--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে ফ্লেটৰ নিৰ্মাণৰ সময়ত এনেবোৰ কথালৈ মন দিব লাগে। ফ্লেক্টৰ আকাৰ আয়তাকাৰ বা বর্গাকাৰ হ'ব লাগে। বর্গাকাৰ স্থানত নিৰ্মাণ কৰা ফ্লেটসমূহৰ আকাৰো বর্গাকাৰ হ'ব লাগে।
প্ৰতিটো ফ্লেট স্নানাগাৰ তথা শৌচাগাৰ উত্তৰ-পশ্চিম দিশত হ'ব লাগে। ফ্লেটৰ ভিতৰত মন্দিৰৰ বাবে উত্তৰ-পূব দিশত স্থান নির্ণয় কৰিব লাগে। ফ্লেটৰ ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত থাকিব লাগে। ৰান্ধনীশাল উত্তৰ- পূব দিশত যাতে স্থাপন কৰা নহয় সেই কথাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। প্রয়োজন হ'লে উত্তৰ পশ্চিম দিশটো ৰান্ধনীশাল স্থাপন কৰিব পাৰি। কিন্তু ৰান্ধনীশাল স্থাপনৰ উপযুক্ত দিশ হৈছে দক্ষিণ-পূব দিশ।

শোৱনি কোঠা ফ্লেটত সদায় দক্ষিণ পশ্চিম দিশত স্থাপন কৰিব লাগে। ইয়াৰ উপৰি উত্তৰ পূব, উত্তৰ অথবা পূব দিশতো বিছনা স্থাপন কৰিব পাৰি। এটা কথালৈ সদায় মন কৰিব লাগে যে ফ্লেট মধ্যভাগ যাতে সম্পূর্ণ মুকলিকৈ ৰখা হয়। ফ্লেটৰ মধ্যভাগত কোনো ধৰণৰ ওজনযুক্ত বস্তু ৰাখিব নালাগে । মধ্যভাগ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে।
ফ্লেক্টৰ মালবস্তু থোৱা গুদামঘৰ সদায় দক্ষিণ পশ্চিম দিশত অথবা মধ্য পশ্চিম দিশত স্থাপন কৰিব লাগে।
ফ্লেটত যাতে সুন্দৰভাৱে বতাহ আৰু পোহৰ প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে ফ্লেটৰ পূব আৰু উত্তৰ দিশ নাইবা উত্তৰ-পূব দিশত উপযুক্ত ভেণ্টিলেচনৰ ব্যৱস্থা কৰিব লাগে ।ফ্লেট দক্ষিণ-পূব দিশত কিছু ওজনযুক্ত বস্তু ৰাখিব লাগে। ২০০-৫০০ কিলোগ্ৰাম ওজনৰ বস্তু সদায় দক্ষিণ-পশ্চিম কোণত ৰাখিলে যথেষ্ট সুফল লাভ কৰিব পাৰি ।
প্ৰতিটো ফ্লেটৰ ঘৰৰ প্ৰধান দুৱাৰ যাতে ভিতৰৰ পৰা খুলিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে ।
ফ্লেটৰ দুৱাৰ স্বয়ংক্রিয়ভাৱে খোল খোৱা অথবা জাপ খোৱা হ'ব নালাগে । এনে যান্ত্রিক দুৱাৰে নানান ধৰণৰ অপায়-অমংগল মাতি আনে।

ফ্লেক্টৰ দুৱাৰ কেতিয়াও দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব নালাগে ।
ফ্লেটৰ চৌহদৰ ভিতৰত নলীনাদ, বৰিং আদি সদায় উত্তৰ-পূব, পূব বা উত্তৰ দিশত স্থাপন কৰিব লাগে ।
ফ্লেক্ট জলাধাৰ উত্তৰ-পূব, পূব বা উত্তৰ দিশত থাকিব লাগে। জলাধাৰ কেতিয়াও দক্ষিণ পূব কোণত স্থাপন কৰিব নালাগে।
ফ্লেক্টৰ উত্তৰ আৰু পূব দিশ দুটা যথাসম্ভৱ মুকলিকৈ ৰাখিব লাগে ।
ফ্লেক্টৰ উত্তৰ আৰু পশ্চিম দিশত গছ-গছনি ৰোপণ কৰিব লাগে। গছ-গছনিৰ ভিতৰত ওখ কনক চম্পা, নাৰিকল আদি গছ হ'ব পাৰে।

ফ্লেক্টৰ বৰ্জিত পানী ওলাই যাব পৰা নলা দক্ষিণ পশ্চিম বা উত্তৰ পশ্চিম দিশত স্থাপন কৰিব লাগে ।
নলা পশ্চিম বা দক্ষিণ পূব দিশটো স্থাপন কৰিব পাৰি। ফ্লেটৰ নলাৰ জলপ্রবাহ
যেন দক্ষিণৰ পৰা উত্তৰলৈ, পশ্চিমৰ পৰা পূবলৈ নাইবা উত্তৰ আৰু পূব দিশে গতি কৰে সেই কথালৈ মন দিব লাগে।
ফ্লেট বৈদ্যুতিক আহিলা আদি দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে ৷ ফ্লেটত প্ৰায়ভাগ মানুহৰেই নিজা নিজা গাড়ী থাকে। কম ওজনৰ সৰু গাড়ী উত্তৰ-পূব দিশত আৰু বেছি ওজনৰ ডাঙৰ গাড়ী পশ্চিম নাইবা উত্তৰ দিশৰ মাজভাগত ৰাখিব লাগে ।
ফ্লেটৰ ছিৰিৰ ৰেলিং দক্ষিণ, পশ্চিম বা দক্ষিণ পশ্চিম দিশত থাকিব লাগে। উত্তৰ পূব দিশত ফ্লেটৰ ছিৰিৰ ৰেলিং দিব নালাগে ।
ফ্লেক্টৰ মাজভাগ মুকলিকৈ ৰাখিব লাগে। যাতে সেই অংশত থিয় হৈ আকাশখন ভালদৰে দেখা পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন