--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ মুখ্য উপাদান। কাৰণ দুৱাৰেৰেই ঘৰত প্ৰৱেশ কৰিব পাৰি। ঘৰৰ দুৱাৰ সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয় কথা । তদুপৰি দুৱাৰ সংখ্যা আদিৰ কথাও থাকে। ঘৰত থকা মুঠ দুৱাৰ বা দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। 

অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হ'ব পাৰে।ঘৰৰ মুখ্য দুৱাৰ সদায় ভিতৰৰ পিনৰ পৰা খোলাৰ ব্যৱস্থা থাকিব লাগে। ঘৰৰ মুখ্য দ্বাৰ ঘৰৰ মধ্যস্থলত ৰাখিব নালাগে।


মুখ্য দ্বাৰৰ সন্মুখত কোনো ডাঙৰ গছ অথবা দেৱাল আদি থাকিব নালাগে। ঘৰৰ মুখ্য দ্বাৰ এখনেই হ'ব লাগে। একেদৰে ঘৰৰ পৰা ওলোৱা  বা প্ৰস্থান কৰা দুৱাৰো এখনেই হ'ব লাগে।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই।

ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে। ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে । 

ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগে । ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক
৭৫ বছৰ! কাক লক্ষ্য কৰি মন্তব্য মোহন ভাগৱতৰ
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ