--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'Man is mortal' বা 'মানুহ মৰণশীল' এই কথা আমি সকলোৱে জানো। ইচ্ছা নাথাকিলেও আমি এদিন নহয় এদিন এৰি যাবই লাগিব এই ৰঙীন পৃথিৱী..এয়াই সত্য। মানৱ জাতিত এনে বহু লোক আছে যিয়ে চিৰকাল জীয়াই থাকিব বিচাৰে বা অমৰ হৈ থকাৰ অসম্ভৱ উচ্চাকাংক্ষা পুহি ৰাখে। এই অসম্ভৱক এইবাৰ সম্ভৱ কৰিবলৈ আগবাঢ়িছে এটা কোম্পানী।এই কোম্পানীয়ে দাবী কৰিছে যে মানুহে এতিয়া যিমান দিনলৈকে মন যায় সিমান দিনলৈকে জীয়াই থাকিব পাৰিব।

ডেইলী ষ্টাৰৰ প্ৰতিবেদন অনুসৰি, স্কটছডেল এৰিজোনাস্থিত প্ৰতিষ্ঠান 'এলকৰ ক্ৰয়নিক্স'-এ দাবী কৰিছে যে মৃত্যুৰ পিছত এক বিশেষ ফ্ৰীজত ৰখাৰ পাছত মৃত শৰীৰটো পুনৰুজ্জীৱিত কৰিব পৰা যাব। কোম্পানীৰ দাবী অনুসৰি, মৃত্যুৰ পাছত মৃতদেহ আৰু মগজুক তৰল নাইট্ৰ'জেনলৈ পুনৰুজ্জীৱিত কৰা আৰু সেইবোৰ সম্পূৰ্ণ শৰীৰত ৰখাৰ সূত্ৰ আৱিষ্কাৰ কৰা হৈছে। কোম্পানীটোৱে দাবী কৰিছে যে এই প্ৰযুক্তিৰ জৰিয়তে ভৱিষ্যতে মৃত্যুৰ পিছত মানুহক পুনৰ জীৱিত কৰাৰ ক্ষমতা থাকিব আৰু যাৰ অমৰ হৈ থকাৰ ইচ্ছা তেওঁ অমৰ হৈ থাকিব পাৰিব।

আৰু পঢ়কঃ ৰাষ্ট্রীয় চলচ্চিত্ৰ বঁটাঃ পৰিৱেশ বিষয়ক শ্ৰেষ্ঠ ছবিৰ বঁটা অৰ্জন ডঃ সঞ্জীৱ নাৰায়ণ নিবেদিত ‘Water Burial’ৰ

আলকোৰ ফাৰ্মৰ মতে, মৃত শৰীৰটো সম্পূৰ্ণ সুৰক্ষাৰ অধীনত ৰখাৰ ব্যয় হ'ব ২০০,০০০ ডলাৰ বা ১,৪৯,৯৯,৯০০ টকা। নিউৰো-ৰোগীসকলৰ বাবে, ব্যয় হ'ব $80,000 বা ৫৯,৯৯,৯৬০ টকা, য'ত তেওঁলোকে এই প্ৰযুক্তিৰ জৰিয়তে তেওঁলোকৰ মগজু সংৰক্ষণ কৰিব পাৰিব। কোম্পানীটোৰ ব্ৰিটিছ মুখ্য কাৰ্যবাহী বিষয়া মেক্স মোৰৰ মতে, এই প্ৰক্ৰিয়াটো প্ৰকৃততে বহুতৰ বাবে যথেষ্ট ব্যয়বহুল হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ