--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল বিজেপি চৰকাৰ খনৰ, ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰা বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ স্বৰূপ উদঙাই দিছে। জনতা ভৱনৰ উপৰি মন্ত্ৰী সঞ্জয় কিষাণৰ কাৰ্যালয় অথবা কনফাৰেঞ্চ হলত বহি ভুৱা ৱৰ্কি অৰ্ডাৰ প্ৰস্তুত কৰা বিজেপি নেতাগৰাকীৰ সৈতে আৰু কোন কোন জড়িত আছে সেই কথা স্পষ্ট কৰা উচিত। এনে বৃহৎ দুৰ্নীতি ক্ষমতাশালী আন কোনো ব্যক্তিৰ সহায় অবিহনে কৰাটো সম্ভৱ নহয়। বুধবাৰে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক নেতা অম্লানজ্যোতি হাতীবৰুৱাই এইদৰে মত প্ৰকাশ কৰে৷ আম আদমী পাৰ্টিয়ে ইয়াৰ আঁৰৰ ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

মুখ্যমন্ত্ৰীয়ে পাঠ্যক্ৰমত চৰিত্ৰ পাঠ অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগত আপৰ নেতাগৰাকীয়ে কয়, ‘চৰকাৰে বিজেপিৰ নেতা কৰ্মী সকলক চৰিত্ৰ পাঠৰ শিক্ষা দিয়া উচিত। ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত শাসনাধিষ্ঠিত বিজেপিৰ নেতা কৰ্মী সকলৰ চৰিত্ৰ গঠন কৰিব লাগিব। সেইবাবেই চৰিত্ৰ পাঠ তেওঁলোকৰ বাবে বাধ্যতামূলক কৰা উচিত।’ আনহাতে শাসক দলৰ মন্ত্ৰী বিমল বড়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদমেলত অম্লানজ্যোতি হাতীবৰুৱাই সদৰি কৰে যে টিংখাং সমষ্টিৰ অন্তৰ্গত পিঠাগুটি গাওঁ পঞ্চায়তৰ বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা প্ৰাক্তন সভাপতি জীতেন তাঁতীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কালি আদালতে তেওঁক জামিনত মুক্তি দিয়ে। তেখেতে বিজেপি দলৰ পৰা পঞ্চায়তৰ সভাপতি হিচাপে পাঁছ বছৰ কাৰ্যকাল সুকলমে পাৰ কৰাৰ পিছত বিজেপি দলৰ নীতি আদৰ্শ তথা জনবিৰোধী কাৰ্যৰ বিপক্ষে অৱস্থান গ্ৰহণ কৰি দল ত্যাগ কৰে। তেওঁ আম আদমি পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ আপত যোগদান কৰে। আপত যোগদানৰ পিছত তেখেতৰ ওপৰত প্ৰভাৱশালী মন্ত্ৰী তথা টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই পুলিচ প্ৰশাসনৰ ক্ষমতাৰ অপব্যৱহাৰ প্ৰয়োগ কৰি ভুৱা গোচৰ জাপি জীতেন তাঁতীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু টিংখাং আপৰ কৰ্মকৰ্তা সকলৰ সততা তথা উদ্যোমৰ কাৰণে ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ পৰা  জামিন লাভ কৰে। আপৰ ৰাষ্ট্ৰীয় নেতা অৰবিন্দ কেজৰিৱালক ভুৱা গোচৰ জাপি দিয়াৰ দৰেই জীতেন তাঁতীৰ বিৰুদ্ধেও ভুৱা গোচৰত কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ চেষ্টা ব্যৰ্থ হ'ল।’

ইপিনে, সংবাদমেলত ৰাজ্যত বনাঞ্চল ধ্বংসৰ ফলত সৃষ্টি হোৱা ভয়াবহ পৰিবেশক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈয়ে। ৰাজ্য চৰকাৰৰ ধ্বংসমুখী উন্নয়নমূলক কাম কাজৰ বিৰুদ্ধে সৰৱ দলৰ মুখপাত্ৰ পুনম গগৈয়ে কয়,‘২০০০ চনৰ পৰা অসমত ২,৬৯০ বৰ্গ কিঃমিঃ বনাঞ্চল ধ্বংস কৰা হৈছে। গ্লোবেল ফৰেষ্ট ৱাটচ্ ৰ তথ্য অনুসৰি ৰাজ্যখনত বিগত ২২ বছৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস কৰা হৈছে। ইয়াৰ ভয়ংকৰ প্ৰভাৱ তথা নেতিবাচক ফল অসমবাসীয়ে ভুগিবলগীয়া হৈছে৷’ আনহাতে, শেহতীয়া ভাৱে উন্নয়নৰ নামত হোলোঙাপাৰ গিবন অভয়াৰণ্যত ধ্বংস যজ্ঞ আৰম্ভ হৈছে। আপুৰুগীয়া হলৌ বান্দৰৰ বিচৰণভূমি গিবনত চলা ধ্বংস যজ্ঞ শীঘ্ৰেই বন্ধ কৰিবলৈ পুনম গগৈয়ে দাবী জনায়। তেওঁ কয়,‘পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ স্বাৰ্থত চৰকাৰে গিবন অভয়াৰণ্যৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰা উচিত।  বনাঞ্চল ধ্বংসৰ জৰিয়তে সৃষ্টি হোৱা পৰিস্থিতিয়ে জীৱন ধাৰণৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সকলোৱে লক্ষ্য কৰিছে যে যোৱা কেইটামান দিনত ৰাজ্যত হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ বহুকেইগৰাকী লোকৰ মৃত্যু হৈছে। পৰিবেশ ধ্বংসৰ ফলত এই দৰে সাধাৰণ মানুহে আজি মৃত্যক আকোঁৱালি লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কৰ্মস্থলীত বহুতো শ্ৰমিক হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ অসুস্থ হোৱা পৰিলক্ষিত হৈছে। পৰিবেশ ধ্বংসৰ ফলত তথা  অস্বাভাৱিক গৰমৰ প্ৰকোপত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ এক কালীন সাহায্য আগবঢ়াবলৈ আম আদমী পাৰ্টিয়ে চৰকাৰক দাবী জনাইছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু