--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত-মালদ্বীপৰ কূটনৈতিক সংঘাতৰ পাছতেই মালদ্বীপলৈ অভাৱনীয়ভাৱে হ্ৰাস পাইছে ভাৰতৰ পৰ্যটক৷ ভাৰতক সমালোচনা কৰি একপ্ৰকাৰ বিপদত পৰিছে মালদ্বীপ৷ 

ইতিমধ্যে বাতিল কৰা হৈছে ‘ইজি মাই ট্ৰীপ’ৰ বিমানৰ সকলো বুকিং৷ ভাৰতত ব্যাপক হাৰত চলিছে বয়কট মালদ্বীপ ট্ৰেণ্ড৷ মালদ্বীপক সমালোচনা কৰি টুইট কৰিছে বীৰেন্দ্ৰ ছেহৱাগ, অমিতাভ বচ্চনৰ দৰে মহাতাৰকায়ো৷ 

আনহাতে, লাক্ষাদ্বীপলৈ আহিবলৈ মোদীৰ আহ্বানলৈ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে৷ মালদ্বীপৰ হোটেল বুকিং বাতিল কৰি লাক্ষাদ্বীপত বুকিং আৰম্ভ কৰিছে পৰ্যটকে৷ 

উল্লেখযোগ্য যে, মালদ্বীপলৈ সৰ্বাধিক পৰ্যটক গৈছিল ভাৰতৰ পৰা৷ ২০২৩ত ১ লাখ ৯৩ হাজাৰ ভাৰতীয় পৰ্যটক মালদ্বীপলৈ গৈছিল৷ বিগত ৬ বছৰৰ ভিতৰত এয়া সৰ্বাধিক পৰিসংখ্যা৷ ২০২২ত ২.৪১ লাখ, ২০২১ত ২.৯১ লাখ পৰ্যটক গৈছিল মালদ্বীপলৈ৷ ২০২০ৰ ক’ভিড কালতো ৬৩ হাজাৰ ভাৰতীয় মালদ্বীপলৈ গৈছিল৷ একংদৰে, ২০১৯ত ১.৮০ লাখ, ২০১৮ত ৯০ হাজাৰ ভাৰতীয় মালদ্বীপলৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে