--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত বাস্তুশাস্ত্ৰৰ এক সুকীয়া স্থান আছে। ধনাত্মক আৰু ঋণাত্মক শক্তিৰ ওপৰত আধাৰিত বাস্তুশাস্ত্ৰ। ধনাত্মক শক্তিয়ে ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বিপৰীতে ঋণাত্মক শক্তিয়ে জীৱনত বহু সমস্যা কঢ়িয়াই আনে। যদি ঘৰত বাস্তুদোষ থাকে, তেন্তে মানুহ সদায় মানসিকভাৱেও হতাশ হৈ পৰে। বিশেষকৈ যদি শোৱনি কোঠাৰ বাস্তুদোষ আছে, তেন্তে ই বিবাহিত জীৱনতো প্ৰভাৱ পেলাব পাৰে।

 বাস্তুশাস্ত্ৰৰ মতে শোৱনি কোঠাত ৰখা কিছুমান বস্তুৱে বিবাহিত জীৱনত বহুতো সমস্যা সৃষ্টি কৰে। গতিকে বিবাহিত জীৱনৰ সমস্যাবোৰ কেনেদৰে দূৰ কৰিব পাৰি জানো আহক।

 বিবাহিত জীৱনৰ বাবে বাস্তুৰ টিপছ-

১. ঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে শোৱা কোঠা। স্বামী-স্ত্ৰীয়ে ইয়াতে বেছিভাগ সময় কটায়, গতিকে ইয়াৰ বাস্তুৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজন। বাস্তুৰ মতে আপোনাৰ শোৱা কোঠাত খিৰিকী থাকিব লাগিব। ইয়াৰ ফলত ঘৰৰ ভিতৰলৈ ইতিবাচক শক্তি আহে, যাৰ ফলত স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্ৰভাৱ পৰে।

২. বাস্তুশাস্ত্ৰৰ মতে শোৱা কোঠাত ধুনীয়া ফুলৰ পাত্ৰ ৰাখিব লাগে। ইয়াক প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ই বিবাহিত জীৱনত প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ উপৰি এটা ধুনীয়া বাটিত স্ফটিক আৰু অলপ চাউল ৰাখিব পাৰে, এনে কৰিলে স্বামী-স্ত্ৰীৰ সম্পৰ্ক মধুৰ হয়।

৩. যদি স্বামী-স্ত্ৰীৰ মাজত দূৰত্ব বৃদ্ধি পায় তেন্তে শোৱা কোঠাত দুটা ৰঙা ৰঙৰ মমবাতি জ্বলাওক। ইয়াৰ ফলত দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় হ’ব। ইয়াৰ উপৰি শোৱনি কোঠাত কাঁচৰ পাত্ৰ এটাত সৰু সৰু শিল ৰাখিব লাগে। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত কোঠাটোত ধনাত্মক শক্তি সঞ্চাৰিত হয় আৰু স্বামী-স্ত্ৰীৰ মাজত মিলাপ্ৰীতি বাঢ়ে।

৪. বাস্তুশাস্ত্ৰৰ মতে পানী থকা ছবি শোৱনি কোঠাত ৰাখিব নালাগে কাৰণ ইয়াৰ ফলত স্বামী-স্ত্ৰীৰ মাজত স্থিতিশীলতা আহিব নোৱাৰে। ইয়াৰ সলনি চৰাইৰ ফটো লগালে দাম্পত্য জীৱন সুখৰ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী