--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত এক কুটনৈতিক স্থিতি অব্যাহত ৰাখিছে

ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ তুংগত। বিশ্বৰ বিভিন্ন দেশে যুদ্ধ স্থগিত ৰখাৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰিছে যদিও সফল হ’ব পৰা নাই। এনে সময়তে চৰ্চালৈ আহিছে ভাৰতৰ এটা বৃহৎ পদক্ষেপ। চৰ্চা অনুসৰি ভাৰতে ৰুচ সেনাক খাৰকিভ ধ্বংস কৰাত বাধা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। ভাৰতে কেনেকৈ ৰুচ সেনাৰ পৰা খাৰকিভ ৰক্ষা কৰিলে? ছয় ঘন্টা ধৰি ভাৰতে এনে এটা কাম কৰিবলৈ সক্ষম হৈছিল যিটো বিশ্ব শক্তিয়ে কোনোমতে কৰিব পৰা নাছিল। এয়া আছিল ৰাছিয়াৰ জাৰ্গানেটক খাৰকিভক ধ্বংস কৰাত বাধা দিয়া। ভাৰতৰ একমাত্ৰ উদ্দেশ্য আছিল ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰৰ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে স্বদেশলৈ ওভতাই অনা। ইয়াৰ বাবে মস্কোক আগতীয়াকৈ জাননী দি ৰখাৰ বাবে ৰাছিয়া চৰকাৰক সৈমান কৰা ভাৰত চৰকাৰৰ অভিপ্ৰায় আৰু দৃষ্টিভংগী ব্যাপকভাৱে প্ৰশংসিত হৈছে। ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত এক কুটনৈতিক স্থিতি অব্যাহত ৰাখিছে। ভাৰতে যুদ্ধ তাৎক্ষণিকভাৱে বন্ধ ৰখাৰ আহ্বান জনাই আহিছে যদিও আক্ৰমণৰ বাবে ৰাছিয়াক পোনপটীয়াকৈ সমালোচনা কৰাৰ পৰা বিৰত আছে। ছ'চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে ভাৰতৰ এই কাৰ্যক ভাৰতীয় কূটনীতিৰ শক্তিৰ প্ৰতিফলন বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছিল য'ত তেওঁ যুদ্ধবিধ্বস্ত দেশখনত চলি থকা সংঘৰ্ষৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল। দুয়োজন নেতাই ২৬ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা অপাৰেচন গংগা সন্দৰ্ভতো আলোচনা কৰিছিল। বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক জনায় যে তেওঁৰ দেশে ৰাছিয়ালৈ আটাইতকৈ কম পথত মানৱীয় কৰিডৰৰ জৰিয়তে খাৰকিভৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক জৰুৰীভাৱে স্থানান্তৰিত কৰাৰ চেষ্টা কৰি আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ বিষয়ে একেই মত পোষণ কৰে। তেওঁ কয় যে ভাৰতীয় শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ নিৰাপত্তা বাহিনীয়ে বন্দী কৰি ৰাখিছে, যিসকলে তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰে আৰু তেওঁলোকক ৰাছিয়াৰ ভূখণ্ডলৈ ৰাওনা হোৱাত বাধা দিয়াৰ বাবে সকলো সম্ভৱ উপায় ব্যৱহাৰ কৰে। তেওঁ আৰু কৈছে যে এনে পৰিস্থিতিত দায়িত্ব সম্পূৰ্ণৰূপে কিয়েভ কৰ্তৃপক্ষৰ ওপৰত আছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অৱশ্যে ৰাছিয়াৰ দাবী নাকচ কৰে আৰু কয় যে খাৰকিভত কোনো ভাৰতীয় শিক্ষাৰ্থীক বন্দী কৰি ৰখা হোৱা নাই। যুদ্ধৰ পৰিস্থিতিৰ মাজতে ছ’চিয়েল মিডিয়াত ভাৰতৰ কুটনৈতিক স্থিতি আৰু কৌশল এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। অপাৰেচন গংগাৰ বাবেই ৰাছিয়াৰ সেনাই খাৰকিভ ৬ ঘন্টাৰ বাবে আক্ৰমণ কৰিব পৰা নাছিল। যাৰ পৰিণতিত খাৰকিভ ধ্বংস হোৱাৰ পৰা বহু পৰিমাণে বাচি থাকিল। কিন্তু এই দাবীৰ সত্যতা কোনোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। ছ’চিয়েল মিডিয়াত চলা এটা ব্যাপক চৰ্চাহে!
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত