--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশত পুনৰ ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ। মুছলমান লোকৰ বসতিপ্ৰধান দেশখনত পুনৰ নিৰ্বিচাৰ পৰিকল্পিত আক্ৰমণৰ বলি হৈছে সংখ্যালঘু হিন্দুসকল। এই আক্ৰমণত পুনৰ দুজন হিন্দু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

বুধবাৰৰ পৰা দেশখনত হিন্দুবিৰোধী এই সংঘাতৰ সূত্ৰপাত ঘটিছে আৰু এতিয়ালৈ কমেও ছজন লোকৰ মৃত্যু হৈছে। এটা দুৰ্গা পূজা মণ্ডপত ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰাণক অৱমাননা কৰা বুলি উঠা অভিযোগৰ পাছতে দেশখনত সাম্প্ৰদায়িক সংঘাতে গা কৰি উঠিছিল। ভালেমান দু্ষ্কৃতিকাৰীয়ে বিভিন্ন পূজা মণ্ডপত আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰিছিল দুৰ্গাৰ মূৰ্তি আৰু পূজা মণ্ডপ। এই সংঘাতৰ পৰিণতিত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। তাৰ পাছত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে এই সংঘৰ্ষত জড়িত লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে যদিও শনিবাৰে পুনৰ হিন্দু মন্দিৰত আক্ৰমণ সংঘটিত কৰে দুষ্কৃতিকাৰীয়ে। নোৱাখালিত শুকুৰবাৰে এটা ইস্কন মন্দিৰত আক্ৰমণ চলাই এজন ভক্তক হত্যা কৰিছিল সংঘৰ্ষকাৰীয়ে। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমত দিয়া ভাষ্য অনুসৰি ৫০০ লোকে আক্ৰমণ কৰিছিল ইস্কন মন্দিৰটোত। শুকুৰবাৰে দুৰ্গা পূজাৰ দেৱী বিসৰ্জনৰ সময়তো মন্দিৰত আক্ৰমণৰ বলি হৈছিল হিন্দু লোক। প্ৰায় ২০০ লোকৰ দলে দুৰ্গা পূজা স্থলীত আক্ৰমণ কৰিছিল শুকুৰবাৰেও। বেগমগঞ্জত এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণকাৰীয়ে এজন লোকক প্ৰহাৰ কৰি আৰু ছুৰীকাঘাতেৰে হত্যা কৰে।


ইফালে, শনিবাৰেও এজন হিন্দু লোকৰ মৃতদেহ উদ্ধাৰ হৈছে মন্দিৰৰ কাষৰ এটা পুখুৰীৰ পাৰত। যোৱা দুদিনত হোৱা সংঘৰ্ষত কমেও দুজন লোকৰ মৃত্যু হোৱাৰ তথ্য আৰক্ষীয়ে নিশ্চিত কৰিছে আৰু আন ১৫০জন হিন্দু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ ১২খনৰো অধিক জিলাত এতিয়া হিন্দুবিৰোধী সংঘৰ্ষ বিয়পি পৰিছে আৰু পৰিস্থিতিৰ অধিক অৱনিত ঘটাৰ আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ