ডিজিটেল ডেস্ক : ভাৰতৰ কোটি কোটি প্রিপেইড ম'বাইল ফ'ন উপভোক্তাৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰে টেলিকম অথৰিটী অব্ ইণ্ডিয়াৰ (ত্রাই) টেলিকম উপভোক্তা সংৰক্ষণ (ত্রয়োদশ সংশোধনী) নিয়ম কাৰ্যকৰী কৰিছে।
ইয়াৰ অধীনত এতিয়াৰ পৰা টেলিকম কোম্পানীসমূহে মাহেকৰ ২৮ দিনৰ পৰিৱৰ্তে ৩০ দিনৰ ৰিচাৰ্জ প্লেনৰ সুবিধা গ্রাহকক দিব লাগিব। বিজেপিৰ সাংসদ ৰাঘৱ চাদ্ধাই সামাজিক মাধ্যমত এই কথা প্রকাশ কৰে।
তেওঁ সামাজিক মাধ্যমত জনোৱা মতে, এতিয়া ম'বাইল ফ'নৰ ব্যৱহাৰকাৰীসকলে বছৰত ১৩ বাৰৰ পৰিৱৰ্তে ১২ বাৰ ৰিচাৰ্জ কৰিব লাগিব। ইয়াৰ উপৰি যিসকল উপভোক্তাক ডাটাৰ প্ৰয়োজন নাই তেওঁলোকে কেৱল ভইচ কল আৰু এছ এম এছৰ সুবিধা থকা প্লেনৰ বিকল্প লাভ কৰিব।
উল্লেখযোগ্য যে ২৮ দিনীয়া ভেলিডিটিৰ প্লেনৰ জৰিয়তে দূৰসংযোগ কোম্পানীসমূহে এবছৰত এমাহৰ অতিৰিক্ত ধন উচুল কৰি লয়। উল্লেখযোগ্য যে চাদ্দাই যোৱা ১১ মাৰ্চত সংসদত এই প্রসংগটো উত্থাপন কৰিছিল। তেওঁ চৰকাৰে লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে আৰু ইয়াক সাধাৰণ ৰাইজৰ জয় বুলি অভিহিত কৰে।
উৎস: দৈনিক জনমভূমি