--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতৰ ঘৰৰ আলমাৰীত আইনা লগোৱা থাকে। সেয়া আপুনি নিশ্চয় দেখিছে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত থকা প্ৰতিটো বস্তুৱে কিছুমান বিশেষ অৰ্থ বহন কৰে। কিছুমান বস্তুৱে শুভ প্ৰভাৱ পেলায় আৰু কিছুমানে অশুভ প্ৰভাৱ পেলায়। আলমাৰীত আইনা থকা কথাটোৰ বিষয়ে বাস্তুশাস্ত্ৰই কি কয় জানো আহক।

আলমাৰীত আইনা থকাটো অশুভ

বাস্তুশাস্ত্ৰৰ মতে ৱাৰ্ডৰ’ব বা আলমাৰীৰ বাহিৰৰ অংশত আইনা থকাটো অশুভ। ইয়াৰ বাবে ঘৰত নেতিবাচকতা বৃদ্ধি পায় আৰু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে, যাৰ বাবে পৰিয়ালটো ঋণৰ ফান্দত আবদ্ধ হৈ পৰে। ইয়াৰ সমান্তৰালকৈ ভূমিকম্প, অগ্নিকাণ্ড বা আন কোনো দুৰ্যোগৰ ক্ষেত্ৰত কাঁচ ভাঙি সৰি পৰা আৰু আঘাত পোৱাৰ সম্ভাৱনা থাকে।

ঘৰত কেতিয়াও ভঙা আইনা নাৰাখিব

বাস্তু বিশেষজ্ঞৰ মতে যদি কোনো আইনা ভাঙি যায়, তেন্তে ঘৰত কেতিয়াও ৰাখিব নালাগে। এনে কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহত বাধা আহি পৰে আৰু অপশক্তিয়ে ঘৰত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে ঘৰৰ সদস্যসকলৰ মাজত বিবাদ আৰু পাৰস্পৰিক কাজিয়া আৰম্ভ হয়, যাৰ বাবে পৰিয়ালটো ভাঙিবলৈ বেছি সময় নালাগে।

হঠাতে আইনা এখন ভাঙি যোৱাটোৱেও আমাক কিছু ইংগিত দিয়ে। অৰ্থাৎ ঘৰত কিছু ডাঙৰ সমস্যা হবলৈ গৈ আছিল, যিটো এই আইনাখনত ডাইভাৰ্ট কৰি আপাততঃ ৰোধ কৰা হৈছে। এনে অৱস্থাত ভঙা আইনা ঘৰৰ পৰা বাহিৰলৈ পেলাই দিয়াই ভাল। এই কামটো নকৰিলে ইয়াৰ বেয়া পৰিণতিৰ সন্মুখীন হ’ব লাগিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ