--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি বাৰু কিমান দামী চাহ খায়? আপুনি বাৰু বিশ্বৰ কোন কোন ঠাইৰ চাহৰ সোৱাদ লৈ পাইছে। ৭ লাখ টকীয়া চাহ খাই পাইছেনে আপুনি? যদি পাইছে তেন্তে নিশ্চয়কৈ আপোনাৰ নাম উঠিব বিশ্বৰ ধনকুবেৰৰ নামৰ তালিকাত। শুনিবলৈ আচৰিত যেন লাগিলেও একাপ চাহৰ দাম সঁচাকৈয়ে ৭ লাখ টকা। যি চাহৰ এক গ্ৰামৰ দাম সোণৰ এক গ্ৰামতকৈ ৩০গুণতকৈয়ো অধিক।সেয়ে এই একাপ চাহৰ দামেই ৭লাখ টকাতকৈয়ো বেছি। বিশ্বৰ অত্যন্ত দামী এই চাহৰ নাম ‘দ্য হং পাও’(Da Hong Pao) বিশ্বত এই চাহবিধ 'Big Red Robe' নামেৰে জনপ্ৰিয়। চীনত পোৱা যায় বিশ্বৰ আটাইতকৈ দামী চাহবিধ।

চীনৰ ফুজিয়ান প্ৰদেশৰ উয়ি পৰ্বতত উৎপাদন হয় অতি বিৰল প্ৰজাতিৰ এই চাহ। তিনিশ বছৰ ধৰি চীনত এই চাহৰ খেতি হৈছে। সমগ্ৰ বিশ্বৰ ভিতৰত অকল চীনতহে এই চাহৰ ছয় ডাল গছ আছে। ইয়াক চাহৰ ৰজা বুলি কোৱা হয়। এই চাহৰ ১কেজিৰ দাম প্ৰায় ৮কোটি ৩০লাখ টকা। এই দামী চাহত আছে কেফেইন, থিঅ’ফিলিন, পলিফেনলছ তথা ফ্ল্যাবোনয়ড। স্বাস্থ্যৰ বাবে এইবোৰ অত্যন্ত উপকাৰী। এই চাহ নিয়মিত পান কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰাৰ লগতে ছাল উজ্জ্বল হৈ থাকে। বিশুদ্ধ পানীৰে মাটিৰ পাত্ৰত এই চাহ বনোৱা হয়। সুগন্ধিৰ বাবেও ইয়াৰ দাম ইমান বেছি।

যিয়ে এই চাহৰ খেতি কৰি আছে তেওঁলোকে প্ৰজন্ম প্ৰজন্ম ধৰি ইয়াৰ ব্যৱসায় কৰি আহিছে। তেওঁলোকৰ এক বিশেষ বাৰ্ষিক ৰীতি-নীতি আছে। বসন্তকালত তেওঁলোকে পৰ্বতলৈ যায় আৰু চাহৰ ঈশ্বৰ বুলি গণ্য কৰা লু য়ুলৈ চাহৰ খেতি ভাল হবলৈ প্ৰাৰ্থনা জনায়। চাহৰ পাতবোৰ অলপ ডাঙৰ হোৱাৰ লগে লগে ছাগলীৰ গাখীৰেৰে মচি দিয়া হয়। ইয়াৰ পাছত চাহৰ পাতবোৰক মু্ক্তমনে বাঢ়িবলৈ এৰি দিয়া হয়। চাহৰ পাত যিমানে ডাঙৰ হয়, সিমানেই ইয়াক সুন্দৰ আৰু সোৱাদযুক্ত বুলি গণ্য কৰা হয়। দা হং পাওৰ ঔষধি মূল্য যথেষ্ট বেছি।

জনশ্ৰুতি অনুসৰি মিং সাম্ৰাজ্যৰ এগৰাকী সম্ৰাটৰ মাতৃ খুব অসুস্থ হৈ পৰিছিল, তেতিয়া তেওঁ এই চাহৰ দ্বাৰা আৰোগ্য হৈছিল। সম্ৰাটগৰাকী তেতিয়া এই চাহৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল। তেওঁ কৈছিল চাহৰ জোপোহাবোৰ দেখাত এনে লাগে যেন ধুনীয়া ৰঙা পোছাক পিন্ধি আছে। সেয়েহে তেওঁ এই চাহৰ নাম ৰাখে ‘দ্য হং পাও’ যাৰ অৰ্থ ৰঙা ৰঙৰ ডাঙৰ পোচাক। যদি আপুনি সঁচাকৈয়ে ‘দ্য হং পাও’ৰ সোৱাদ ল’বলৈ বিচাৰে তেন্তে আপুনি যাব লাগিব লণ্ডনত অৱস্থিত ৰয়েল চাইনা ক্লাবলৈ আৰু একাপ চাহ খাবৰ বাবে আপুনি লক্ষাধিক টকা খৰচ কৰিবলৈ সাজু থাকিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু