--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃক্ক শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ। মানুহৰ শৰীৰত দুটা বৃক্ক থাকে। বৃক্কৰ কাম হ’ল তেজ পৰিষ্কাৰ কৰা আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ আঁতৰ কৰা। কিন্তু আজিকালি বিভিন্ন কাৰণত বিকল বিকল হোৱা দেখা যায়। এনে সময়তে আমি বৃক্কদানৰ কথাও শুনিবলৈ পাওঁ, কিন্তু বৃক্কদানৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ কথা আপুনি জানেনে? যদি নাজানে তেন্তে ইয়াত বৃক্কদানৰ নিয়ম, সাৱধানতা বিষয়ে জানো আহক।

 এটা বৃক্কৰে এজন ব্যক্তি জীয়াই থাকিব পাৰেনে?

স্বাস্থ্য বিশেষজ্ঞৰ মতে এজন ব্যক্তিয়ে যেতিয়া তেওঁৰ এটা বৃক্কদান কৰে তেতিয়া বাকী এটা বৃক্কৰে তেওঁ জীয়াই থাকিবলগীয়া হয়। এটা বৃক্কত আমাৰ শৰীৰে স্বাভাৱিকতকৈ অধিক কাম কৰিবলগীয়া হয়। ইয়াৰ বাবে এটা বৃক্কৰ কাৰ্য্যক্ষমতা বৃদ্ধি পায় আৰু এজন ব্যক্তিয়ে স্বাভাৱিকভাৱে জীৱন-যাপন কৰিব পাৰে। বিশেষজ্ঞৰ মতে একাংশ লোকৰ ক্ষেত্ৰত জন্মৰ পৰা মাত্ৰ এটা বৃক্কহে কাম কৰে আৰু তেওঁলোকে কোনো সমস্যা নোহোৱাকৈ সহজেই জীৱন-যাপন কৰিব পাৰে।

 একক বৃক্কয়ে কেনেদৰে কাৰ্য সম্পাদন কৰে?

যেতিয়াই বৃক্কদান কৰা হয় তেতিয়াই তাৰ বাবে এটা প্ৰক্ৰিয়া থাকে। বৃক্ক আঁতৰোৱাৰ অস্ত্ৰোপচাৰৰ বাবে লেপাৰস্কপিক কৌশল ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ৰক্তক্ষৰণ আৰু সংক্ৰমণৰ আশংকা বহু পৰিমাণে নগণ্য। বৃক্কদানৰ পাছত এমাহৰ পৰা তিনিমাহৰ ভিতৰতে বৃক্কদানকাৰীজন সুস্থ হৈ উঠিবলৈ সক্ষম হয়। অৱশ্যে তেওঁ বেছিদিন চিকিৎসালয়ত থাকিবলগীয়া নহয়। ইয়াৰ বিপৰীতে ঘৰতে থাকি জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। বৃক্কদানৰ পাছত যি আনটো বৃক্কৰ কাম বাঢ়ি যায়। কিন্তু এটা বৃক্কয়ে স্বাভাৱিকভাৱে কাম-কাজ কৰে। বৃক্কদান কৰাৰ পাছত বছৰত এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত।

 কিডনী দান কৰাৰ পাছত সমস্যা হয় নেকি?

স্বাস্থ্য বিশেষজ্ঞগৰাকীৰ মতে যদি কিডনী দাতাজন সুস্থ হয়, তেন্তে তেওঁ আৰু কোনো সমস্যাৰ সন্মুখীন নহয়। যদি ৩০ৰ পৰা ৪০ বছৰ বয়সৰ কিডনী দাতাজন একেবাৰে সুস্থ হয়, তেন্তে আগন্তুক ২০ৰ পৰা ২৫ বছৰত তেওঁৰ কোনো ধৰণৰ সমস্যা নহয়।

বৃক্কদানৰ নিৰ্দিষ্ট বয়স আছেনে?

বিশেষজ্ঞৰ মতে বৃক্কদান কৰিবলৈ প্ৰাপ্তবয়স্ক বয়সক আটাইতকৈ নিখুঁত বুলি গণ্য কৰা হয়। আগতে ৬০ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবে বৃক্ক গ্ৰহণ কৰা নাছিল যদিও এতিয়া দাতাৰ অভাৱত এই বয়সতো মানুহে বৃক্কদান কৰিব পাৰে। অৱশ্যে ইয়াৰ আগতে তেওঁৰ শৰীৰৰ সম্পূৰ্ণ পৰীক্ষা কৰা হয়।

বৃক্কদান কিমান নিৰাপদ?

বৃক্কদান কৰাৰ আগতে দাতা সম্পূৰ্ণ ফিট হয় নে নহয় শৰীৰৰ পৰীক্ষা কৰা হয়। যদি আপুনি ফিট আৰু কোনো গুৰুতৰ ৰোগ নাই তেন্তে আপুনিও বৃক্কদান কৰিব পাৰে। অৱশ্যে এই গোটেই প্ৰক্ৰিয়াটো অলপ বিপজ্জনক যদিও বৃক্কদান কৰাটো সম্পূৰ্ণ নিৰাপদ বুলি গণ্য কৰা হয়।

বৃক্কদান কৰাৰ পাছত সাৱধানতা-

১. ৬ সপ্তাহ অৰ্থাৎ বৃক্কদান কৰাৰ ডেৰ মাহলৈকে গধুৰ বস্তু উঠোৱাৰ পৰা বিৰত থাকিব লাগে।

২. এই সময়ত গধুৰ ব্যায়াম আৰু ক্ৰীড়া কাৰ্য্যকলাপ পৰিহাৰ কৰিব লাগে।

৩. দাতাই খাদ্য আৰু জীৱনশৈলীৰ বিশেষ যত্ন ল’ব লাগে।

৪. মদ, কেফেইন আৰু উচ্চ প্ৰটিনযুক্ত খাদ্যৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস