--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বাংলাদেশৰ কিশোৰগঞ্জ জিলাত অৱস্থিত এটা হিন্দু মন্দিৰ ভাঙি লণ্ড ভণ্ড আৰু লুটপাত চলাইছিল কেইজন ইছলাম ধৰ্মী লোকে। এই ঘটনাই সমগ্ৰ বাংলাদেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অপৰাধজনিত ঘটনাটোৰ সংঘটিত কৰা বাবে আৰক্ষীৰ জালত পৰিল এজন ইমামসহ চাৰিজন লোক। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান নিজ জিম্মাত ৰাখিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত ২২ বছৰীয়া মামুনুৰ ৰছিদ, ১৫-১৬ বছৰীয়া দুজন কিশোৰ আৰু ৫০ বছৰীয়া ইমাম কাফিল উদ্দিন আছিল। তেওঁলোকে আৰক্ষীৰ আগত নিজৰ দোষ স্বীকাৰ কৰিছে।

শুকুৰবাৰে কাদিম মাঝাটি অঞ্চলৰ এটা কালী মন্দিৰত আটাইকেইজনে মিলি এই হিংসাত্মক ঘটনাটো সংঘটিত কৰিছিল। দুৰ্বৃত্তসকলে মন্দিৰটোত প্ৰৱেশ কৰি পাঁচটা মূৰ্তি ভাঙি পলাই গৈছিল। এই আক্ৰমণটো তেতিয়া সংঘটিত হৈছিল যেতিয়া পূজাৰীয়ে মূৰ্তি বিসৰ্জনৰ বাবে প্ৰস্তুতি চলাই আছিল।

মন্দিৰ কৰ্তৃপক্ষই ঘটনাটোৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়াত কিশোৰগঞ্জ আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে লয় আৰু জোৰদাৰ তদন্তত নামে। অতি ক্ষীপ্ৰতাৰে চলোৱা এই তদন্তত আৰক্ষীৰ জালত পৰে দুৰ্বৃত্তৰ দলটো। আৰক্ষীৰ প্ৰচেষ্টাক একমুখে শলাগিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে বাংলাদেশৰ হিন্দু সমাজেে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ