--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইন সংঘাতে আজি অষ্টম দিনত ভৰি দিলে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অথবা বেলাৰুছ, পোলেণ্ডত অনুষ্ঠিত শান্তি আলোচনাই হওক, কোনো দিশতে সৰ্বসন্মত সিদ্ধান্তত উপণীত হ’ব পৰা নাই দুয়োখন ৰাষ্ট্ৰ৷ তাৰ মাজতে মুখ খুলিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ ৰাছিয়াই ইউক্ৰেইনত ধ্বংসলীলা চলাই থকাৰ সময়তে ট্ৰাম্পে টাইৱানক লৈ কৰিলে এক তাৎপৰ্যপূৰ্ণ মন্তব্য৷ তেওঁ কয়, আন এখন যুদ্ধৰ পৰৱৰ্তী লক্ষ্য হৈ পৰিব পাৰে টাইৱান৷ কিয়নো, ৰাছিয়া-ইউক্ৰেইন সংঘাতক আঁৰৰ পৰা উপভোগ কৰি আছে চীনৰ ৰাষ্ট্ৰপতি জী জিনপিঙে৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰি কৰি কয় যে পুটিনে কেতিয়াও ট্ৰাম্পৰ সৈতে এনে নকৰিলেহেঁতেন। ট্ৰাম্পে লগতে কয়, ৰাষ্ট্ৰপতি জী জিনপিং উচ্চ চোৰাংচোৱা স্তৰৰ এজন ব্যক্তি, আৰু তেওঁ আফগানিস্তানত কি ঘটিছিল সেয়া চাই আছিল৷ আমি আফগানিস্তান এৰি যোৱাৰ ধৰণ তেওঁ দেখিছিল৷ তেওঁ যি কৰিব বিচাৰে সেয়া কৰাৰ এইটো তেওঁৰ সুযোগ৷ ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে এটা ভাল যুঁজ দিছে, যিটো বেছিভাগ লোকে সম্ভৱ বুলি ভবাতকৈ বহুত ভাল৷ ট্ৰাম্পে পুনৰ কয় যে, পুটিনে তেওঁৰ (ট্ৰাম্প) সৈতে কেতিয়াও এনে নকৰিলেহেঁতেন। ট্ৰাম্পে তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক প্ৰশংসা কৰে আৰু কয় যে তেওঁ (ট্ৰাম্পে) জেলেনস্কিৰ যুদ্ধকালীন বীৰত্বৰ প্ৰাৰম্ভিক সংস্কৰণ চাবলৈ পাইছিল যেতিয়া জেলেনস্কিয়ে ট্ৰাম্পে তেওঁক হেঁচা দিয়া বুলি অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক