--°C
Loading...
Listen to Article
2 min read
80%
আমাৰ মাজত এনে কিছু মানুহ থাকে যিয়ে আনৰ জীৱনক লৈ অত্যন্ত ব্যস্ত হৈ থাকে। তেওঁ 'নিজে কি কৰিছে' সেই কথাতকৈ 'আনে কি কৰিছে' সেই কথাক লৈ বেছি ব্যস্ত থাকে। এনে মানুহে সাধাৰণতে আনৰ ভাল-বেয়া বিচাৰ কৰোতে ইমানেই সময় পাৰ কৰে যে ফলত নিজৰ জীৱনত নেতিবাচকতা বাঢ়ি বাঢ়ি গৈ থাকে। নেতিবাচকতা বাঢ়ি গৈ থকা মানে জীৱনে সুখ কি পাহৰি পেলায়। যি ফালেই চায় সেইফালেই তেওঁ কেৱল দোষ,ভুল আদি নেতিবাচক দিশবোৰেই দেখা পায়। এনে হোৱাৰ ফলত ক্ষতি আনৰ নহয়, ক্ষতি হয় নিজৰ। ইয়াৰ বাবেই বহুত মানুহ খিংখিঙীয়া, মানসিকভাৱে ভাৰাক্ৰান্ত, মানসিক চাপ, ঈৰ্ষাপৰায়ণ আদি বহুতো সমস্যাৰ সন্মুখীন হ’বলৈ ধৰে। নেতিবাচক মন এটা কঢ়িয়াই লৈ ফুৰা মানে নিজৰ শাৰিৰীক আৰু মানসিক স্বাস্থ্যত কুপ্ৰভাৱ পৰে। আপোনাৰো যদি বৰ্তমান এনে অৱস্থা চলি আছে তেন্তে ইয়াত আমি এনে কিছুমান কথা ক’ম যাৰ সহায়ত আপুনি নিজকে সলনি কৰিব পাৰিব। জীৱনত মাত্ৰ কেইটামান দিশক গুৰুত্ব দিলেই আপুনি আপোনাৰ জীৱনত সুখী আৰু ইতিবাচকভাৱে জীয়াই থাকিবলৈ আৰম্ভ কৰিব। আহকচোন জানো কি কি। 

১) নিজকে প্ৰশ্ন কৰক- নিজকে প্ৰশ্ন কৰক। এই পৃথিৱীলৈ কি মই আনৰ কথা ভাবিবলৈ আহিছো নেকি? মোৰ নিজৰ জীৱনতকৈ কিয় মই আনৰ জীৱনৰ কথা বেছিকৈ ভাবিবলৈ লৈছো। আনে কি কৰিছে, আনে কি খাইছে, আনে ক'ত গৈছে আদি কথাবোৰতে মই মূৰ ঘমাই থাকিলে মোৰ জীৱনত কি লাভ হ'ব নে কিবা উন্নতি হ'ব? মই আনৰ কথা তেতিয়াহে ভাবিম যেতিয়া এয়া ইতিবাচক হ'ব, কেনেকৈ মই আনৰ দুখ দূৰ কৰিব পাৰিম, কেনেকৈ মই আনৰ চকুলো মচিব পাৰিম আদি কথাবোৰতহে মই আনৰ কথা ভাবিম। 

২) আপোনাৰ চৌপাশে ইতিবাচক পৰিৱেশ গঢ়ি তোলক-যিসকল লোকে আপোনাৰ লগত গুৰুত্বপূৰ্ণ কথা পাতে, নানা ভাল তথ্য শ্বেয়াৰ কৰে বা আপোনাক প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে আপুনি তেনে লোকৰ লগত অধিক সময় কটাওক। এনে ইতিবাচক মানুহবোৰৰ লগত যিমান পাৰি সিমান সময় কটাওক, তেওঁলোকৰ সৈতে মন খুলি কথা পাতক। ইয়াৰ লগে লগে নেতিবাচক কথা কোৱা লোকসকলৰ পৰা আঁতৰত থাকক। যিয়ে আনৰ কথা পাতি আপোনাৰ লগত সময় পাৰ কৰে সেইজন লোকে আনৰ আগতো আপোনাৰ কথা কৈ সময় পাৰ কৰিব। গতিকে আপুনি কেনে মানুহৰ সান্নিধ্যৰে নিজৰ জীৱনটো জীয়াব বিচাৰে সেয়া নিজে চিন্তা কৰি চাওক। যদি ইতিবাচক মানুহৰ সান্নিধ্যত আপুনি জীৱন কটায়, আপুনি নিজে নিজৰ পৰিৱৰ্তন দেখিবলৈ পাব। 

৩) আপোনাৰ হাতত থকা বস্তুবোৰৰ বাবে কৃতজ্ঞ হওক- মানুহে প্ৰায়ে কয় যে মোৰ এই বস্তুটো থাকিলে ভাল আছিল বা আনৰ বস্তুবোৰ দেখি মোৰ এই বস্তুটো কিয় নাই আদি কথাবোৰ চিন্তা কৰি নিজৰ মনটো নিজে বেয়া লগাই থাকে। আপুনি এটা কথা ভাবক যে আপোনাৰ যি যি আছে সেয়া আন বহুতৰে নাই। আপোনাৰ ওচৰত থকা বহু বস্তুৰ বাবে মানুহে হাবথুৰি খায়। আনলৈ নহয় নিজলৈ চাওক যে আপোনাৰ কি কি আছে। আপোনাৰ ওচৰত যি আছে সেয়া আকাশৰ পৰা সৰি পৰা নাই বা বতাহত উৰি অহা নাই। আপোনাৰ লগত থকা বস্তবোৰো আপুনি নিজে হাচিল কৰিছে বা আপোনাৰে পৰিয়ালৰ কোনো লোকে কষ্ট কৰি অৰ্জন কৰিছে। গতিকে আপোনাৰ ওচৰত থকা প্ৰতিটো বস্তুৰ প্ৰতি কৃতজ্ঞ হ'বলৈ শিকক। 
 
৪) নিজকে পাহৰি নাযাব- নিজক পাহৰি নাযাব। আশাবাদী হ'বলৈ শিকক। যিকোনো পৰিস্থিতিত নিজৰ যত্ন লবলৈ নাপাহৰিব। এনে অৱস্থাত নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়ক। অলপকৈ সময় উলিয়াই ব্যায়াম কৰক, খোজকাঢ়ক। শাৰীৰিক স্বাস্থ্যৰ লগে লগে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটোও অতি জৰুৰী। ফুল পুলি ৰোৱক, বাৰীতে শাক-পাচলি ৰোৱক, গান শুনক, গান গাবলৈ চেষ্টা কৰক, নাচিবলৈ শিকক, মনৰ আনন্দেৰে নাচক, যোগভ্যাস কৰক, ঘৰখন পৰিপাটিকৈ সজাওক, সুস্বাদু খাদ্য ৰান্ধিবলৈ চেষ্টা কৰক, হাতৰ নানা কাম কৰিবলৈ যত্ন কৰক, যাৰ লগত কথা পাতিলে আপোনাৰ মনটো এনেই ভাল লাগি যায় তেনে মানুহৰ সৈতে কথা পাতক। সকলো সময়তে আনৰ খবৰবোৰৰ হিচাপ ৰখাতকৈ আপুনি যদি এই সৰু সৰু কামবোৰেৰেও নিজকে ব্যস্ত ৰাখে তেন্তে ই আপোনাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ ৰাখি মনলৈ প্ৰশান্তি আনিব। 

৫) দিনটো সঠিকভাৱে আৰম্ভ কৰক- আপুনি যিদৰে পুৱাটো আৰম্ভ কৰে, সেই ধৰণে আপোনাৰ দিনটোৰ বাকী সময়খিনি পৰিচালিত হয়। পুৱা উঠি ঈশ্বৰক ধন্যবাদ দিয়ক যে তেওঁ আপোনাক পুনৰ এটি নতুন দিন দিলে। নতুন দিন মানেই জীৱনৰ আন এক শুভৰাম্ভণি। আজিৰ দিনটোতে আপুনি কিবা নহয় কিবা আৰম্ভ কৰিব পাৰে, যিবোৰ আপুনি বহু দিনৰ পৰা ভাবি আছে। বিচনাৰ পৰা নমাৰ পূৰ্বেই আপুনি দীঘলকৈ উশাহ-নিশাহ লওক। প্ৰকৃতিৰ সৈতে অলপ সময় কটাওক। বাগিচাৰ সেউজীয়া, ফুলকেইপাহক নয়ন জুৰাই চাওক। চোতালত খেলি থকা চৰাইকেইটালৈ প্ৰাণভৰি চাওক। মূৰ তুলি মুকলি আকাশখন চাওক। মানসিক চাপমুক্ত পুৱাৰে দিনটো আৰম্ভ কৰিলে প্ৰায়ে গোটেই দিনটোত মানসিক চাপ কম হয়।

৬) ছ'চিয়েল মিডিয়াৰ আসক্তি কমাওকঃ ছ'চিয়েল মিডিয়াত আনৰ জীৱনটো বেছিকৈ পৰিস্ফূত হয়। আনৰ জীৱনৰ প্ৰতি বেছিকৈ ধ্যান ৰখাতকৈ আপুনি ছ'চিয়েল মিডিয়া এনেকৈ ব্যৱহাৰ কৰক যাতে আপোনাৰ পৰা কিবা নহয় কিবা এটা ইতিবাচক বাৰ্তা মানুহে পায়। ভালবোৰ বিলাব পাৰিলে আপোনালৈকে ই দুগুণ ভাল হৈ উভতি আহিব। পুৱা শুই উঠিয়েই ছ'চিয়েল মিডিয়াত বিচৰণ কৰাৰ পৰা বিৰত থাকক। ই মনটো কেতিয়াবা নানা ধৰণে বিক্ষিপ্ত কৰি পেলায়। গতিকে শুই উঠিয়েই নানা নঞাৰ্থক বিক্ষিপ্ত চিন্তাৰে নিজকে ভাৰাক্ৰান্ত কৰি নল'ব। অদৰকাৰী পোষ্টবোৰত যিবোৰ আপোনাৰ লগতে সমাজৰো কোনো কামত নাহে তেনে পোষ্টবোৰত কোনো প্ৰতিক্ৰিয়া নকৰিব। নিজৰ শান্তি নিজে বৰ্তাই ৰাখিব জানিলেহে আপুনি সুখী হ'ব পাৰিব। ঠিক একেদৰে ৰাতি শুৱাৰ এঘণ্টা বা আধাঘণ্টা পূৰ্বৰে পৰা ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক। মনত ৰাখিব সঠিক টোপনিয়েহে আপোনাৰ পুৱাটো সতেজ কৰে।

এইবোৰ তেনে সৰু সৰু কথা কিন্তু কিছুমান সৰু সৰু কথায়েও আমাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। গতিকে কৰি চাওকচোন, কিজানি আপোনাৰ জীৱন ধাৰণৰ প্ৰণালী দেখি আন মানুহো আপোনাৰ দ্বাৰা অনু্প্ৰাণিত হয়। 

কস্তুৰী বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ