--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগছে সদায় প্ৰদূষণ ৰোধ কৰি মানুহক সুস্বাস্থ্য প্ৰদান কৰিছে। কেৱল সেয়াই নহয়, গছে মানুহক সূৰ্যৰ উত্তাপৰ পৰা ৰক্ষা কৰাৰ লগতে নানান প্রাকৃতিক বিপর্যয়ৰ পৰা ৰক্ষা কৰি আহিছে।

গছে সদায় পৰিৱেশ শীতল কৰি ৰাখে। সেইবাবেই মানৱ জীৱনত গছৰ ভূমিকা অতি বেছি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সেয়ে ঘৰৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰৰ চৌপাশে গছ ৰোপণ কৰিব লাগে বুলিয়েই যিকোনো দিশত যিকোনো গছ ৰোপণ কৰিলে তাৰ শুভ ফল লাভ নহ'বও পাৰে। গছ ৰোপণৰ ক্ষেত্ৰত যদি সঠিক দিশ নির্বাচন শুভৰ পৰিৱৰ্তে অশুভ ফলহে লাভ হ'ব। সেইবাবে গছ ৰোপণৰ সময়ত বাস্তুবিধি মানি চলাটো উচিত। 

বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিম দিশে বট  গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি  গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে। 

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে। 

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

 অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে। এনেদৰে গছ ৰোপন কৰিলে শুভফল লাভ হ’ব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত ৩৫৮২টা, পাকিস্তানত ৩৩৪টা সংখ্যালঘু উৎপীড়নৰ ঘটনা
ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' নির্বাচিত
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী ; কোন হয় আটাইতকৈ ধনী ক্ৰিকেটাৰ ?
গেৰুকামুখ প্রকল্প বিপজ্জনক বুলি স্বীকাৰ কেন্দ্ৰৰ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতীয় বায়ুসেনাই ধ্বংস কৰিছিল পাকিস্তানৰ ৬খন যুঁজাৰু বিমান!  বায়ুসেনাৰ মুৰব্বীৰ দাবী
নিষিদ্ধ চেং মাছক কেন্দ্ৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিমানবন্দৰ
এচিয়া কাপ ২০২৫ৰ স্থান ঘোষণা এচিচিৰ ; ডুবাইত অনুষ্ঠিত হ'ব ভাৰত-পাকিস্তানৰ মেচ
অহা সপ্তাহত মুম্বাইত ভাৰতৰ প্ৰথমটো চাৰ্জিং ষ্টেচন মুকলি কৰিব টেছলাই
সুধাকণ্ঠ স্মাৰক মুদ্রাক লৈ সামাজিক মাধ্যমত বিতর্ক
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ