--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া শাৰদীয় বতৰ৷ শাৰদীয় বতৰ মানেই দুৰ্গা পূজা৷ ভাৰতৰ ভিন্ন প্ৰান্তত এতিয়া দুৰ্গা পূজাৰ উচাহ-উলাহৰ ঢৌ৷ কেৱল ভাৰততে নহয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো দুৰ্গা পূজা উলহ-মালহকৈ উদযাপিত হৈছে৷ বাংলাদেশত এতিয়া গুঞ্জৰিত হৈছে ঢাকৰ শব্দ৷ ডাঙৰ ডাঙৰ হোৰ্ডিংৰে শাৰদীয় দুর্গা পূজাৰ শুভেচ্ছা জনাইছে বাংলাদেশ চৰকাৰে। ঠায়ে ঠায়ে তােৰণ আৰু আলােক সজ্জাৰে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে।

বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত অৱস্থিত অতি পুৰণি তথা ঐতিহাসিক ঢাকেশ্বৰী মন্দিৰত এতিয়া দুৰ্গা পূজাৰ ব্যাপক আয়োজন। কোনাে দেশী-বিদেশী পৰ্যটক বাংলাদেশৰ ৰাজধানী ঢাকালৈ গ’লে ঢাকেশ্বৰী মন্দিৰ দৰ্শন নকৰাকৈ নাহে। ঢাকেশ্বৰী মন্দিৰ এক ঐতিহাসিক ধর্মীয় প্রতিষ্ঠান,যি বাংলাদেশৰ কেন্দ্রীয় মন্দিৰ হিচাপে পৰিগণিত হৈছে। দুৰ্গা পূজাৰ সময়ত ঢাকেশ্বৰী মন্দিৰলৈ অগণন লোক আহে পূজা দিবলৈ নতুবা দর্শন কৰিবলৈ।

বর্তমান বাংলাদেশৰ জনসংখ্যা প্রায় ১৬.৫ কোটি। তাৰ ভিতৰত ইছলামধর্মী লােক সংখ্যা প্রায় ৯০ শতাংশ আৰু হিন্দুসকলৰ সংখ্যা প্রায় ১০ শতাংশ। বিগত বহু বছৰ ধৰি বাংলাদেশত দুৰ্গা পূজা উদযাপিত হৈ আহিছে৷ এই পূজা পালনত কোনাে ধৰণৰ বাধা-বিঘিনি বা অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হােৱা নাই দেশখনত। দুৰ্গা পূজাভাগি সুন্দৰকৈ সমাপন হবলৈ হিন্দু-মুছলমান সকলোৱে মিলি কষ্ট কৰে তথা আগবঢ়ায় সহযোগিতা৷ যোৱা বছৰ বাংলাদেশত ৩০ হাজাৰ ২১৩ ভাগ পূজা হৈছিল আৰু এইবাৰ পূজাৰ সংখ্যা বৃ্দ্ধি পাইছে ইছলামিক দেশখনত৷ ২০২১ বৰ্ষত বাংলাদেশত দুৰ্গা পূজাৰ সংখ্যা ৩২ হাজাৰ ১১৮৷ এই কথাই প্ৰমাণ কৰে যে বাংলাদেশত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ বান্ধোন অটুট আছে৷ হিন্দুসকলৰ ধৰ্মীয় পৰম্পৰাক জীয়াই ৰাখিবলৈ বাংলাদেশ চৰকাৰ আৰু ইছলামধর্মী লােকসকলে পূর্ণ সহায়-সহযােগিতা আগবঢ়াই আহিছে।

বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ হাছান মাহমুদে কয় যে, "হিন্দু-মুছলমান-বৌদ্ধ-খ্ৰীষ্টানসকলৰ মিলিত তেজৰ প্ৰবাহৰ বিনিময়ত আমাৰ দেশখন বৈচিত্ৰময় হৈ আছে। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ওলাই আহি অ-সাম্প্ৰদায়িক বাঙালীসকলৰ বাবে এখন ৰাজ্য স্থাপন কৰিবলৈ আমাৰ দেশ সৃষ্টি কৰা হৈছে। সকলো ধৰ্মৰ মূল কথা হৈছে-‘জনসাধাৰণৰ কল্যাণ।’ কিছুমান ধৰ্মই আনকি জীৱৰ কল্যাণৰ কথাও কৈছে। যদি আমি আমাৰ হৃদয়ত ধৰ্মৰ মূল কথাক অনুধাৱন কৰিবলৈ চেষ্টা কৰো, তেন্তে পৃথিৱীখন অধিক শান্ত হ'ব। কিন্তু পৃথিৱীত আমি দেখিছোঁ যে ধৰ্মৰ বহুত ভুল ব্যাখ্যা কৰা হৈছে। ভুল ব্যাখ্যাৰ দ্বাৰা মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰা হৈছে। সেইকাৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তত হিংসাৰ সৃষ্টি হয়। কিন্তু কোনো ধৰ্মই মানুহক হিংসাৰ কথা কোৱা নাই। সেয়েহে আমি হিন্দুসকলৰ ধৰ্মীয় আস্থাৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ প্ৰতিটো উৎসৱতে সহযোগিতা আগবঢ়াই আহিছো৷’’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement