--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত প্ৰত্যাশিত সাফল্য অৰ্জন কৰাৰ পিছত ভাৰতীয় ক্ৰীড়া জগতলৈ আহিছে আন এক সুখবৰ। এইবাৰ আন এক কমনৱেলথ প্ৰতিযোগিতাত স্বৰ্ণ জয়েৰে উজলি উঠিছে এগৰাকী ভাৰতীয় খেলুৱৈ। লণ্ডনত চলি থকা কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰিছে ভাৰতৰ তাৰকা ফেঞ্চিং খেলুৱৈ ভৱানী দেৱী। ভাৰতত ফেঞ্চিং ক্ৰীড়াৰ ধ্বজাবাহক হিচাপে পৰিচিত তাৰকাগৰাকীয়ে এইদৰে প্ৰতিযোগিতাখনত নিজৰ খিতাপ অক্ষুণ্ণ ৰাখে। 

বিশ্বৰ ৪২ তম স্থানৰ ভৱানীয় চলিত কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপৰ ‘চিনিয়ৰ ৱমেনচ্ চাব্ৰে ইনডিভিজুৱেল কেটেগৰী’ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ ভেৰোনিকা ভাচিলেভাক ১৫-১০ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ হস্তগত কৰে। 

ইয়াৰ পূৰ্বে ২০১৮ চনত কেনবেৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত স্বৰ্ণ অৰ্জন কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিছিল। উল্লেখ্য যে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি খেলুৱৈগৰাকীয়ে প্ৰথম ভাৰতীয় ফেঞ্চাৰ হিচাপেও আন এক ইতিহাস নিজৰ নামত সন্নিৱিষ্ট কৰিছিল।

চলিত বৰ্ষৰ প্ৰথমৰ ফালে ইস্তানবুলত অনুষ্ঠিত হোৱা ফেঞ্চিং বিশ্বকাপত প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱা খেলুৱৈ গৰাকীয়ে ২৩ তম স্থান লাভ কৰিছিল। ইয়াৰ পিছত জুলাইত কায়ৰোত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো দ্বিতীয় ৰাউণ্ডতে অভিযান সামৰিছিল ভৱানী দেৱীয়ে। এই ব্যৰ্থতাৰ পিছত কমনৱেলথ ফেঞ্চিং চেম্পিয়নশ্বিপত লাভ কৰা সফলতা খেলুৱৈগৰাকীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 

কমনৱেলথ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ পিছতে ভাৱানীয়ে কয় যে দেশৰ বাবে আন এটা সোণৰ পদক জয় কৰি তেওঁ আনন্দিত হৈ পৰিছে। আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবেও এই গতি অব্যাহত ৰাখিব বিচাৰে বুলি ভৱানীয়ে লগতে কয়। 

ইফালে ভৱানীৰ সফলতাত উৎসাহিত হৈ পৰা ফেঞ্চিং এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক ৰাজীৱ মেহতাই কয় যে ভৱানীক দেশত ফেঞ্চিঙৰ ধ্বজাবাহক হিচাপে গণ্য কৰা হয়। খেলুৱৈগৰাকীক ভাৰতৰ প্ৰতিগৰাকী ফেঞ্চিং খেলুৱৈৰ বাবে অনুপ্ৰেৰণা আখ্যা দি তেওঁ লগতে ভৱানীৰ বাবেই দেশৰ বহু নতুন খেলুৱৈয়ে এতিয়া বিশ্বব্যাপী ফেঞ্চিং ক্ৰীড়াৰ মানচিত্ৰত ভাৰতৰ স্থান ঊৰ্ধ্ব কৰাৰ সপোন দেখিছে বুলিও মন্তব্য কৰে।

ভাটিয়াই কয়, "এই সোণৰ পদকটোৱে আমাৰ বিশ্বাস বৃদ্ধি কৰিছে। ভাৰতত ক্ৰমাৎ ফেঞ্চিঙৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু অতি শীঘ্ৰেই অলিম্পিককে ধৰি শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত নিয়মীয়াকৈ ভাৰতীয় ফেঞ্চাৰসকলে প্ৰতিদ্বন্দিতা কৰিব পাৰিব বুলি মই নিশ্চিত।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ