--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৃশংস, বৰ্বৰ। হাত-ভৰি কাটি মৃতদেহ ওলোমাই থোৱা হ’ল ৰাজপথত। তালিবান কৱলিত আফগানিস্তানত পিছে এই ঘটনা সংঘটিত হোৱা নাই, এই ঘটনা সংঘটিত হৈছে এই দেশতে। শুকুৰবাৰে পুৱাই এই মৃতদেহটো দৃষ্টিগোচৰ হয় হাৰিয়ানাৰ সিংঘু সীমান্ত অঞ্চলত। কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে এজন যুৱকৰ মৃতদেহ ওলোমাই ৰখা হয় পুলিচৰ বেৰিকেডত। মৃতদেহটোত কটা বাওঁহাতখন মাটিত পৰি আছিল। মৃতদেহটোৰ তলতে দোঙা বান্ধিছিল তেজে। তেওঁৰ ভৰিও নৃশংসতাৰে কাটি পেলোৱা হৈছিল আৰু তেওঁৰ দেহৰ বিভিন্ন ঠাইতো চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন আছিল।

পুলিচৰ বেৰিকেড

অৰ্থাৎ অতি নৃশংস অত্যাচাৰেৰে লোকজনক হত্যা কৰিছিল অচিনাক্ত হত্যাকাৰীয়ে। এই সম্পৰ্কত উপ আৰক্ষী অধীক্ষক হংসৰাজে কয়, ‘আজি পুৱা প্ৰায় ৫ বজাত হাতত বান্ধি ওলোমাই থোৱা মৃতদেহটো উদ্ধাৰ হয়। কৃষকৰ প্ৰতিবাদস্থৱী হাৰিয়ানৰ শনিপাতৰ কুন্দিলত এই মৃতদেহটো উদ্ধাৰ হৈছে। এই কাৰ্য কোনে সংঘটিত কৰিছে সেয়া নিশ্চিত নহয় যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।’

পুলিচৰ বেৰিকেড


আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভুক্তভোগী ৩৫-৩৬ বছৰীয়া যুৱকজন লখবীৰ সিং। হাৰিয়ানৰ তম তৰন জিলাৰ বাসিন্দা আছিল তেওঁ। হাৰমান সিং নামৰ এজন শ্ৰমিকৰ তুলি লোৱা সন্তান আছিল লখবীৰ। এই নৃশংস ঘটনাত শিখ সম্প্ৰদায়ৰ ‘যোদ্ধা’ সংগঠন ‘নিহংগ’(Nihangs) জড়িত আছে বুলি সন্দেহ কৰা হৈছে। হাৰিয়ানাৰ শনিপাতৰ কুন্দিলত এই নৃশংস কাণ্ড সংঘটিত হয়। এই হত্যাকাণ্ডৰ এটা চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে যে, ‘নিহংগ’ৰ কেইজনমান লোক লখবীৰ সিঙৰ আশে-পাশে ঠিয় দি আছে। হাতৰ ঠাৰি কাটি পেলোৱা লোকজন যন্ত্ৰণা আৰু ভয়ত কোঙা হৈ মাটিত পৰি আছে। হত্যা কৰাৰ পাছত লোকজনৰ মৃতদেহ তালিবানী কায়দাৰে ৰাজপথত পুলিচৰ বেৰিকেডত ওলোমাই ৰখা হয়। কিহৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল সেয়াও স্পষ্ট হোৱা নাই। এই নৃশংস কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ