--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বাস্তু শাস্ত্র অনুসৰি ঘৰ সজোৱা বা ঘৰখন ৰখাটো বিশেষ প্ৰয়োজনীয়৷ আপোনাৰ ঘৰখন আৰু ঘৰৰ চৌহদত এনে কিছুমান সামগ্ৰী আছে নেকি যাৰ দ্বাৰা বাস্তু শাস্ত্র অনুসৰি অমংগল বুলি ধৰা হয়। এনে সামগ্ৰী ঘৰখনত অভাৱ আৰু নাটনিয়ে নধৰা হোৱাৰ লগতে সকলোতে বিফলতা আৰু সমাজত সকলোৰে পৰা লাঞ্ছিত হব লগা হয়। এনে ছবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া -

১/ বন্ধ কৰা পাছতো টোপটোপ কৈ পানী পৰি থকা পানীৰ টেপ নাৰাখিব। এনে হলে সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনলৈ দৰিদ্ৰতা আহিব। এনে বস্তু থকা ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব। টোপ টোপকৈ হাতৰ পৰা ওলাই যাব। আৰু চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়।

২/ঘৰৰ দেৱাল বা চাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়া হলে তেনেকৈ বহুদিন নাৰাখিব। সোনকালে মেৰামতি কৰাই লব। নহলে ঘৰখনত অশুভ শক্তিয়ে বাহ লব। ধন, অৰ্থ, গৃহক প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব। ঘৰখনত অপাই অমংগল, কাজিয়া পেচালেৰে ভৰি পৰিব।

৩/ঘৰৰ চুকত বাদুলিৰ বাহ লোৱা আৰু বাহ নললেও ঘৰলৈ বাদুলিৰ আহ যাহ অমংগল। এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব। ঘৰখনত সদায়ে কাজিয়া পেছাল লাগি থাকিব বুলি কোৱা হয়।

৪/ঘৰত ভঙা চিঙা আইনা বা কাচৰ টুকুৰা, ভাঙি যোৱা বাল্ব, বটল আদি নাৰাখিব। আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদার্থ। ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে, ঘৰখনত অশুভ শক্তিৰে ভৰি পৰিব৷

৫/ঘৰত মকৰাৰ জাল বন্ধা অতি অশুভ। ঘৰখন মকৰা জালেৰে ভৰি থাকিলে, আহিব লগা ধন সম্পদ হাত লগাৰ আগেয়ে হেৰাই যাব। মকৰাই মেৰিয়াই মেৰিয়াই জাল দিয়াৰ দৰে, অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব। এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে।
৬/মন্দিৰৰ থাপনাত ফুল তুলসী দিলে পিছদিনা ৰাতিপুৱাই চাফা কৰিব। মন্দিৰৰ থাপনা বাদেই, মন্দিৰৰ অইন ঠাইটো, মোনা আদিতো বাহি হোৱা ফুল নাৰাখিব। নহলে আপোনাৰ ঘৰলৈ অশুভ শক্তিৰ প্ৰভাৱ ঘটিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ