--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত এক সমাৱেশত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে সমাৱেশত জনতাক সম্বোধন কৰি ৰাজ্যখনত বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰীক লৈ সৰৱ হৈ পৰিছিল। তাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে৷ চুবুৰীয়া ৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত আন এখন দেশৰ দায়িত্বশীল পদবীধাৰী লোকে কৰা এনে মন্তব্য অতি দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে।

প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ শেষৰ ফালে ঝাৰখণ্ডত অনুষ্ঠিত হ’ব নিৰ্বাচন। তেনে পৰিস্থিতিতে অমিত শ্বাহে ২০ ছেপ্টেম্বৰ শুকুৰবাৰে শ্বাহগঞ্জত নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি হেমন্ত ছুৰেণ চৰকাৰে অনুপ্ৰৱেশকাৰীক ৰাজ্যখন দখল কৰিবলৈ অনুমতি দিছে বুলি দাবী উত্থাপন
কৰিছে লগতে অমিত শ্বাহে ‘ঝাৰখণ্ড চৰকাৰ এবাৰ সলনি কৰক, ভাৰতীয় জনতা পাৰ্টিয়ে ঝাৰখণ্ডৰ পৰা ৰহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাচি বাচি আঁতৰাই পঠাব বুলি মন্তব্য কৰিছিল। 

অমিত শ্বাহে, অনুপ্ৰৱেশকাৰীসকল লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, ৰাহুল বাবাৰ কংগ্ৰেছ আৰু মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ ভোট বেংক বুলি কটাক্ষ কৰি কয়, তেওঁলোকে ভোট বেংকৰ স্বাৰ্থতে অনুপ্ৰৱেশ বন্ধ নকৰে। এতিয়া দুৰ্নীতিগ্ৰস্ত জেএমএম চৰকাৰক বাট দেখুৱাৰ সময় আহি পৰিছে’ আমি ঝাৰখণ্ড সলনি কৰিব বিচাৰো বুলি বক্তব্য প্ৰদান কৰিছিল৷

যিদৰে ঝাৰখণ্ডত অনুপ্ৰৱেশ চলি আছে, ২৫-৩০ বছৰৰ পাছত ইয়াত অনুপ্ৰৱেশকাৰী সংখ্যাগৰিষ্ঠ হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে দাবী উত্থাপন কৰিছিল৷বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ওলোটাকৈ ওলোমাই মোকাবিলা কৰিব বুলি মন্তব্য কৰি কয় ‘এই মাটি জনজাতিৰ নে, নে ৰহিংগীয়া আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ।’ ঝাৰখণ্ডক কোনেও বচাব নোৱাৰে বুলি মম্তব্য দিছিল৷

বাংলাদেশৰ সংবাদ মাধ্যমে অমিত শ্বাহৰ এই মন্তব্য ব্যাপকভাৱে প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰ সোমবাৰে বিয়লি ভাৰতীয় উপ-উচ্চায়ুক্ত পৱন বাধেক কাৰ্যালয়লৈ মাতি দাখিল কৰা প্ৰতিবাদী পত্ৰৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এনে মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ লগতে, গভীৰ শোক তথা চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত অমিত শ্বাহে বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ আপত্তিজনক বক্তব্য প্ৰদান কৰিছিল৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু