--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌভাগ্যৰ প্ৰতীক গল্ড ফিছ। বহুতে আজিকালি ঘৰত, কাৰ্যালয় আদিত একুৱাৰিয়াম ৰাখে। এনে একুৱাৰিয়ামত দেশী-বিদেশী বিভিন্ন ধৰণৰ মাছ ৰখা হয়। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাটো শুভনে অশুভ? ফেংছুয়ে কি কয়? একুৱাৰিয়ামত গ’ল্ড ফিছ ৰাখিলে গৃহস্থৰ মংগল হয়। 

গ'ল্ডফিছ আৰু ডলফিন হৈছে সৌভাগ্যৰ প্ৰতীক। এই দুইবিধ প্ৰাণীৰ দেহৰ পৰা সকলো সময়তে শুভ শক্তি নির্গত হয়। যি শক্তিয়ে গৃহস্থৰ কল্যাণ সাধনত সহায় কৰে। একুৱাৰিয়ামত গ'ল্ডফিছ ৰখাৰ কেতবোৰ নিয়ম আছে। এটা একুৱাৰিয়ামত মুঠ নটা গ'ল্ডফিছ ৰাখিব লাগে। ইয়াৰে এটা গ'ল্ডফিছ ক’লা হোৱাৰ লগতে বাকীকেইটা ৰঙা বা সোণালী ৰঙৰ হ'ব লাগে।

 গ'ল্ডফিছ থকা একুৱাৰিয়ামটো সঠিক স্থানত স্থাপন কৰিলেহে গৃহস্থই শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। গ’ল্ডফিছ থকা একুৱাৰিয়াম সাধাৰণতে মানুহ বহা ঘৰৰ পূৱ, দক্ষিণ-পূব নাইবা উত্তৰ দিশে ৰাখিব লাগে । এনে একুৱাৰিয়াম কেতিয়াও ৰান্ধনীশাল, স্নানাগাৰ অথবা শোৱনি কোঠাত ৰাখিব নালাগে ৷ ঘৰৰ ভিতৰৰ পৰা মূল দুৱাৰৰ সোঁপিনে কেতিয়াও গ’ল্ডফিছ থকা একুৱাৰিয়াম ৰাখিব নালাগে। 

সেই স্থানত একুৱাৰিয়াম ৰাখিলে ঘৰত নানানধৰণৰ অমংগল হয়। যদি একুৱাৰিয়ামত থকা গ'ল্ডফিছৰ মৃত্যু ঘটে তেন্তে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। গ'ল্ডফিছৰ মৃত্যুৱে গৃহস্থৰ কেতবোৰ দুৰ্ভাগ্যক লগত লৈ যায় বুলি বিশ্বাস কৰা হয়। সেইবাবে গ'ল্ডফিছৰ মৃত্যুত চিন্তিত নহৈ পুনৰ আন গ'ল্ডফিছ আনি সেই ঠাই পূৰাব লাগে ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত