--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ খেলপথাৰত নামিলেই প্ৰতিপক্ষ ভীতিগ্ৰস্ত হৈ পৰিছিল। বিধ্বংসী বলিঙেৰে তেওঁ ক্ৰিকেট জগতত তুলিছিল ধুমুহা। তেওঁৰ বলিং শেষ হ’লেহে প্ৰতিপক্ষৰ বেটছমেনে লৈছিল স্বস্তিৰ উশাহ। খেলপথাৰত তেওঁ আছিল অপ্ৰতিৰোধ্য। ধুমহা গতিত, এক্সপ্ৰেছৰ তীব্ৰ গতিৰ দৰেই তেওঁ বলিং কৰা বাবে তেওঁক আখ্যা দিয়া হৈছিল ‘ৰাৱলপিণ্ডি এক্সপ্ৰেছ’। কেৱল খেলৰ দক্ষতাৰ বাবেই নহয় নিজৰ সুগঠিত শাৰীৰিক অৱয়বৰ বাবেও দেশ-বিদেশৰ বহু যুৱতীৰ নয়নমণি আছিল বলাৰজন। তেওঁ আন কোনো নহয়, তেওঁ হৈছে পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ছোৱেইব আখটাৰ। 

এসময়ত খেলপথাৰত দপদপাই থকা ছোৱেইব আখটাৰ যেন এতিয়া ভাগৰুৱা। বিষে-কোপে জৰ্জৰিত হৈ পৰিছে তেওঁৰ শক্তিশালী শৰীৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত দুয়োটা আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৪৬ বছৰীয়া ছোৱেইব আখটাৰে। তেওঁৰ অস্ত্ৰোপচাৰৰ পিছতে চিকিৎসালয়ৰ বিচনাৰ পৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প’ষ্ট কৰিছে খেলুৱৈগৰাকীয়ে। ভিডিঅ’টোত প্ৰাক্তন ক্ৰিকেটাৰজনে তেওঁৰ আশু আৰোগ্য কামনা কৰি অনুৰাগীসকলক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ লগতে কয় যে তেওঁ যথেষ্ট কষ্টত আছে আৰু সোনকালেই আৰোগ্য হোৱাৰ বাবে তেওঁক অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ আশীৰ্বাদৰ প্ৰয়োজন। 

আনহাতে অস্ত্ৰোপচাৰৰ আগতে তেওঁ এটা ভিডিঅ’ প’ষ্ট কৰি কৈছিল যে তেওঁ তেওঁৰ ষষ্ঠ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ আছে আৰু আশা কৰিছে যে এইটো তেওঁৰ অন্তিম অস্ত্ৰোপচাৰ হ’ব। ছোৱেইবে লগতে কয় যে অস্ত্ৰোপচাৰৰ পিছত বহু সপ্তাহ ধৰি কিছু কষ্টত থাকিব আৰু সেয়েহে এই কষ্টৰ পৰা মুক্তি পাবলৈ অনুৰাগীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে। লগতে আখটাৰে প্ৰকাশ কৰে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ যোৱা ১১বছৰ ধৰি এই কষ্টত ভুগি আছে। 

এই সন্দৰ্ভত ছোৱেইব আখটাৰে কয় যে ‘‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো বিগত ১১ বছৰ ধৰি মই বহু যন্ত্ৰণা ভুগি আহিছোঁ। কিন্তু পাকিস্তানৰ বাবে এই সকলোবোৰ মূল্যৱান আছিল। মই আৰু চাৰি-পাঁচ বছৰ খেলিব পাৰিলোঁহেঁতেন। কিন্তু মই সচেতন আছিলোঁ যে মই এনে কৰিলে মোৰ জীৱনটো হুইল চেয়াৰত বন্দী হৈ পৰিব। সেইবাবেই মই ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলো।’’

উল্লেখ্য যে পাকিস্তানৰ দ্ৰুত বলিং কিংবদন্তি ছোৱেইব আখটাৰে নিজ কেৰিয়াৰত ৪৬খন টেষ্টত ১৭৮টা উইকেট দখল কৰাৰ বিপৰীতে ১৬৩খন এদিনীয়া খেলত ২৪৭টা উইকেট দখল কৰিছিল। আনহাতে তেওঁ ১৫খন T20 ইণ্টাৰনেশ্যনেল খেলো খেলে, য’ত তেওঁৰ নামত ১৯টা উইকেট আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement