--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাংলাদেশৰ কিশোৰগঞ্জ জিলাত অৱস্থিত এটা হিন্দু মন্দিৰ ভাঙি লণ্ড ভণ্ড আৰু লুটপাত চলাইছিল কেইজন ইছলাম ধৰ্মী লোকে। এই ঘটনাই সমগ্ৰ বাংলাদেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অপৰাধজনিত ঘটনাটোৰ সংঘটিত কৰা বাবে আৰক্ষীৰ জালত পৰিল এজন ইমামসহ চাৰিজন লোক। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান নিজ জিম্মাত ৰাখিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ২২ বছৰীয়া মামুনুৰ ৰছিদ, ১৫-১৬ বছৰীয়া দুজন কিশোৰ আৰু ৫০ বছৰীয়া ইমাম কাফিল উদ্দিন আছিল। তেওঁলোকে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰিছে।

শুকুৰবাৰে কাদিম মাঝাটি অঞ্চলৰ এটা কালী মন্দিৰত আটাইকেইজনে মিলি এই হিংসাত্মক ঘটনাটো সংঘটিত কৰিছিল। দুৰ্বৃত্তসকলে মন্দিৰটোত প্ৰৱেশ কৰি পাঁচটা মূৰ্তি ভাঙি পলাই গৈছিল। এই আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া পূজাৰীয়ে মূৰ্তি বিসৰ্জনৰ বাবে প্ৰস্তুতি চলাই আছিল।

মন্দিৰ কৰ্তৃপক্ষই ঘটনাটোৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়াত কিশোৰগঞ্জ আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে লয় আৰু জোৰদাৰ তদন্তত নামে। অতি ক্ষীপ্ৰতাৰে চলোৱা এই তদন্তত আৰক্ষীৰ জালত পৰে দুৰ্বৃত্তৰ দলটো। আৰক্ষীৰ প্ৰচেষ্টাক একমুখে শলাগিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে বাংলাদেশৰ হিন্দু সমাজেে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু