--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা বাংলাদেশৰ কেইবাটাও হিন্দু মন্দিৰত কেইজনমান ইছলাম ধৰ্মাৱলম্বী লোকে চলাইছিল ধ্বংসলীলা। যি কথাই বাংলাদেশৰ লগতে ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজয়া দশমীৰ দিনা বাংলাদেশৰ মন্দিৰত আক্ৰমণ চলাইছিল মৌলবাদীয়ে। বাংলাদেশৰ নোৱাখালিত থকা ইস্কন মন্দিৰত দুস্কৃতিকাৰীয়ে তাণ্ডৱ চলাইছিল। ইস্কন মন্দিৰৰ পূজাৰ সা-সামগ্ৰীৰ লগতে অন্যান্য কিছুমান প্ৰয়োজনীয় সা-সামগ্ৰী জ্বলাই দিছিল। কেৱল সেয়াই নহয় মন্দিৰত থকা ভক্তকো প্ৰহাৰ কৰিছিল ইছলাম দুস্কৃতিকাৰী দলটোৱে। পাৰ্থ দাস নামৰ এজন লোকে হেৰুৱায় প্ৰাণ

অষ্টমীৰ দিনাও বাংলাদেশৰ কুমিল্লাৰ বহু পূজা মণ্ডপ, মন্দিৰ তথা মূৰ্তি ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছিল। তাৰপাছতে বাংলাদেশৰ ২২খন জিলাত বিজিবি বাহিনী মোতায়েন কৰা হয়।

ইতিমধ্যেই বাংলাদেশ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ইমামসহ ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ লগত জড়িত কোনো লোক সাৰি নাযাব বুলি সদৰী কৰিছে আৰক্ষীয়ে।দেশখনত শেহতীয়াকৈ সাম্প্ৰদায়িক সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত ৪জন লোক নিহত হৈছে।

হিন্দুৰ ওপৰত মুছলমানে কৰা আক্ৰমণক লৈ গৰজি উঠিছে বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰাফিয়াৎ ৰছিদ মিথিলা। ছ'চিয়েল মিডিয়াত বাংলাদেশৰ মৌলবাদী শক্তিক উদ্দেশ্য কৰি মিথিলাই লিখিছে— ''ধৰ্মৰ নামত লুণ্ঠন বন্ধ হওঁক। ঘৃণাৰ ব্যৱসায় বন্ধ হওঁক। সকলোৰে ওপৰত মানুহ আৰু মানৱতা, এয়াই সত্য হওঁক। ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ আৰু শান্তিপূৰ্ণ পৃথিৱী গঢ়াটো আমাৰ কৰ্তব্য।''

বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী ৰাফিয়াৎ ৰছিদ মিথিলা

বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে মৌলবাদী শক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ কথাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে আৰু মানৱীয় অনুভূতিশীল মানুহক সুখী কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ