--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশত পুনৰ ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। মুছলমান লোকৰ বসতিপ্ৰধান দেশখনত পুনৰ নিৰ্বিচাৰ পৰিকল্পিত আক্ৰমণৰ বলি হৈছে সংখ্যালঘু হিন্দুসকল। এই আক্ৰমণত পুনৰ দুজন হিন্দু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

বুধবাৰৰ পৰা দেশখনত হিন্দুবিৰোধী এই সংঘাতৰ সূত্ৰপাত ঘটিছে আৰু এতিয়ালৈ কমেও ছজন লোকৰ মৃত্যু হৈছে। এটা দুৰ্গা পূজা মণ্ডপত ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰাণক অৱমাননা কৰা বুলি উঠা অভিযোগৰ পাছতে দেশখনত সাম্প্ৰদায়িক সংঘাতে গা কৰি উঠিছিল। ভালেমান দু্ষ্কৃতিকাৰীয়ে বিভিন্ন পূজা মণ্ডপত আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰিছিল দুৰ্গাৰ মূৰ্তি আৰু পূজা মণ্ডপ। এই সংঘাতৰ পৰিণতিত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। তাৰ পাছত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে এই সংঘৰ্ষত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে যদিও শনিবাৰে পুনৰ হিন্দু মন্দিৰত আক্ৰমণ সংঘটিত কৰে দুষ্কৃতিকাৰীয়ে। নোৱাখালিত শুকুৰবাৰে এটা ইস্কন মন্দিৰত আক্ৰমণ চলাই এজন ভক্তক হত্যা কৰিছিল সংঘৰ্ষকাৰীয়ে। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি ৫০০ লোকে আক্ৰমণ কৰিছিল ইস্কন মন্দিৰটোত। শুকুৰবাৰে দুৰ্গা পূজাৰ দেৱী বিসৰ্জনৰ সময়তো মন্দিৰত আক্ৰমণৰ বলি হৈছিল হিন্দু লোক। প্ৰায় ২০০ লোকৰ দলে দুৰ্গা পূজা স্থলীত আক্ৰমণ কৰিছিল শুকুৰবাৰেও। বেগমগঞ্জত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণকাৰীয়ে এজন লোকক প্ৰহাৰ কৰি আৰু ছুৰীকাঘাতেৰে হত্যা কৰে।


ইফালে, শনিবাৰেও এজন হিন্দু লোকৰ মৃতদেহ উদ্ধাৰ হৈছে মন্দিৰৰ কাষৰ এটা পুখুৰীৰ পাৰত। যোৱা দুদিনত হোৱা সংঘৰ্ষত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ তথ্য আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু আন ১৫০জন হিন্দু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ ১২খনৰো অধিক জিলাত এতিয়া হিন্দুবিৰোধী সংঘৰ্ষ বিয়পি পৰিছে আৰু পৰিস্থিতিৰ অধিক অৱনিত ঘটাৰ আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু