--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ অক্টোবৰ অৰ্থাৎ দেওবাৰে মহিলা টি-২০ বিশ্বকাপ ২০২৪ত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দল। এই পৰাজয়ৰ পিছত এতিয়া ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ যেন পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলৰ হাতত একোৱেই নাছিল।


গ্ৰুপ-এত ভাৰতীয় দল। এই গ্ৰুপত মুঠ ৫ টা দল আছে, য'ত পাকিস্তান আৰু নিউজিলেণ্ডৰ বাহিৰে বাকী সকলো দলে ৪-৪ খন খেল খেলিছে। পাকিস্তান আৰু নিউজিলেণ্ডৰ দলে ১৪ অক্টোবৰ অৰ্থাৎ আজি অন্তিমখন খেল খেলিব। ভাৰত, নিউজিলেণ্ড আৰু পাকিস্তানৰ ভিতৰত কোনটো দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব এই খেলখনেই নিৰ্ণয় কৰিব। 


Pakistan vs New Zealand 5th T20I Highlights: Babar Azam, Shaheen Afridi  Help PAK Beat NZ To Draw Series | Cricket News
পাকিস্তানে এতিয়ালৈকে তিনিখন মেচৰ ভিতৰত মাত্ৰ এখন মেচত জয়লাভ কৰিছে। এনে পৰিস্থিতিত যদি পাকিস্তানে অন্তিমখন খেলত নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰত আৰু নিউজিলেণ্ডৰ দৰে পাকিস্তানো দুটা জয়ৰ সৈতে ৪ পইণ্টত থাকিব। এইদৰে উন্নত নেট ৰান ৰেট থকা দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

এতিয়ালৈকে গ্ৰুপ পৰ্যায়ৰ তিনিখন মেচৰ ভিতৰত দুখন মেচত জয়লাভ কৰিছে নিউজিলেণ্ডে। এনে পৰিস্থিতিত যদি পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ডে জয়লাভ কৰে তেন্তে মহিলা দলটোৱে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰত্যক্ষ ছেমি ফাইনেলত প্ৰৱেশ কৰিব।


Disney Star signs 14 sponsors for ICC Women's T20 World Cup 2024, including  Dream11 and OnePlus

মহিলা টি-২০ বিশ্বকাপত ভাৰতীয় দলে গ্ৰুপৰ চাৰিওখন মেচ খেলিছিল। ভাৰতীয় দলে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিছিল, য’ত ভাৰতীয় দলে ৫৮ ৰানত পৰাস্ত হৈছিল। তাৰ পাছত দ্বিতীয়খন মেচত পাকিস্তানৰ বিৰুদ্ধে ৬ উইকেটত আৰু তৃতীয়খন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ৮২ ৰানত জয়লাভ কৰে ভাৰতীয় দলে। কিন্তু তাৰ পিছত গ্ৰুপ পৰ্যায়ৰ চতুৰ্থ আৰু অন্তিমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ