোত্তোলন (মহিলাৰ ৪৯ কিলোগ্ৰাম শাখা)

২) জেৰেমি লালৰিনুঙ্গা: ভাৰোত্তোলন (পুৰুষৰ ৬৭ কিলোগ্ৰাম)

৩) অচিন্ত্য চিউলী: ভাৰোত্তোলন (পুৰুষৰ ৭৩ কিলোগ্ৰাম)

৪) ভিনেশ ফ’গাট: মল্লযুঁজ (মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কিলোগ্ৰাম)

৫)ৰবি কুমাৰ দহিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম)

৬) নবীন মালিক: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম)

৭) বজৰং পুনিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম)

৮) সাক্ষী মালিক: মল্লযুঁজ (মহিলাৰ ফ্ৰীষ্টাইল ৬২ কিলোগ্ৰাম)

৯) দীপক পুনিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৮৬ কিলোগ্ৰাম)

১০) নিখাত জাৰিন: বক্সিং (মহিলাৰ লাইট ফ্লাইৱেট ৫০ কিলোগ্ৰাম)

১১) নীতু ঘাংহাছ: বক্সিং (মহিলাৰ ৪৮ কিলোগ্ৰাম)

১২) অমিত পাংগল: বক্সিং ( পুৰুষৰ ফ্লাইৱেট ৫১ কিলোগ্ৰাম)

১৩) শৰৎ কমল, শ্ৰীজা আকুলা: টেবুল টেনিছ মিক্সড ডাবলছ

১৪) শৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল ছেট্টী: টেবুল টেনিছ, পুৰুষৰ দলীয় শাখা

১৫) শৰৎ কমল: টেবুল টেনিছ পুৰুষৰ চিংগলছ্

১৬) সাত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী, চিৰাগ চেট্টী: বেডমিণ্টন, পুৰুষৰ ডাবলছ্

১৭) পিভি সিন্ধু: বেডমিণ্টন, মহিলা চিংগলছ

১৮) লক্ষ সেন: বেডমিণ্টন পুৰুষৰ চিংগলছ

১৯) ভবিনা পেটেল: বেডমিণ্টন মহিলা চিংগলছ ক্লাচেছ ৩-৫

২০) লাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কী: লন বল মহিলা শাখা

২১) এলডহ’ছ পল: পুৰুষৰ ট্ৰিপল জাম্প

২২) সুধীৰ কুমাৰ: পেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট

খ) ৰূপ:

১) সংকেত চাৰ্গাৰ: ভাৰোত্তোলন পুৰুষৰ ৫৫ কিলোগ্ৰাম

২) বিকাশ ঠাকুৰ: ভাৰোত্তোলন পুৰুষৰ ৯৬ কিলোগ্ৰাম

৩) বিন্দাৰাণী দেৱী: ভাৰোত্তোলন মহিলাৰ ৫৫ কিলোগ্ৰাম

৪) অংশু মালিক: মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম

৫) মুৰলী শ্ৰীশংকৰ: পুৰুষৰ লং জাম্প

৬) সাগৰ আহলাৱাত: বক্সিং (পুৰুষৰ চুপাৰ হেভিৱেট +৯২ কিলোগ্ৰাম)

৭) সুশীলা দেৱী লিকমাবাম: জুডো (মহিলাৰ ৪৮ কিলোগ্ৰাম)

৮) তুলিকা মান: জুডো মহিলাৰ +৭৮ কিলোগ্ৰাম

৯) অবিনাশ চেবলে: পুৰুষৰ ৩,০০০ মিটাৰ ষ্টিপলচেজ

১০) প্ৰিয়ংকা গোস্বামী: মহিলাৰ ১০ কিলোমিটাৰ ৰেচ ৱাক

১১) আব্দুল্লাহ আবুবেকাৰ: পুৰুষৰ ট্ৰিপল জাম্প

১২) পি ভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, সাত্বিক সাইৰাজ, লক্ষ সেন, চিৰাগ চেট্টী, সুমিথ ৰেড্ডী, ত্ৰিশা জলী, আকাশী কাশ্যপ: বেডমিণ্টন মিক্সড টিম ইভেণ্ট

১৩) ভাৰতীয় পুৰুষ হকী দল

১৪) ভাৰতীয় মহিলা ক্ৰিকেট দল

১৫) শৰৎ কমল, জি সাথিয়ান: টেবুল টেনিছ মিক্সড ডাবলছ্

১৬) দিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিং: লন বল পুৰুষৰ দলীয় ইভেন্ট

গ) ব্ৰঞ্জ:

১) হৰজিন্দৰ কৌৰ: ভাৰোত্তোলন মহিলাৰ ৭১ কিলোগ্ৰাম

২) লাভপ্ৰীত সিং: ভাৰোত্তোলন পুৰুষৰ ১০৯ কিলোগ্ৰাম

৩) গুৰদীপ সিং: ভাৰোত্তোলন পুৰুষৰ +১০৯ কিলোগ্ৰাম

৪) গুৰুৰাজা পূজাৰী: ভাৰোত্তোলন পুৰুষৰ ৬১ কিলোগ্ৰাম

৫) দিব্যা কাক্ৰন: মল্লযুঁজ মহিলাৰ ৬৮ কিলোগ্ৰাম

৬) মোহিত গ্ৰেৱাল: মল্লযুঁজ পুৰুষৰ ১২৫ কিলোগ্ৰাম

৭) পূজা গেহলট: মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫০ কিলোগ্ৰাম

৮) পূজা সিহাগ: মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কিলোগ্ৰাম

৯) দীপক নেহৰা: মল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কিলোগ্ৰাম

১০) বিজয় কুমাৰ যাদৱ: জুডো পুৰুষৰ ৬০ কিলোগ্ৰাম

১১) সৌৰভ ঘোষাল: স্কোৱাছ পুৰুষৰ ছিংগলছ

১২) তেজস্বীন শংকৰ: পুৰুষৰ হাই জাম্প

১৩) জেচমিন লামবৰিয়া: বক্সিং মহিলাৰ লাইটৱেট ৬০ কিলোগ্ৰাম

১৪) মহম্মদ হুচামুদ্দিন: পুৰুষৰ বক্সিং ফেডাৰৱেট ৫৭ কিলোগ্ৰাম

১৫) কিদাম্বি শ্ৰীকান্ত: বেডমিণ্টন পুৰুষৰ ছিংগলছ

১৬) জি সাথিয়ান: টেবুল টেনিছ পুৰুষৰ ছিংগলছ

১৭) সৌৰভ ঘোষাল, দীপিকা পালিক্কাল: স্কোৱাছ মিক্সড ডাবলছ

১৮) গায়ত্ৰী গোপীচান্দ, বৃক্ষ জলী: বেডমিণ্টন মহিলাৰ ডাবলছ্

১৯) সোনালবেন পেটেল: পেৰা টেবুল টেনিছ মহিলা ছিংগলছ ক্লাছ ৩-৫

২০) মহিলা হকী দল

২১) সন্দীপ কুমাৰ: পুৰুষৰ ১০ কিলোমিটাৰ ৰেচ ৱাক

২২) অনু ৰাণী: মহিলা জেভলিন থ্ৰ’

২৩) ৰোহিত টকাচ: পুৰুষৰ ৱেল্টাৰৱেইট ৬৭ কিলোগ্ৰাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement