--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

অনুলিখন :মুছফিক হুছেইন, হীৰক ডেকা আৰু প্ৰীতিশ্ৰী ভৰদ্বাজ


ডিজিটেল ডেস্ক : বাংলাদেশৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ খবৰে সৰ্বত্ৰে আলোড়নৰ সৃষ্টি কৰিছে। এইকথা সকলোৰে জ্ঞাত যে, দুৰ্গা পূজাৰ অষ্টমীৰ নিশাৰ পৰা বাংলাদেশত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষক লৈ হোৱা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ এই সাম্প্ৰদায়িক সংঘৰ্ষৰ কাৰণ, উৎস বিচাৰি আজি আমাৰ সাৰাংশৰ অৱতাৰণা৷ এই পৰিক্ৰমা যিহেতু দীঘলীযা গতিকে আমি সাৰংশক দুটা ভাগত ভাগ কৰিছোঁ, আজিৰ অংশটো হ’ব প্ৰথম ভাগ।


দুৰ্গাপূজা বাংলাদেশৰ অন্যতম বৃহৎ অনুষ্ঠান, আন বছৰৰ দৰে বাংলাদেশত এইবাৰ মহা পয়োভৰেৰে আয়োজন চলিছিল দুৰ্গা পূজাৰ৷ অনানুষ্ঠানিক বাতৰি মতে, ৩০ হাজাৰৰো অধিক পূজা অনুষ্ঠিত হৈছিল বাংলাদেশত৷ কেৱল ঢাকা চহৰতে এই ক’ভিড পৰিস্থিতিৰ মাজতো ২৫৬খন ৰাজহুৱা পূজা আয়োজন কৰিছিল আৰু এই হিচাপত ব্যক্তিগতভাৱে আয়োজন কৰা ঘৰুৱা পূজাসমূহ ধৰা হোৱা নাই৷ ১১ আৰু ১২ অক্টোবৰ অৰ্থাৎ, ষষ্ঠী আৰু সপ্তমীৰ পূজা আনন্দ উল্লাসৰ মাজতে বাংলাদেশত ঘটিল এক অনাকাংক্ষিত ঘটনা৷ অষ্টমীৰ পূজা দিনা সামাজিক মাধ্যমত এখন ছবিৰ বিকৃত ৰূপত প্ৰচাৰ চলোৱা হ’ল যে, কুমিল্লা জিলাৰ এখন পূজা মণ্ডপত দুৰ্গা গোসাঁনীৰ লগত থকা হনুমানৰ ভৰিৰ তলত ইছলামিক ধৰ্ম গ্ৰন্থ কোৰাণ ৰখা হৈছে, এই কাণ্ডই মুছলমান সমাজক উত্তেজিত কৰি তুলিলে৷ এই বিকৃত ছবিখন সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱাত সমগ্ৰ দেশতে অশান্তি বিয়পাই তোলে৷ অষ্টমীৰ নিশা কুমিল্লাত আৰম্ভ হোৱা এই সাম্প্ৰদায়িক সংঘৰ্ষ নৱমীৰ দিনা বাংলাদেশৰ চাঁদপুৰ, চট্টগ্ৰাম, কস্কবজাৰ, বান্দৰবান জিলালৈকো বিয়পি পৰে৷ পূজাস্থলীসমূহ তেওঁলোকৰ আক্ৰমণৰ লক্ষ্য হোৱাৰ পাছত হিন্দুৰ ঘৰ-দুৱাৰসমূহতো আক্ৰমণ চলিল৷ একাংশ মুছলমান লোকে হিন্দুৰ ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰাৰ ছবি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ প্ৰতিবছৰৰ দৰে এইবাৰো বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বিজয়া দশমীৰ দিনা প্ৰীতি সভাৰ আয়োজন কৰে আৰু সভাতে তেওঁৰ স্থিতি স্পষ্ট কৰে যে, যিসকলে জনতাৰ বিশ্বাস অৰ্জন কৰিব পৰা নাই তেওঁলোকে এনেধৰণৰ কুটাঘাত সংঘটিত কৰিছে৷ এই লোকসকল এতিয়া কোন তাক জানিবলৈ আমি ইতিহাসৰ পাত লুটিয়াব লাগিব৷

অঘটন
prag news

৯ মাহজোৰা যুদ্ধৰ শেষত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত বাংলাদেশৰ জন্ম হৈছিল৷ স্বাধীনতা আন্দোলনৰ বহু পূৰ্বে পাকিস্তান সমৰ্থিত ইছলামিক মৌলবাদী সংগঠনসমূহো সক্ৰিয় হৈ আছিল৷ ইফালে, পাকিস্তান সমৰ্থিত জামাত-ঈ-ইছলামীয়ে বাংলাদেশত শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত সংগঠিত হৈ উঠা মুক্তিযুদ্ধ আৰম্ভণিৰেপৰাই বিৰোধিতা কৰি আহিছিল আৰু বাংলাদেশৰ এই মৌলবাদী সংগঠনটোৱে পাকিস্তানী সেনাক সহায় কৰিবৰ বাবে ‘ৰাজাকাৰ’ নামৰ বাহিনী এটা জন্ম দিছিল। এই বাহিনীয়ে পাক সেনাৰ লগ লাগি বাংলাদেশৰ জনগণৰ ওপৰত নিৰৱছিন্ন অত্যাচাৰ চলোৱাৰ ফলত বাংলাদেশৰ মুক্তিযুদ্ধত প্ৰায় ৩০ লাখ লোকৰ মৃত্যু হয়৷ উল্লেখ্য যে, বাংলাদেশত উৰ্দু ভাষা জাপি দি বাংলা ভাষা বিপদাপন্ন কৰাৰ বাবেই ভাষাৰ ভিত্তিত দেশখন বিভাজন হৈছিল৷ বাংলাদেশৰ জন্মদাতা মুজিবুৰ ৰহমানে যদিও সকলো জাতি ধৰ্মৰ লোকক লৈ এখন নিৰপেক্ষ ৰাষ্ট্ৰৰ সপোন ৰচিছিল, কিন্তু জামাত-ঈ-ইছলামীয়ে পাকিস্তানক ধৰ্মৰ ভিত্তিত এক হৈ থকাটোহে পোষকতা কৰিছিল। আনকি বাংলাদেশ স্বাধীন হোৱাৰ পাছতো সংগঠনটোৱে দেশখন ইছলামিক ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল৷ সেয়েহে, ৰাষ্ট্ৰখনত তাহানিৰ পৰাই ‘ধৰ্ম নিৰপেক্ষ’, ‘জাতিয়তাবাদী’, ‘শক্তি’ আৰু ‘ধৰ্মান্ধসকল’ৰ সদায়ে সংঘাট চলি আহিছে।


এই সংঘাটৰ ফলতে ১৯৭৫ চনৰ ১৫ আগষ্টত বংগবন্ধু মুজিবুৰ ৰহমানকে ধৰি তেওঁৰ পৰিয়ালৰ আটাইকেইজন লোককে কেইজনমান সেনা বাহিনীৰ লোকে হত্যা কৰিছিল৷ এই হত্যাকাণ্ডৰ নেপথ্যত ধৰ্মান্ধ-শক্তি সক্ৰিয় আছিল। ভাৰততো মহাত্মা গান্ধীক হত্যা কৰিছিল ধৰ্মান্ধ শক্তিয়ে, বাংলাদেশতো শ্বেইখ মজিবুৰৰ হত্যাৰ নেপথ্যত আছিল ধৰ্মান্ধ শক্তি।


কিন্তু সেই সময়ত মুজিবুৰ ৰহমানৰ কন্যা শ্বেখ হাছিনা বিদেশত থকা বাবে তেওঁৰ জীৱন ৰক্ষা পৰে৷ মুজিবুৰ ৰহমানৰ মৃত্যুৰ পাছত ১৯৭৭ চনত জেনেৰেল জিয়াউৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়৷ তেওঁ ৰাষ্ট্ৰপতি হৈয়েই বাংলাদেশৰ সংবিধানৰ ১২ আৰু ৩৮সংখ্যক অনুচ্ছেদ সংশোধন কৰে, যাৰ জৰিয়তে বাংলাদেশক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাৰ সকলো পথ মুকলি হ’ল৷ ইয়াৰ লগে-লগে বাংলাদেশৰ পূৰ্বৰ সাৰ্বভৌম, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো সলনি হ’ল আৰু ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠন কৰিব পাৰিব বুলি সাংবিধানে স্বীকৃতি প্ৰদান কৰিলে৷ জিয়াউৰ ৰহমানে বিৰোধী পক্ষক কঠোৰ হাতেৰে দমন কৰিছিল৷ ইয়াৰ বাবে তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত হ্ৰাস পাইছিল৷ ১৯৮১ চনৰ ৩০ মে’ত চিটাগঙত সেনা বাহিনীৰ এটা দলে জিয়াউৰ ৰহমানক হত্যা কৰিলে৷ জেনেৰেল জিয়াউৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে পাকিস্তানৰ পৰা নিৰন্তৰ সমৰ্থন পাইছিল৷ জিয়াউৰ ৰহমানৰ মৃত্যুৰ পিছত ন্যায়াধীশ আদ্দুছ ছাত্তাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি হয়। কিন্তু এবছৰ নৌহওঁতেই হোছেইন মহম্মদ এৰশ্বাদে সামৰিক অভ্যুত্থানৰ জৰিয়তে বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়৷ কিন্তু সেই সময়তে দেশখনত মাৰাত্মক খাদ্য সংকট, অৰ্থনৈতিক সংকটে দেখা দিছিল যাৰ ফলত দেশখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ ফলত এৰশ্বাদে জনসাধাৰণৰ মাজত নিজৰ আস্থা অৰ্জনৰ বাবে গণভোটৰ আয়োজন কৰে আৰু এই গণভোটত এৰশ্বাদ বিপুল ভোটত বিজয়ী হয়৷ তাৰ পাছত এৰশ্বাদে ‘জাতীয় দল’নামেৰে এটা ৰাজনৈতিক দল গঠন কৰে আৰু ১৯৮৬ চনত এৰশ্বাদে সাধাৰণ নিৰ্বাচন ঘোষণা কৰে৷ সেই নিৰ্বাচনতো এৰশ্বাদে ‘বাংলাদেশ জাতীয় দল’ নেতৃত্বাধীন খালেদা জিয়াক পৰাস্ত কৰি বিপুল ভোটত জয়ী হয় আৰু সেই বছৰৰে নৱেম্বৰ মাহত বাংলাদেশত সেনা শাসন প্ৰত্যাহাৰ কৰে৷ এৰশ্বাদে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ১৯৮৮ চনৰ জুন মাহত সংবিধান সংশোধন কৰি বাংলাদেশক এখন ‘ইছলামিক ৰাষ্ট্ৰ’ হিচাপে ঘোষণা কৰে৷ কিন্তু তাৰ পৰৱৰ্তী সময়ত বাংলাদেশত এক ৰাজনৈতিক বিদ্ৰোহৰ সূচনা হয়। এই বিদ্ৰোহত বিৰোধী পক্ষৰ সকলো লোকে এৰশ্বাদৰ বিৰোধিতা কৰিছিল। বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল বেগম হাচিনা, খালেদা জিয়া আনকি জামাত-ঈ-ইছলামীৰ লোকসকলে ৰাজপথত নামি পৰিছিল৷ অৱশেষত ১৯৯০ চনৰ ৬ ডিচেম্বৰ তাৰিখে জেনেৰেল এৰশ্বাদে পদত্যাগ কৰে৷ ১৯৯১ চনত বেগম খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশ জাতীয় দলে চৰকাৰ গঠন কৰে আৰু সেই চৰকাৰখনে জামাত-ঈ-ইছলামীৰ পৰাও পূৰ্ণ সমৰ্থন লাভ কৰিছিল৷
খালেদা জিয়াৰ নেতৃত্বাধীন চৰকাৰখন ৩ বছৰ নৌহওঁতেই ১৯৯৪ চনৰ উপ-নিৰ্বাচনত ‘ৰিগিং’ হোৱাৰ অভিযোগত পদত্যাগ কৰিবলগীয়া হয়৷ তাৰ পৰিপ্ৰেক্ষিতত ১৯৯৬ চনৰ জুন মাহত হোৱা নিৰ্বাচনত শ্বেখ হাছিনাই আৱানী লীগৰ নেতৃত্বত চৰকাৰ গঠন কৰে৷ ২০০১ চনত হাছিনাৰ চৰকাৰে পুনৰ বিপুল প্ৰতিবাদৰ সন্মুখীন যাৰ ফলত তেওঁ পদত্যাগ কৰিব লগা হয়৷ ফলত, ২০০১ চনৰ অক্টোবৰৰ নিৰ্বাচনত খালেদা জিয়া তৃতীয় বাৰৰ বাবে ক্ষমতালৈ আহে৷ ২০০৬ চনত প্ৰবল গণ বিক্ষোভৰ পৰিণতিত খালেদা জিয়াৰ চৰকাৰৰ পুনৰ পতন হয়৷ বাংলাদেশত সেনা বাহিনীৰ শ্ৰুতলিপিত কেইবাজনো অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ঘোষিত হয়৷ তুমুল অস্থিৰতাৰ পাছত ২০০৮ চনৰ ডিচেম্বৰত শ্বেখ হাছিনা পুনৰ ক্ষমতালৈ আহে৷


২০০৫ চনত বাংলাদেশত এলানি বোমা বিস্ফোৰণ হৈছিল, সেই ঘটনাটোত ২৮ জন লোকৰ মৃত্যু হৈছিল আৰু ৮০০ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল৷ এই ঘটনাটোৰ লগত জড়িত মূল খলনায়ক বাংলা ভাইসহ সকলো লোককে শ্বেখ হাছিনাই ক্ষমতালৈ আহিয়েই ফাঁচি কাঠত ওলমালে। যিটো জামাত-ঈ-ইছলামীয়ে ঘোৰ বিৰোধিতা কৰিছিল৷ এই ধৰ্মান্ধ শক্তিসমূহেই দুৰ্গা পূজাৰ সময়ত অশান্তিৰ ব্লুপ্ৰিণ্ট ৰচিছিল। বাংলাদেশত ‘ধৰ্ম নিৰপেক্ষ ভাষাকেন্দ্ৰিক জাতীয়তাবাদ’ আৰু ‘ধৰ্মান্ধ মৌলবাদ’ৰ সংঘাটে দেশখন অস্থিৰ কৰি তুলিছে। ভাৰততো অনুৰূপ সংঘাট বিদ্যমান। হাছিনা চৰকাৰে ধৰ্ম নিৰপেক্ষতা বজাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। ভাৰতত ধৰ্মান্ধ শক্তিয়ে ক্ষমতা পালে, বাংলাদেশতো অনুৰূপ পৰিস্থিতি সৃষ্টি হ’লে দক্ষিণ এছিয়াৰ পৰিস্থিতি ভয়াৱহ হৈ উঠিব। (আগলৈ)…

FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?