--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্লেকহেডৰ সমস্যাটো এটা অতি পৰিচিত সমস্যা। ছালখন ভালদৰে পৰিষ্কাৰ ফলত ছিদ্ৰবোৰত মলি আৰু তেল জমা হৈ পৰে আৰু ক’লা দাগ পৰিবলৈ আৰম্ভ কৰে। যেতিয়া মুখৰ চুলিৰ গুৰিত মৃত কোষ, মলি আৰু তেল জমা হৈ বন্ধ হৈ পৰে, যাৰ ফলত চুলিৰ গুৰিত ক’লা হৈ পৰে। ব্লেকহেডৰ সমস্যা প্ৰধানকৈ নাকত আৰু ওঁঠৰ তলৰ অংশত দেখা যায়।

 ব্লেকহেড বিভিন্ন ধৰণে আঁতৰাব পাৰি। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোক পাৰ্লাৰলৈ যায়, কোনোৱে বজাৰৰ পৰা ব্লেকহেড আঁতৰোৱা ষ্ট্ৰিপ কিনি ব্যৱহাৰ কৰে যদিও ক’লা দাগবোৰ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি। এনে অৱস্থাত ঘৰুৱা কিছুমান উপায় ব্যৱহাৰ কৰি কেনেকৈ ক’লা দাগৰ সমস্যা সহজে দূৰ কৰিব পৰা যায় জানো আহক।

 ক’লা দাগ দূৰ কৰা কিছুমান ঘৰুৱা উপায়-

 ১. মৌ আৰু কেঁচা গাখীৰ : এচামুচ মৌ আৰু এচামুচ কেঁচা গাখীৰ লৈ পেক বনাই অলপ গৰম কৰি ল’ব। তাৰ পাছত ঘন হ’লে ঠাণ্ডা কৰি নাক আৰু ডিঙিত লগাব। ইয়াৰ কিছু সময়ত পাছত শুকালে ধুই পেলাব। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ এই পদ্ধতি ব্যৱহাৰ কৰিব লাগে। মৌত এন্টি-মাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে ছালখনক সুস্থ কৰি তোলে।

২. অটমিল আৰু দৈ : অটছে স্ক্ৰাব কৰাত সহায় কৰে আৰু দৈয়ে ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। এই পেকটো বনাবলৈ ৪ গ্ৰাম ওটছ লৈ দুচামুচ দৈ দি কিছু সময় ৰাখিব। তাৰ পাছত ক’লা দাগ থকা ঠাইত লগাওক আৰু তাৰ পাছত ৫ মিনিটৰ বাবে মুখখন মালিচ কৰক। তাৰ পাছত এই পেকটো শুকালে ধুই পেলাব লাগে।

৩. মৌ আৰু দালচেনি : আধা চামুচ ডালচেনি গুড়ি দুচামুচ মৌৰ লগত মিহলাই নাকৰ ওপৰত আৰু চাৰিওফালে লগাব লাগে। তাৰ পাছত প্ৰায় ২০ মিনিটৰ পাছত ধুই পেলাওক।

৪. হালধি আৰু চন্দন : হালধিয়ে ব্ৰণৰ সমস্যাৰ লগতে ক’লা দাগ নিৰাময় কৰাত সহায় কৰে। এই পেকটো বনাবলৈ এচামুচ দৈ লৈ আধা চামুচ হালদি আৰু কেইটোপালমান চন্দন তেল বা অলপ চন্দন গুড়ি দিব। এতিয়া ভালদৰে মিহলাই মুখত লগাওক। শুকাই গ’লে পানীৰে ধুই পেলাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ