--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌভাগ্যৰ প্ৰতীক গল্ড ফিছ। বহুতে আজিকালি ঘৰত, কাৰ্যালয় আদিত একুৱাৰিয়াম ৰাখে। এনে একুৱাৰিয়ামত দেশী-বিদেশী বিভিন্ন ধৰণৰ মাছ ৰখা হয়। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাটো শুভনে অশুভ? ফেংছুয়ে কি কয়? একুৱাৰিয়ামত গ’ল্ড ফিছ ৰাখিলে গৃহস্থৰ মংগল হয়। 

গ'ল্ডফিছ আৰু ডলফিন হৈছে সৌভাগ্যৰ প্ৰতীক। এই দুইবিধ প্ৰাণীৰ দেহৰ পৰা সকলো সময়তে শুভ শক্তি নির্গত হয়। যি শক্তিয়ে গৃহস্থৰ কল্যাণ সাধনত সহায় কৰে। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাৰ কেতবোৰ নিয়ম আছে। এটা একুৱাৰিয়ামত মুঠ নটা গ'ল্ডফিছ ৰাখিব লাগে। ইয়াৰে এটা গ'ল্ডফিছ ক’লা হোৱাৰ লগতে বাকীকেইটা ৰঙা বা সোণালী ৰঙৰ হ'ব লাগে।

 গ'ল্ডফিছ থকা একুৱাৰিয়ামটো সঠিক স্থানত স্থাপন কৰিলেহে গৃহস্থই শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গ’ল্ডফিছ থকা একুৱাৰিয়াম সাধাৰণতে মানুহ বহা ঘৰৰ পূৱ, দক্ষিণ-পূব নাইবা উত্তৰ দিশে ৰাখিব লাগে । এনে একুৱাৰিয়াম কেতিয়াও ৰান্ধনীশাল, স্নানাগাৰ অথবা শোৱনি কোঠাত ৰাখিব নালাগে ৷ ঘৰৰ ভিতৰৰ পৰা মূল দুৱাৰৰ সোঁপিনে কেতিয়াও গ’ল্ডফিছ থকা একুৱাৰিয়াম ৰাখিব নালাগে। 

সেই স্থানত একুৱাৰিয়াম ৰাখিলে ঘৰত নানানধৰণৰ অমংগল হয়। যদি একুৱাৰিয়ামত থকা গ'ল্ডফিছৰ মৃত্যু ঘটে তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। গ'ল্ডফিছৰ মৃত্যুৱে গৃহস্থৰ কেতবোৰ দুৰ্ভাগ্যক লগত লৈ যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে গ'ল্ডফিছৰ মৃত্যুত চিন্তিত নহৈ পুনৰ আন গ'ল্ডফিছ আনি সেই ঠাই পূৰাব লাগে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
হাড়ৰ বিষ আৰু দুৰ্বলতাৰ পৰা মুক্তি পাবলৈ কি কৰিব লাগে? এই স্বাস্থ্যকৰ অভ্যাসবোৰ গ্ৰহণ কৰক
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা