--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানা দক্ষতা নিয়োগ নিগমৰ অন্তৰ্গত চাফাই কৰ্মচাৰীৰ পদত নিযুক্তিৰ বাবে আৱেদন প্ৰক্ৰিয়াৰ অন্ত পৰিল। এই নিযুক্তি ঠিকাভিত্তিকভাৱে কৰা হ’ব। এই নিযুক্তিৰ বাবে বহু স্নাতক আৰু স্নাতকোত্তৰ প্ৰাৰ্থীয়ে আবেদন কৰিছে। এইবোৰত এটা চাঞ্চল্যকৰ পৰিসংখ্যাৰ উন্মেষ ঘটিছে। এই পদৰ বাবে ৪৬ হাজাৰৰো অধিক স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰ-পত্ৰ পূৰণ কৰিছে।

এই নিযুক্তিৰ বাবে ৬,০০০ স্নাতকোত্তৰ আৰু ৪০,০০০ স্নাতক ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে। ইয়াৰ উপৰিও দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ আবেদনকাৰীৰ সংখ্যা ১.২ লাখ। হাৰিয়ানা দক্ষতা নিয়োগ নিগমৰ অধীনত ৫ হাজাৰ চাফাই কৰ্মীৰ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ১৫ হাজাৰ টকা দৰমহা পাব। এই পদসমূহৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক ৰাজহুৱা স্থান, ৰাস্তা-ঘাট, অট্টালিকা আৰু জাবৰ-জোঁথৰ পৰিষ্কাৰ কৰাৰ কাম অৰ্পণ কৰা হ’ব।

উল্লেখ্য যে তেওঁলোকৰ নিযুক্তি কেৱল তেওঁলোকৰ গৃহ জিলাতহে হ’ব। হাৰিয়ানা দক্ষতা নিয়োগ নিগমে এই নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰে ৷ আৰু অনলাইন আবেদন প্ৰক্ৰিয়া ২০২৪ চনৰ ৬ আগষ্টৰ পৰা আৰম্ভ হৈ ২২ আগষ্টত শেষ হয় । এই নিযুক্তিৰ বাবে পৰীক্ষাৰ্থীৰ বয়স ১৮ৰ পৰা ৪২ বছৰৰ ভিতৰত হ’ব লাগিব আৰু নূন্যতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

২০২৩ চনত ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি’য়ে প্ৰকাশ কৰা নিবনুৱাৰ হাৰৰ তথ্য অনুসৰি ডিচেম্বৰ মাহত হাৰিয়ানাত সৰ্বাধিক নিবনুৱাৰ হাৰ (৩৭.৪ শতাংশ) আছিল । ইয়াৰ পিছত ৰাজস্থানত নিবনুৱাৰ হাৰ ২৮.৫ শতাংশ, দিল্লীত ২০.৮ শতাংশ, বিহাৰত ১৯.১ শতাংশ আৰু ঝাৰখণ্ডত ১৮ শতাংশ হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ