--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৃশংস, বৰ্বৰ। হাত-ভৰি কাটি মৃতদেহ ওলোমাই থোৱা হ’ল ৰাজপথত। তালিবান কৱলিত আফগানিস্তানত পিছে এই ঘটনা সংঘটিত হোৱা নাই, এই ঘটনা সংঘটিত হৈছে এই দেশতে। শুকুৰবাৰে পুৱাই এই মৃতদেহটো দৃষ্টিগোচৰ হয় হাৰিয়ানাৰ সিংঘু সীমান্ত অঞ্চলত। কৃষকৰ প্ৰতিবাদস্থলীৰ সমীপতে এজন যুৱকৰ মৃতদেহ ওলোমাই ৰখা হয় পুলিচৰ বেৰিকেডত। মৃতদেহটোত কটা বাওঁহাতখন মাটিত পৰি আছিল। মৃতদেহটোৰ তলতে দোঙা বান্ধিছিল তেজে। তেওঁৰ ভৰিও নৃশংসতাৰে কাটি পেলোৱা হৈছিল আৰু তেওঁৰ দেহৰ বিভিন্ন ঠাইতো চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন আছিল।

পুলিচৰ বেৰিকেড

অৰ্থাৎ অতি নৃশংস অত্যাচাৰেৰে লোকজনক হত্যা কৰিছিল অচিনাক্ত হত্যাকাৰীয়ে। এই সম্পৰ্কত উপ আৰক্ষী অধীক্ষক হংসৰাজে কয়, ‘আজি পুৱা প্ৰায় ৫ বজাত হাতত বান্ধি ওলোমাই থোৱা মৃতদেহটো উদ্ধাৰ হয়। কৃষকৰ প্ৰতিবাদস্থৱী হাৰিয়ানৰ শনিপাতৰ কুন্দিলত এই মৃতদেহটো উদ্ধাৰ হৈছে। এই কাৰ্য কোনে সংঘটিত কৰিছে সেয়া নিশ্চিত নহয় যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।’

পুলিচৰ বেৰিকেড


আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভুক্তভোগী ৩৫-৩৬ বছৰীয়া যুৱকজন লখবীৰ সিং। হাৰিয়ানৰ তম তৰন জিলাৰ বাসিন্দা আছিল তেওঁ। হাৰমান সিং নামৰ এজন শ্ৰমিকৰ তুলি লোৱা সন্তান আছিল লখবীৰ। এই নৃশংস ঘটনাত শিখ সম্প্ৰদায়ৰ ‘যোদ্ধা’ সংগঠন ‘নিহংগ’(Nihangs) জড়িত আছে বুলি সন্দেহ কৰা হৈছে। হাৰিয়ানাৰ শনিপাতৰ কুন্দিলত এই নৃশংস কাণ্ড সংঘটিত হয়। এই হত্যাকাণ্ডৰ এটা চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে যে, ‘নিহংগ’ৰ কেইজনমান লোক লখবীৰ সিঙৰ আশে-পাশে ঠিয় দি আছে। হাতৰ ঠাৰি কাটি পেলোৱা লোকজন যন্ত্ৰণা আৰু ভয়ত কোঙা হৈ মাটিত পৰি আছে। হত্যা কৰাৰ পাছত লোকজনৰ মৃতদেহ তালিবানী কায়দাৰে ৰাজপথত পুলিচৰ বেৰিকেডত ওলোমাই ৰখা হয়। কিহৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত হ’ল সেয়াও স্পষ্ট হোৱা নাই। এই নৃশংস কাণ্ডক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু