--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলাৰ কিছুমাহ পিছতে সংঘটিত এই কৰুণ ঘটনাই ছিপাঝাৰৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।

ডিজিটেল ডেস্ক: মহানগৰীৰ জালুকবাৰীত সোমবাৰে নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ছিপাঝাৰৰ এজন যুৱকে প্ৰাণ হেৰুৱায়। নিশা পত্নীৰ সৈতে স্কুটীৰে খানাপাৰাৰ অভিমুখে গৈ থকা অৱস্থাত এখন দ্ৰুতগামী ছুইফট্‌ ডিজায়াৰ বাহনে তেওঁলোকৰ বাহনখনত তীব্ৰবেগে খুন্দা মৰে।


দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা যুৱকজন ছিপাঝাৰৰ বুঢ়াৰ নিবাসী বিশ্বজিৎ কলিতা বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত তেওঁৰ পত্নীগৰাকী কথমপি প্ৰাণৰক্ষা পৰে।


প্ৰাপ্ত তথ্য অনুসৰি, নিহত বিশ্বজিৎ কলিতা বিজুলী ভৱনৰ এগৰাকী অস্থায়ী কৰ্মচাৰী আছিল। মাত্ৰ ৭ মাহ পূৰ্বে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলাৰ কিছুমাহ পিছতে সংঘটিত এই কৰুণ ঘটনাই ছিপাঝাৰৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।


ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ