--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি বাৰু কিমান দামী চাহ খায়? আপুনি বাৰু বিশ্বৰ কোন কোন ঠাইৰ চাহৰ সোৱাদ লৈ পাইছে। ৭ লাখ টকীয়া চাহ খাই পাইছেনে আপুনি? যদি পাইছে তেন্তে নিশ্চয়কৈ আপোনাৰ নাম উঠিব বিশ্বৰ ধনকুবেৰৰ নামৰ তালিকাত। শুনিবলৈ আচৰিত যেন লাগিলেও একাপ চাহৰ দাম সঁচাকৈয়ে ৭ লাখ টকা। যি চাহৰ এক গ্ৰামৰ দাম সোণৰ এক গ্ৰামতকৈ ৩০গুণতকৈয়ো অধিক।সেয়ে এই একাপ চাহৰ দামেই ৭লাখ টকাতকৈয়ো বেছি। বিশ্বৰ অত্যন্ত দামী এই চাহৰ নাম ‘দ্য হং পাও’(Da Hong Pao) বিশ্বত এই চাহবিধ 'Big Red Robe' নামেৰে জনপ্ৰিয়। চীনত পোৱা যায় বিশ্বৰ আটাইতকৈ দামী চাহবিধ।

চীনৰ ফুজিয়ান প্ৰদেশৰ উয়ি পৰ্বতত উৎপাদন হয় অতি বিৰল প্ৰজাতিৰ এই চাহ। তিনিশ বছৰ ধৰি চীনত এই চাহৰ খেতি হৈছে। সমগ্ৰ বিশ্বৰ ভিতৰত অকল চীনতহে এই চাহৰ ছয় ডাল গছ আছে। ইয়াক চাহৰ ৰজা বুলি কোৱা হয়। এই চাহৰ ১কেজিৰ দাম প্ৰায় ৮কোটি ৩০লাখ টকা। এই দামী চাহত আছে কেফেইন, থিঅ’ফিলিন, পলিফেনলছ তথা ফ্ল্যাবোনয়ড। স্বাস্থ্যৰ বাবে এইবোৰ অত্যন্ত উপকাৰী। এই চাহ নিয়মিত পান কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰাৰ লগতে ছাল উজ্জ্বল হৈ থাকে। বিশুদ্ধ পানীৰে মাটিৰ পাত্ৰত এই চাহ বনোৱা হয়। সুগন্ধিৰ বাবেও ইয়াৰ দাম ইমান বেছি।

যিয়ে এই চাহৰ খেতি কৰি আছে তেওঁলোকে প্ৰজন্ম প্ৰজন্ম ধৰি ইয়াৰ ব্যৱসায় কৰি আহিছে। তেওঁলোকৰ এক বিশেষ বাৰ্ষিক ৰীতি-নীতি আছে। বসন্তকালত তেওঁলোকে পৰ্বতলৈ যায় আৰু চাহৰ ঈশ্বৰ বুলি গণ্য কৰা লু য়ুলৈ চাহৰ খেতি ভাল হবলৈ প্ৰাৰ্থনা জনায়। চাহৰ পাতবোৰ অলপ ডাঙৰ হোৱাৰ লগে লগে ছাগলীৰ গাখীৰেৰে মচি দিয়া হয়। ইয়াৰ পাছত চাহৰ পাতবোৰক মু্ক্তমনে বাঢ়িবলৈ এৰি দিয়া হয়। চাহৰ পাত যিমানে ডাঙৰ হয়, সিমানেই ইয়াক সুন্দৰ আৰু সোৱাদযুক্ত বুলি গণ্য কৰা হয়। দা হং পাওৰ ঔষধি মূল্য যথেষ্ট বেছি।

জনশ্ৰুতি অনুসৰি মিং সাম্ৰাজ্যৰ এগৰাকী সম্ৰাটৰ মাতৃ খুব অসুস্থ হৈ পৰিছিল, তেতিয়া তেওঁ এই চাহৰ দ্বাৰা আৰোগ্য হৈছিল। সম্ৰাটগৰাকী তেতিয়া এই চাহৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল। তেওঁ কৈছিল চাহৰ জোপোহাবোৰ দেখাত এনে লাগে যেন ধুনীয়া ৰঙা পোছাক পিন্ধি আছে। সেয়েহে তেওঁ এই চাহৰ নাম ৰাখে ‘দ্য হং পাও’ যাৰ অৰ্থ ৰঙা ৰঙৰ ডাঙৰ পোচাক। যদি আপুনি সঁচাকৈয়ে ‘দ্য হং পাও’ৰ সোৱাদ ল’বলৈ বিচাৰে তেন্তে আপুনি যাব লাগিব লণ্ডনত অৱস্থিত ৰয়েল চাইনা ক্লাবলৈ আৰু একাপ চাহ খাবৰ বাবে আপুনি লক্ষাধিক টকা খৰচ কৰিবলৈ সাজু থাকিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ