--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে সামৰণি পৰিল বাৰ্মিংহামত অনুষ্ঠিত ২২ সংখ্যক কমনৱেলথ গেমছ ক্ৰীড়া সমাৰোহৰ। যোৱা ২৮ জুলাইৰ পৰা অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতে প্ৰত্যাশিত সাফল্য লাভ কৰে বুলিব পাৰি। সমগ্ৰ ক্ৰীড়া সমাৰোহখনত ভাৰতে ২২ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি পদক তালিকাৰ চতুৰ্থ স্থানত থাকে। উল্লেখ্য যে এইবাৰ কমনৱেলথলৈ ভাৰতে প্ৰেৰণ কৰিছিল ১০৬ গৰাকী পুৰুষ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈৰে গঠিত এটা বৃহৎ দল। 

অৱশ্যে ২০১৮ ৰ গ’ল্ড ক'ষ্ট কমনৱেলথ গেমছতকৈ ভাৰতে এইবাৰ তিনিটা পদক কমকৈ লাভ কৰে যদিও তুলনামূলকভাৱে ভাৰতৰ প্ৰদৰ্শন উন্নত হয়। কিয়নো গ’ল্ড ক'ষ্ট কমনৱেলথত ভাৰতে লাভ কৰা ৬৬ টা পদকৰ ভিতৰত ১৬ টা পদক লাভ কৰিছিল শ্বুটিঙত। কিন্তু এইবাৰ কমনৱেলথত শ্বুটিং ইভেণ্ট বাদ পৰাৰ বাবে স্বাভাৱিকতেই ভাৰতৰ অধিক পদক লাভৰ সম্ভাৱনা হ্ৰাস পায়।

উল্লেখ্য যে ভাৰতে বাৰ্মিংহামত মুঠ ১৬ টা ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আনহাতে  ৩×৩ বাস্কেটবল, বীচ ভলীবল, নেটবল আৰু ৰাগবী ছেভেনত অংশ লোৱা নাছিল ভাৰতে। ভাৰতীয় পেৰা-এথলীটসকলেও এথলেটিকছ, পেৰা পাৱাৰলিফটিং, সাঁতোৰ আৰু টেবুল টেনিছত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। 

ভাৰতৰ হৈ বাৰ্মিংহামত পদকৰ যাত্ৰা মুকলি কৰিছিল সংকেত চাৰ্গাৰে। চাৰ্গাৰে ভাৰোত্তোলনৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয়েৰে আৰম্ভ কৰিছিল ভাৰতৰ কমনৱেলথ অভিযান। আনহাতে ভাৰোত্তোলনৰ জৰিয়তেই দেশলৈ আহিছিল ২২ সংখ্যক কমনৱেলথৰ প্ৰথমটো স্বৰ্ণ। ৪৯ কিলোগ্ৰাম শাখাত মীৰাবাঈ চানুৱে দেশক উপহাৰ দিছিল প্ৰথমটো স্বৰ্ণ।

উল্লেখ্য যে ভাৰতৰ এইবাৰ মল্লযুঁজ ইভেণ্টত সৰ্বাধিক সফল হিচাপে বিবেচিত হয়। ৬ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ সৈতে মুঠ ১২ টা পদক লাভ কৰি মল্লযুঁজত আধিপত্য বিস্তাৰ কৰে ভাৰতীয় দলে। আনহাতে ইয়াৰ পিছতে ৩ টা স্বৰ্ণ, ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ সৈতে মুঠ ১০ টা পদকেৰে দ্বিতীয় সৰ্বাধিক সফলতা লাভ কৰে ভাৰোত্তোলনত।

চাওঁ আহক বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ সম্পূৰ্ণ পদক বিজয়ী খেলুৱৈসকলৰ তালিকা:

ক) স্বৰ্ণ:
১) মীৰাবাঈ চানু: ভাৰোত্তোলন (মহিলাৰ ৪৯ কিলোগ্ৰাম শাখা)

২) জেৰেমি লালৰিনুঙ্গা: ভাৰোত্তোলন (পুৰুষৰ ৬৭ কিলোগ্ৰাম)

৩) অচিন্ত্য চিউলী: ভাৰোত্তোলন (পুৰুষৰ ৭৩ কিলোগ্ৰাম)

৪) ভিনেশ ফ’গাট: মল্লযুঁজ (মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কিলোগ্ৰাম)

৫)ৰবি কুমাৰ দহিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম)

৬) নবীন মালিক: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কিলোগ্ৰাম)

৭) বজৰং পুনিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কিলোগ্ৰাম)

৮) সাক্ষী মালিক: মল্লযুঁজ (মহিলাৰ ফ্ৰীষ্টাইল ৬২ কিলোগ্ৰাম)

৯) দীপক পুনিয়া: মল্লযুঁজ (পুৰুষৰ ফ্ৰীষ্টাইল ৮৬ কিলোগ্ৰাম)

১০) নিখাত জাৰিন: বক্সিং (মহিলাৰ লাইট ফ্লাইৱেট ৫০ কিলোগ্ৰাম)

১১) নীতু ঘাংহাছ: বক্সিং (মহিলাৰ ৪৮ কিলোগ্ৰাম)

১২) অমিত পাংগল: বক্সিং ( পুৰুষৰ ফ্লাইৱেট ৫১ কিলোগ্ৰাম)

১৩) শৰৎ কমল, শ্ৰীজা আকুলা: টেবুল টেনিছ মিক্সড ডাবলছ

১৪) শৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল ছেট্টী: টেবুল টেনিছ, পুৰুষৰ দলীয় শাখা

১৫) শৰৎ কমল: টেবুল টেনিছ পুৰুষৰ চিংগলছ্

১৬) সাত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী, চিৰাগ চেট্টী: বেডমিণ্টন, পুৰুষৰ ডাবলছ্

১৭) পিভি সিন্ধু: বেডমিণ্টন, মহিলা চিংগলছ

১৮) লক্ষ সেন: বেডমিণ্টন পুৰুষৰ চিংগলছ

১৯) ভবিনা পেটেল: বেডমিণ্টন মহিলা চিংগলছ ক্লাচেছ ৩-৫

২০) লাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কী: লন বল মহিলা শাখা

২১) এলডহ’ছ পল: পুৰুষৰ ট্ৰিপল জাম্প

২২) সুধীৰ কুমাৰ: পেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট

খ) ৰূপ:

১) সংকেত চাৰ্গাৰ: ভাৰোত্তোলন পুৰুষৰ ৫৫ কিলোগ্ৰাম

২) বিকাশ ঠাকুৰ: ভাৰোত্তোলন পুৰুষৰ ৯৬ কিলোগ্ৰাম

৩) বিন্দাৰাণী দেৱী: ভাৰোত্তোলন মহিলাৰ ৫৫ কিলোগ্ৰাম

৪) অংশু মালিক: মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কিলোগ্ৰাম

৫) মুৰলী শ্ৰীশংকৰ: পুৰুষৰ লং জাম্প

৬) সাগৰ আহলাৱাত: বক্সিং (পুৰুষৰ চুপাৰ হেভিৱেট +৯২ কিলোগ্ৰাম)

৭) সুশীলা দেৱী লিকমাবাম: জুডো (মহিলাৰ ৪৮ কিলোগ্ৰাম)

৮) তুলিকা মান: জুডো মহিলাৰ +৭৮ কিলোগ্ৰাম

৯) অবিনাশ চেবলে: পুৰুষৰ ৩,০০০ মিটাৰ ষ্টিপলচেজ

১০) প্ৰিয়ংকা গোস্বামী: মহিলাৰ ১০ কিলোমিটাৰ ৰেচ ৱাক

১১) আব্দুল্লাহ আবুবেকাৰ: পুৰুষৰ ট্ৰিপল জাম্প

১২) পি ভি সিন্ধু, কিদাম্বি শ্ৰীকান্ত, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, সাত্বিক সাইৰাজ, লক্ষ সেন, চিৰাগ চেট্টী, সুমিথ ৰেড্ডী, ত্ৰিশা জলী, আকাশী কাশ্যপ: বেডমিণ্টন মিক্সড টিম ইভেণ্ট

১৩) ভাৰতীয় পুৰুষ হকী দল

১৪) ভাৰতীয় মহিলা ক্ৰিকেট দল

১৫) শৰৎ কমল, জি সাথিয়ান: টেবুল টেনিছ মিক্সড ডাবলছ্

১৬) দিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিং: লন বল পুৰুষৰ দলীয় ইভেন্ট

গ) ব্ৰঞ্জ:

১) হৰজিন্দৰ কৌৰ: ভাৰোত্তোলন মহিলাৰ ৭১ কিলোগ্ৰাম

২) লাভপ্ৰীত সিং: ভাৰোত্তোলন পুৰুষৰ ১০৯ কিলোগ্ৰাম

৩) গুৰদীপ সিং: ভাৰোত্তোলন পুৰুষৰ +১০৯ কিলোগ্ৰাম

৪) গুৰুৰাজা পূজাৰী: ভাৰোত্তোলন পুৰুষৰ ৬১ কিলোগ্ৰাম

৫) দিব্যা কাক্ৰন: মল্লযুঁজ মহিলাৰ ৬৮ কিলোগ্ৰাম

৬) মোহিত গ্ৰেৱাল: মল্লযুঁজ পুৰুষৰ ১২৫ কিলোগ্ৰাম

৭) পূজা গেহলট: মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫০ কিলোগ্ৰাম

৮) পূজা সিহাগ: মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কিলোগ্ৰাম

৯) দীপক নেহৰা: মল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কিলোগ্ৰাম

১০) বিজয় কুমাৰ যাদৱ: জুডো পুৰুষৰ ৬০ কিলোগ্ৰাম

১১) সৌৰভ ঘোষাল: স্কোৱাছ পুৰুষৰ ছিংগলছ

১২) তেজস্বীন শংকৰ: পুৰুষৰ হাই জাম্প

১৩) জেচমিন লামবৰিয়া: বক্সিং মহিলাৰ লাইটৱেট ৬০ কিলোগ্ৰাম

১৪) মহম্মদ হুচামুদ্দিন: পুৰুষৰ বক্সিং ফেডাৰৱেট ৫৭ কিলোগ্ৰাম

১৫) কিদাম্বি শ্ৰীকান্ত: বেডমিণ্টন পুৰুষৰ ছিংগলছ

১৬) জি সাথিয়ান: টেবুল টেনিছ পুৰুষৰ ছিংগলছ

১৭) সৌৰভ ঘোষাল, দীপিকা পালিক্কাল: স্কোৱাছ মিক্সড ডাবলছ

১৮) গায়ত্ৰী গোপীচান্দ, বৃক্ষ জলী: বেডমিণ্টন মহিলাৰ ডাবলছ্

১৯) সোনালবেন পেটেল: পেৰা টেবুল টেনিছ মহিলা ছিংগলছ ক্লাছ ৩-৫

২০) মহিলা হকী দল

২১) সন্দীপ কুমাৰ: পুৰুষৰ ১০ কিলোমিটাৰ ৰেচ ৱাক

২২) অনু ৰাণী: মহিলা জেভলিন থ্ৰ’

২৩) ৰোহিত টকাচ: পুৰুষৰ ৱেল্টাৰৱেইট ৬৭ কিলোগ্ৰাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু