--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে ভয়ংকৰ যুদ্ধ। যুদ্ধই আজি অষ্টম দিনত ভৰি দিলে। যুদ্ধ মীমাংসাৰ দিশে আগবঢ়া নাই। ৰাছিয়াৰ সৈন্য বাহিনীয়ে ৰাজধানী কিয়েভকে ধৰি খাৰকিভ আৰু খেৰচান চহৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ ফলত এগৰাকী বাংলাদেশী যুৱকে হেৰুৱালে প্ৰাণ। ওলভিয়া বন্দৰত এটা ৰাছিয়ান মিছাইলে হঠাতে বাংলাদেশ শ্বিপিং কৰ্পোৰেশ্যনক আঘাত কৰাত বাংলাদেশৰ এজন নাবিক নিহত হয়। ওলভিয়া বন্দৰত আৱদ্ধ হৈ থকা বাংলাদেশ শ্বিপিং কৰ্পোৰেশ্যনৰ ওপৰত হঠাতে এটা ৰাছিয়াৰ মিছাইলে আঘাত কৰাত নাবিকজন নিহত হয়। নিহত নাবিকজনক হাদিছুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।মিছাইল আক্ৰমণৰ সন্মুখীন হোৱা বাংলাদেশৰ জাহাজখনৰ নাম বাংলাৰ সমৃদ্ধি। ৰাছিয়াই বৃহস্পতিবাৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ লগতে ৰাজধানী কিয়েভত কেইবাটাও বৃহৎ বিমান আক্ৰমণ চলাইছিল। আৰু পঢ়কঃ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰিলে ৭.৫ কোটি টকাৰ পুৰস্কাৰ ঘোষণা ৰাছিয়াৰ ব্যৱসায়ীৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক