--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত এক সমাৱেশত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে সমাৱেশত জনতাক সম্বোধন কৰি ৰাজ্যখনত বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ সৰৱ হৈ পৰিছিল। তাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে৷ চুবুৰীয়া ৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত আন এখন দেশৰ দায়িত্বশীল পদবীধাৰী লোকে কৰা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে।

প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে ঝাৰখণ্ডত অনুষ্ঠিত হ’ব নিৰ্বাচন। তেনে পৰিস্থিতিতে অমিত শ্বাহে ২০ ছেপ্টেম্বৰ শুকুৰবাৰে শ্বাহগঞ্জত নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি হেমন্ত ছুৰেণ চৰকাৰে অনুপ্ৰৱেশকাৰীক ৰাজ্যখন দখল কৰিবলৈ অনুমতি দিছে বুলি দাবী উত্থাপন
কৰিছে লগতে অমিত শ্বাহে ‘ঝাৰখণ্ড চৰকাৰ এবাৰ সলনি কৰক, ভাৰতীয় জনতা পাৰ্টিয়ে ঝাৰখণ্ডৰ পৰা ৰহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাচি বাচি আঁতৰাই পঠাব বুলি মন্তব্য কৰিছিল। 

অমিত শ্বাহে, অনুপ্ৰৱেশকাৰীসকল লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, ৰাহুল বাবাৰ কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ভোট বেংক বুলি কটাক্ষ কৰি কয়, তেওঁলোকে ভোট বেংকৰ স্বাৰ্থতে অনুপ্ৰৱেশ বন্ধ নকৰে। এতিয়া দুৰ্নীতিগ্ৰস্ত জেএমএম চৰকাৰক বাট দেখুৱাৰ সময় আহি পৰিছে’ আমি ঝাৰখণ্ড সলনি কৰিব বিচাৰো বুলি বক্তব্য প্ৰদান কৰিছিল৷

যিদৰে ঝাৰখণ্ডত অনুপ্ৰৱেশ চলি আছে, ২৫-৩০ বছৰৰ পাছত ইয়াত অনুপ্ৰৱেশকাৰী সংখ্যাগৰিষ্ঠ হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে দাবী উত্থাপন কৰিছিল৷বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ওলোটাকৈ ওলোমাই মোকাবিলা কৰিব বুলি মন্তব্য কৰি কয় ‘এই মাটি জনজাতিৰ নে, নে ৰহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ।’ ঝাৰখণ্ডক কোনেও বচাব নোৱাৰে বুলি মম্তব্য দিছিল৷

বাংলাদেশৰ সংবাদ মাধ্যমে অমিত শ্বাহৰ এই মন্তব্য ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰ সোমবাৰে বিয়লি ভাৰতীয় উপ-উচ্চায়ুক্ত পৱন বাধেক কাৰ্যালয়লৈ মাতি দাখিল কৰা প্ৰতিবাদী পত্ৰৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এনে মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ লগতে, গভীৰ শোক তথা চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত অমিত শ্বাহে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ আপত্তিজনক বক্তব্য প্ৰদান কৰিছিল৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু