--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্লেকহেডৰ সমস্যাটো এটা অতি পৰিচিত সমস্যা। ছালখন ভালদৰে পৰিষ্কাৰ ফলত ছিদ্ৰবোৰত মলি আৰু তেল জমা হৈ পৰে আৰু ক’লা দাগ পৰিবলৈ আৰম্ভ কৰে। যেতিয়া মুখৰ চুলিৰ গুৰিত মৃত কোষ, মলি আৰু তেল জমা হৈ বন্ধ হৈ পৰে, যাৰ ফলত চুলিৰ গুৰিত ক’লা হৈ পৰে। ব্লেকহেডৰ সমস্যা প্ৰধানকৈ নাকত আৰু ওঁঠৰ তলৰ অংশত দেখা যায়।

 ব্লেকহেড বিভিন্ন ধৰণে আঁতৰাব পাৰি। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোক পাৰ্লাৰলৈ যায়, কোনোৱে বজাৰৰ পৰা ব্লেকহেড আঁতৰোৱা ষ্ট্ৰিপ কিনি ব্যৱহাৰ কৰে যদিও ক’লা দাগবোৰ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি। এনে অৱস্থাত ঘৰুৱা কিছুমান উপায় ব্যৱহাৰ কৰি কেনেকৈ ক’লা দাগৰ সমস্যা সহজে দূৰ কৰিব পৰা যায় জানো আহক।

 ক’লা দাগ দূৰ কৰা কিছুমান ঘৰুৱা উপায়-

 ১. মৌ আৰু কেঁচা গাখীৰ : এচামুচ মৌ আৰু এচামুচ কেঁচা গাখীৰ লৈ পেক বনাই অলপ গৰম কৰি ল’ব। তাৰ পাছত ঘন হ’লে ঠাণ্ডা কৰি নাক আৰু ডিঙিত লগাব। ইয়াৰ কিছু সময়ত পাছত শুকালে ধুই পেলাব। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ এই পদ্ধতি ব্যৱহাৰ কৰিব লাগে। মৌত এন্টি-মাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে ছালখনক সুস্থ কৰি তোলে।

২. অটমিল আৰু দৈ : অটছে স্ক্ৰাব কৰাত সহায় কৰে আৰু দৈয়ে ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। এই পেকটো বনাবলৈ ৪ গ্ৰাম ওটছ লৈ দুচামুচ দৈ দি কিছু সময় ৰাখিব। তাৰ পাছত ক’লা দাগ থকা ঠাইত লগাওক আৰু তাৰ পাছত ৫ মিনিটৰ বাবে মুখখন মালিচ কৰক। তাৰ পাছত এই পেকটো শুকালে ধুই পেলাব লাগে।

৩. মৌ আৰু দালচেনি : আধা চামুচ ডালচেনি গুড়ি দুচামুচ মৌৰ লগত মিহলাই নাকৰ ওপৰত আৰু চাৰিওফালে লগাব লাগে। তাৰ পাছত প্ৰায় ২০ মিনিটৰ পাছত ধুই পেলাওক।

৪. হালধি আৰু চন্দন : হালধিয়ে ব্ৰণৰ সমস্যাৰ লগতে ক’লা দাগ নিৰাময় কৰাত সহায় কৰে। এই পেকটো বনাবলৈ এচামুচ দৈ লৈ আধা চামুচ হালদি আৰু কেইটোপালমান চন্দন তেল বা অলপ চন্দন গুড়ি দিব। এতিয়া ভালদৰে মিহলাই মুখত লগাওক। শুকাই গ’লে পানীৰে ধুই পেলাব লাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু