--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত-মালদ্বীপৰ কূটনৈতিক সংঘাতৰ পাছতেই মালদ্বীপলৈ অভাৱনীয়ভাৱে হ্ৰাস পাইছে ভাৰতৰ পৰ্যটক৷ ভাৰতক সমালোচনা কৰি একপ্ৰকাৰ বিপদত পৰিছে মালদ্বীপ৷ 

ইতিমধ্যে বাতিল কৰা হৈছে ‘ইজি মাই ট্ৰীপ’ৰ বিমানৰ সকলো বুকিং৷ ভাৰতত ব্যাপক হাৰত চলিছে বয়কট মালদ্বীপ ট্ৰেণ্ড৷ মালদ্বীপক সমালোচনা কৰি টুইট কৰিছে বীৰেন্দ্ৰ ছেহৱাগ, অমিতাভ বচ্চনৰ দৰে মহাতাৰকায়ো৷ 

আনহাতে, লাক্ষাদ্বীপলৈ আহিবলৈ মোদীৰ আহ্বানলৈ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে৷ মালদ্বীপৰ হোটেল বুকিং বাতিল কৰি লাক্ষাদ্বীপত বুকিং আৰম্ভ কৰিছে পৰ্যটকে৷ 

উল্লেখযোগ্য যে, মালদ্বীপলৈ সৰ্বাধিক পৰ্যটক গৈছিল ভাৰতৰ পৰা৷ ২০২৩ত ১ লাখ ৯৩ হাজাৰ ভাৰতীয় পৰ্যটক মালদ্বীপলৈ গৈছিল৷ বিগত ৬ বছৰৰ ভিতৰত এয়া সৰ্বাধিক পৰিসংখ্যা৷ ২০২২ত ২.৪১ লাখ, ২০২১ত ২.৯১ লাখ পৰ্যটক গৈছিল মালদ্বীপলৈ৷ ২০২০ৰ ক’ভিড কালতো ৬৩ হাজাৰ ভাৰতীয় মালদ্বীপলৈ গৈছিল৷ একংদৰে, ২০১৯ত ১.৮০ লাখ, ২০১৮ত ৯০ হাজাৰ ভাৰতীয় মালদ্বীপলৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ