--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বাস্তু শাস্ত্র অনুসৰি ঘৰ সজোৱা বা ঘৰখন ৰখাটো বিশেষ প্ৰয়োজনীয়৷ আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়। এনে সামগ্ৰী ঘৰখনত অভাৱ আৰু নাটনিয়ে নধৰা হোৱাৰ লগতে সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত হব লগা হয়। এনে ছবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া -

১/ বন্ধ কৰা পাছতো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হলে সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।

২/ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়া হলে তেনেকৈ বহুদিন নাৰাখিব। সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাহ লব। ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব।

৩/ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা আৰু বাহ নললেও ঘৰলৈ বাদুলিৰ আহ যাহ অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। ঘৰখনত সদায়ে কাজিয়া পেছাল লাগি থাকিব বুলি কোৱা হয়।

৪/ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব৷

৫/ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।
৬/মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই চাফা কৰিব। মন্দিৰৰ থাপনা বাদেই, মন্দিৰৰ অইন ঠাইটো, মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ ঘটিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া