--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ খেলপথাৰত নামিলেই প্ৰতিপক্ষ ভীতিগ্ৰস্ত হৈ পৰিছিল। বিধ্বংসী বলিঙেৰে তেওঁ ক্ৰিকেট জগতত তুলিছিল ধুমুহা। তেওঁৰ বলিং শেষ হ’লেহে প্ৰতিপক্ষৰ বেটছমেনে লৈছিল স্বস্তিৰ উশাহ। খেলপথাৰত তেওঁ আছিল অপ্ৰতিৰোধ্য। ধুমহা গতিত, এক্সপ্ৰেছৰ তীব্ৰ গতিৰ দৰেই তেওঁ বলিং কৰা বাবে তেওঁক আখ্যা দিয়া হৈছিল ‘ৰাৱলপিণ্ডি এক্সপ্ৰেছ’। কেৱল খেলৰ দক্ষতাৰ বাবেই নহয় নিজৰ সুগঠিত শাৰীৰিক অৱয়বৰ বাবেও দেশ-বিদেশৰ বহু যুৱতীৰ নয়নমণি আছিল বলাৰজন। তেওঁ আন কোনো নহয়, তেওঁ হৈছে পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ছোৱেইব আখটাৰ। 

এসময়ত খেলপথাৰত দপদপাই থকা ছোৱেইব আখটাৰ যেন এতিয়া ভাগৰুৱা। বিষে-কোপে জৰ্জৰিত হৈ পৰিছে তেওঁৰ শক্তিশালী শৰীৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত দুয়োটা আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৪৬ বছৰীয়া ছোৱেইব আখটাৰে। তেওঁৰ অস্ত্ৰোপচাৰৰ পিছতে চিকিৎসালয়ৰ বিচনাৰ পৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰিছে খেলুৱৈগৰাকীয়ে। ভিডিঅ’টোত প্ৰাক্তন ক্ৰিকেটাৰজনে তেওঁৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ যথেষ্ট কষ্টত আছে আৰু সোনকালেই আৰোগ্য হোৱাৰ বাবে তেওঁক অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদৰ প্ৰয়োজন। 

আনহাতে অস্ত্ৰোপচাৰৰ আগতে তেওঁ এটা ভিডিঅ’ প’ষ্ট কৰি কৈছিল যে তেওঁ তেওঁৰ ষষ্ঠ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে আৰু আশা কৰিছে যে এইটো তেওঁৰ অন্তিম অস্ত্ৰোপচাৰ হ’ব। ছোৱেইবে লগতে কয় যে অস্ত্ৰোপচাৰৰ পিছত বহু সপ্তাহ ধৰি কিছু কষ্টত থাকিব আৰু সেয়েহে এই কষ্টৰ পৰা মুক্তি পাবলৈ অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে। লগতে আখটাৰে প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ যোৱা ১১বছৰ ধৰি এই কষ্টত ভুগি আছে। 

এই সন্দৰ্ভত ছোৱেইব আখটাৰে কয় যে ‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বিগত ১১ বছৰ ধৰি মই বহু যন্ত্ৰণা ভুগি আহিছোঁ। কিন্তু পাকিস্তানৰ বাবে এই সকলোবোৰ মূল্যৱান আছিল। মই আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলোঁহেঁতেন। কিন্তু মই সচেতন আছিলোঁ যে মই এনে কৰিলে মোৰ জীৱনটো হুইল চেয়াৰত বন্দী হৈ পৰিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলো।’’

উল্লেখ্য যে পাকিস্তানৰ দ্ৰুত বলিং কিংবদন্তি ছোৱেইব আখটাৰে নিজ কেৰিয়াৰত ৪৬খন টেষ্টত ১৭৮টা উইকেট দখল কৰাৰ বিপৰীতে ১৬৩খন এদিনীয়া খেলত ২৪৭টা উইকেট দখল কৰিছিল। আনহাতে তেওঁ ১৫খন T20 ইণ্টাৰনেশ্যনেল খেলো খেলে, য’ত তেওঁৰ নামত ১৯টা উইকেট আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু